(স্বাধীনতা দিৱস বিশেষ)
দেশপ্ৰেমৰ নতুন আৰু পৰিৱৰ্তিত ধাৰণা
নিবেদিতা হাজৰিকা,লখিমপুৰ
স্বদেশ প্ৰেম বা দেশপ্ৰেম হৈছে এক গভীৰ অনুভৱ, যিয়ে জীৱনৰ প্ৰতিটো দিশক স্পৰ্শ কৰে ।ই এনে এক বিশেষ আবেগ , যি জনগনক একত্ৰিত কৰে।দেশপ্ৰেমৰ নতুন ধাৰণা হ’ল ,নিজৰ দেশৰ প্ৰতি থকা গভীৰ মৰম আৰু শ্ৰদ্ধা ,যিয়ে দেশৰ উন্নতি আৰু জনসাধাৰণৰ মংগলৰ বাবে কাম কৰিবলৈ অনুপ্ৰাণিত কৰা।আমি বাস কৰা সমাজখন,দেশ খন ধুনীয়াকৈ ৰাখিবলৈ আমি কৰা প্ৰতিটো কামতেই লুকাই আছে দেশপ্ৰেম।ইয়াৰ লগত যে কেৱল ৰাজনৈতিক আনুগত্য ৰ বিষয়টোহে জড়িত হৈ থাকে এনে নহয়।বৰঞ্চ ইয়াৰ লগত সামাজিক, সাংস্কৃতিক তথা অৰ্থনৈতিক দিশটোও জড়িত হৈ থাকে।দেশপ্ৰেমৰ ভাবে নিজ দেশৰ সমাজৰ প্ৰতি দায়বদ্ধ হোৱাৰ লগতে সমাজৰ প্ৰতি দায়বদ্ধ হোৱাও বুজায়।দুখীয়া তথা পিছপৰা অঞ্চলৰ লোক সকলক সহায় কৰা, শিক্ষা আৰু দৈহিক সুস্থতা দিশৰ উন্নতি কৰা , সামাজিক ন্যায় তথা এজন নাগৰিকে আন এজন নাগৰিকৰ দুখ-দুৰ্দশাৰ বুজ লোৱা ও পাৰ্যমানে অলপ সহায় কৰা আদিৰ দৰে কাৰ্যকলাপ তথা বিষয় সমূহ সামৰি লয়।এক অৰ্থত এয়াও এক প্ৰকাৰ দেশপ্ৰেম।
আজিৰ যুগত দেশপ্ৰেমৰ অৰ্থ আৰু প্ৰয়োজন বহু পৰিমানে সলনি হৈছে।বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা তথা বিশ্বায়নৰ যুগত দেশপ্ৰেমৰ নতুন মাত্ৰা উদ্ভাৱন হৈছে। দেশৰ প্ৰতি থকা ভাল পোৱা প্ৰকাশিত কৰিবলৈ বহু পথ খোলা আছে।আন্দোলনকাৰী বা আন্দোলনকালীন দেশপ্ৰেমৰ স্বৰূপ সুকীয়া। এই ক্ষেত্ৰত আবেগ তথা কৌশল আদিৰ দৰে বিষয় সমূহে বা উপাদান সমূহে যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে।কান্ধত বন্দুক নোলোৱাকৈও , যুদ্ধ ক্ষেত্ৰলৈ নোযোৱাকৈও বা সীমান্তত প্ৰহৰী হিচাপে কৰ্মৰত নোহোৱাকৈও আমি দেশ খনৰ প্ৰতি থকা মৰম, ভাল পোৱা আদি প্ৰকাশ কৰিব পাৰো।দেশ প্ৰেমৰ ডাঙৰ – ডাঙৰ শ্লোগান নিদিয়াকৈও আমি এজন দেশপ্ৰেমিক হ’ব পাৰো।প্ৰত্যেক মানুহৰ মনত দেশপ্ৰেমৰ এটা ভাব থাকেই, কিন্তু ইয়াৰ প্ৰকাশ ভিন্ন । যি কৰ্মই আপোনা -মোক জনসাধাৰণৰ আৰু ওচৰলৈ লৈ যাব পাৰে সেই ধৰনৰ কৰ্ম বা সেৱাৰ দ্বাৰাও আমি দেশপ্ৰেমৰ ভাব প্ৰকাশ কৰিব পাৰো। স্মতব্য যে আমি প্ৰত্যেকেই নিজৰ -নিজৰ দায়িত্বখিনি নিষ্ঠাৰে পালন কৰিও এজন দেশপ্ৰেমিক হ’ব পাৰো।সকলোৰে বাবে সমতা, পৰিৱেশ সংৰক্ষণ,শিক্ষা তথা বিকাশ, আন্তৰ্জাতিক সহযোগিতা, সততা আৰু স্বচ্ছতা,সাংস্কৃতিক বুজা-বুজি, সামাজিক ন্যায় , সৃষ্টিশীলতা আৰু উদ্ভাৱন আদিৰ দৰে দিশ সমূহে সমাজ তথা দেশ এখনৰ উন্নতিত প্ৰভূত অৱদান আগবঢ়ায়। এই দিশ সমূহ বা বিষয় সমূহৰ উন্নতি বা বিকাশ সাধনৰ জৰিয়তেও আমি এজন সচেতন নাগৰিকৰ পৰিচয় দিব পাৰো। কিছুমান সাধাৰণ কামৰ জৰিয়তেও আমি দেশ খনৰ প্ৰতি থকা ভালপোৱাৰ ভাব প্ৰকাশ কৰিব পাৰো । নিজ কৰ্মৰ জৰিয়তে দেশ খনলৈ সুখ্যাতি কঢ়িয়াই অনা, নিজ দায়িত্ব -কৰ্তব্য আদি সুচাৰু ৰূপে পালন কৰা আদিতে নিহিত হৈ থাকে দেশপ্ৰেমৰ ভাব, দেশপ্ৰেমৰ চানেকি। এয়াই হৈছে দেশপ্ৰেমৰ নতুন ধাৰণা।
দেশপ্ৰেম এটা মহৎ গুণ। দেশবাসীৰ মনত জাগ্ৰত দেশপ্ৰেম অবিহনে এখন দেশ প্ৰগতিৰ পথত আগবাঢ়িব নোৱাৰে।দেশপ্ৰেমৰ নতুন ধাৰণা কেৱল এক বিশেষ ভুখণ্ড বা জাতিৰ প্ৰতি থকা অনুৰাগ নহয় ।ইয়াৰ পৰিসৰ বহুত ব্যাপক।ই কেৱল জাতীয় পতাকা উত্তোলন কৰা বা জাতীয় সংগীত পৰিৱেশন কৰাৰ মাজতে সীমাবদ্ধ নহয়।।উল্লেখ্য যে দেশপ্ৰেমৰ নতুন ধাৰণা বা দৃষ্টি ভংগীয়ে এক নতুন মাত্ৰা প্ৰদান কৰি এখন উন্নত সমাজ গঢ়াৰ বাবে নাগৰিক সকলক উৎসাহিত কৰে, য’ত সকলোৱে শান্তি আৰু সমৃদ্ধিৰে জীৱন নিব্জাহ সহায় কৰিবলৈ সক্ষম আৰু সহায়ক হয়। দেশপ্ৰেমৰ এই নতুন ধাৰণাটোৱে ব্যক্তিৰ মনত এক নতুন ধৰণৰ অনুভৱ জগাই তোলে। ই এক আনন্দ, গৌৰৱ তথা সন্তুষ্টিৰ অনুভূতি।দেশপ্ৰেমৰ পৰিৱৰ্তিত নতুন ধাৰণাই বিশ্বখনক এক উন্নত স্থানলৈ লৈ যোৱাত সহায়ক হৈ উঠিব।এই ধাৰণাটোৱে ব্যক্তি তথা সমাজ দুয়োটাকে সমৃদ্ধ কৰি তুলিবলৈ সক্ষম হয়।