লাচিত বৰফুকন পুলিচ একাডেমীত ৭০০ গোৱা আৰক্ষীৰ দীক্ষান্ত সমাৰোহ অনুষ্ঠিত
ৰঙিলী বাৰ্ত্তাসেৱা- দেৰগাঁওস্থিত লাচিত বৰফুকন পুলিচ একাডেমীত অনুষ্ঠিত হয় এক বিশেষ দীক্ষান্ত সমাৰোহ। এই দীক্ষান্ত সমাৰোহত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু গোৱাৰ মুখ্যমন্ত্রী প্রমোদ সাৱন্তে বিশেষভাৱে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে ২০২৪ বৰ্ষৰ অক্টোবৰ মাহতে অহা গোৱাৰ নৱনিযুক্ত আৰক্ষী জোৱানসকলে বিগত ৪৩ সপ্তাহ লাচিত বৰফুকন পুলিচ একাডেমীত প্রশিক্ষণ গ্ৰহণ কৰে। প্ৰশিক্ষণৰ অন্তত আজি এইসকল জোৱানৰ দীক্ষান্ত সমাৰোহ অনুষ্ঠিত হয় । গোৱাৰ সৰ্বমুঠ ৭০০ প্রশিক্ষার্থী আৰক্ষীৰ ভিতৰত ৫৬৯জন পুৰুষ আৰু ১৩১গৰাকী মহিলা আৰক্ষীয়ে এই সমাৰোহত অংশ লৈ আকর্ষণীয় কুচকাৱাজ প্ৰদৰ্শন কৰে। প্ৰশিক্ষণৰ জৰিয়তে একোগৰাকী সম্পূৰ্ণ আৰক্ষীত পৰিণত হৈ ১ম, ২য় আৰু ৩য় ইণ্ডিয়া ৰিজার্ভ বেটেলিয়নৰ অন্তৰ্গত এই ৭০০ গোৱা আৰক্ষী নিজ কর্মক্ষেত্ৰলৈ ৰাওনা হয়। অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি নৱনিযুক্ত আৰক্ষীসকলক কর্মজীৱনলৈ অভিনন্দন জনায়। ভাষণৰ আৰম্ভণিতে তেওঁ গোৱাৰ মুখ্যমন্ত্রী প্রমোদ সাৱন্তক আদৰণি জনায় আৰু প্ৰশিক্ষণৰ বাবে লাচিত বৰফুকন পুলিচ একাডেমীক নিৰ্বাচন কৰা বাবে গোৱা চৰকাৰৰ প্রতি কৃতজ্ঞতা প্রকাশ কৰে। এই পদক্ষেপে আন্ত:ৰাজ্যিক সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ অৰিহণা যোগাব বুলিও তেওঁ আশা প্রকাশ কৰে। লাচিত বৰফুকন পুলিচ একাডেমীত গোৱা আৰক্ষীৰ প্ৰশিক্ষণৰ সফল সমাপ্তিত তেওঁ গৌৱৱ অনুভৱ কৰা বুলিও ব্যক্ত কৰে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই গোৱাত কৰ্মৰত অসমৰ যুৱক-যুৱতীসকলক প্রতিটো মুহূর্ততে সহায়-সহযোগিতা আগবঢ়াবৰ বাবে আগ্রহ প্রকাশ কৰে। ভাষণত মুখ্যমন্ত্রীজনে অসম-গোৱা জাতীয় ঐক্য-সংহতিৰ এক সুন্দৰ মিলন বুলি অভিহিত কৰি অসমত মণিপুৰৰ পাছত আৰক্ষীক প্রশিক্ষণ দিয়া গোৱা দ্বিতীয় ৰাজ্যত পৰিণত হয় বুলি উল্লেখ কৰে। ই সঁচাকৈয়ে এক গৌৰৱৰ মুহূৰ্ত। কিয়নো আমি অসমত প্রশিক্ষণ ক্ষমতা সম্প্ৰসাৰণ কৰিব পাৰিছোঁ আৰু উত্তৰ প্ৰজন্মৰ নিৰাপত্তাৰক্ষীক সন্মানেৰে জাতিটোৰ সেৱা আগবঢ়াবলৈ প্ৰস্তুত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছোঁ। অসম সদায়ে এই সর্বোত্তম সেৱা আগবঢ়াবলৈ সাজু আছে আৰু সাজু থাকিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। ইপিনে, অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশ লোৱা গোৱাৰ মুখ্যমন্ত্রী ড° সাৱন্তে কয়, “সৰ্বপ্ৰথমে গোৱা চৰকাৰৰ তৰফৰ পৰা ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতে গোৱা চৰকাৰৰ অনুৰোধমৰ্মে অসম পুলিচ একাডেমীত গোৱা আৰক্ষীৰ ৭০০ জোৱানক যোৱা দহ মাহ ধৰি ৫৫০ গৰাকী পুৰুষ আৰু ১৫০ মহিলাক বহু সুন্দৰকৈ প্ৰশিক্ষণ প্ৰদান কৰিছে । তেখেতে বহু উন্নত মানৰ পুলিচ প্ৰশিক্ষণ একাডেমী তৈয়াৰ কৰিছ, যাৰ বাবে মই ভাবিছোঁ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰশিক্ষণৰ প্ৰয়োজন হ’লে অসম পুলিচ একাডেমীলৈ স্বাগতম ।”তেওঁ লগতে কয়, “আজি মোক মুখ্য অতিথি হিচাপে ইয়াত নিমন্ত্ৰণ জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ । এই কাৰ্যৰ জৰিয়তে অসম আৰু গোৱাৰ মাজত সম্বন্ধ আৰু মজবুত হৈছে আৰু গোৱাত যিসকল অসমীয়া লোক আছে তেওঁলোকৰ সৈতে ভাতৃত্ববোধেৰে গোৱাৰ জনসাধাৰণ থাকিব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেখা বিকশিত ভাৰতৰ বাবে এনেধৰণৰ আৰক্ষীৰ প্ৰশিক্ষণ বহু প্ৰয়োজন আছে ।” তেওঁ অসমবাসীক গোৱালৈ আমন্ত্রণ জনায়। প্ৰশিক্ষণৰ সময়ছোৱাত নিষ্ঠা আৰু পাৰদৰ্শিতা প্ৰদৰ্শনৰ বাবে আৰক্ষী জোৱানসকলক প্রশংসা কৰি মুখ্যমন্ত্ৰীজনে অনুশাসন, সততা আৰু জনসেৱাক মূল আধাৰ হিচাপে লৈ কৰ্মত ব্রতী হ’বলৈ নৱনিযুক্ত আৰক্ষী জোৱানক আহ্বান জনায়। লগতে অসমৰ কৰ্মৰত যুৱক-যুৱতীসকলক নিজৰ ভাতৃ-ভগ্নীৰ দৰে ব্যৱহাৰ কৰিবলৈ নৱনিযুক্ত আৰক্ষী কনিষ্টবলসকলক আহ্বান জনায়। অসম আৰু গোৱা আৰক্ষীৰ আৰক্ষী সঞ্চালকপ্রধানকে ধৰি উচ্চপদস্থ বিষয়া, নৱনিযুক্ত আৰক্ষী জোৱানসকলৰ পৰিয়ালৰ সদস্যকে ধৰি বিশিষ্ট লোকসকলৰ উপস্থিতিত অনুষ্ঠিত দীক্ষান্ত সমাৰোহত আদৰণী ভাষণ ৰাখি আৰক্ষী সঞ্চালকপ্ৰধান হৰমিৎ সিঙে কয় যে লাচিত বৰফুকন পুলিচ একাডেমীলৈ দেশৰ বিভিন্ন ৰাজ্যৰ আৰক্ষীসকল প্ৰশিক্ষণৰ বাবে অহাৰ লগতে ভূটান চৰকাৰেও ইয়াত আৰক্ষীক প্রশিক্ষণ দিবলৈ অনুৰোধ জনাইছে। এয়া অসমৰ বাবে এক ইতিবাচক খবৰ। উল্লেখযোগ্য যে ২০২৪ চনৰ ৪ অক্টোবৰত বিশেষ ৰে’লেৰে লাচিত বৰফুকন পুলিচ একাডেমীত উপস্থিত হোৱা গোৱা আৰক্ষীৰ জোৱানসকলে শাৰীৰিক ফিটনেছ, মানসিক শক্তিশালিতা, ফিল্ড কৌশল আৰু অস্ত্র পৰিচালনাৰ কঠোৰ প্ৰশিক্ষণ গ্রহণ কৰে। পুলিচ একাডেমীখনৰ বাবে এয়া এক ঐতিহাসিক ক্ষণৰূপে বিবেচিত হৈছে। যিহেতু অসম, মণিপুৰ আৰু গোৱাৰ আৰক্ষীয়ে একেলগে পুলিচ একাডেমীত প্রশিক্ষণ গ্ৰহণৰ সুবিধা লাভ কৰে। আন্তঃৰাজ্যিক পৰ্যায়ত বন্ধুত্ব আৰু পেছাদাৰী আদান-প্রদানৰ ক্ষেত্ৰত এই প্ৰশিক্ষণৰ বিশেষ গুৰুত্ব আছে বুলি বিবেচিত হৈছে। দীক্ষান্ত সমাৰোহ অনুষ্ঠানত আৰক্ষীৰ শপত গ্ৰহণ, আনুষ্ঠানিক মাৰ্চপাষ্ট, পুৰস্কাৰ বিতৰণ, পেন্থাৰ্ছ অন হুইলছ ইউনিটৰ বিশেষ প্ৰদৰ্শন আদিও অনুষ্ঠিত হয়। আজিৰ দীক্ষান্ত সমাৰোহে আন্তজার্তিক সৌহাদ্য আৰু সমন্বয়ক প্রতিফলিত কৰাৰ লগতে অসম আৰক্ষীৰ উৎকৃষ্ট প্রশিক্ষণ ক্ষমতা আৰু পৰিকাঠামোৰ সুস্পষ্ট আভাস দাঙি ধৰে। এই দীক্ষান্ত সমাৰোহত বিত্তমন্ত্রী অজন্তা নেওগ, কৃষিমন্ত্রী অতুল বৰা, দেৰগাঁও আৰু সৰুপথাৰৰ বিধায়ক ক্রমে ভৱেন্দ্ৰ নাথ ভৰালী, বিশ্বজিত ফুকন উপস্থিত থাকে।