জীৱনৰ ৰং – মানসী মিশ্ৰ

Pc Unsplash

জীৱনৰ ৰং

মানসী মিশ্ৰ

পশ্চিম আকাশৰ বেলিটিৰ
উত্তাপ মাৰ যায় প্ৰতিটো আবেলি
যিদৰে প্ৰতিটো দিনৰ ভাল লগা
বিলীন হয় প্ৰতিটো গধূলি বেলা
মনতে সাঁচি থোৱা ভাললগাবোৰে
মিলিব খোজে পুৰাণৰ সাধুবোৰৰ সতে
মোৰ  চেনেহৰ প্ৰতিটোপাল তেজে
ভাল লগাবোৰ কঢ়িয়াই নিয়ে ধমনিয়েদি
মোৰ ধমনীৰ প্ৰতিটোপাল তেজে
য’ত প্ৰতিধ্বনিত মনৰ মাজত সাঁচি ৰখা
ভাললগাৰ মাজত চেনেহৰ স্পদন
হয়তো এনেকৈয়ে বাজি থাকে হৃদয়ত
সেই চিনাকি ভাললগাৰ মধুৰ গুঞ্জণ।