মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পক সমালোচনা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ

মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পক সমালোচনা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ

ৰঙিলী বাৰ্ত্তাসেৱা-   মধ্যপ্ৰদেশৰ উমৰিয়াত অনুষ্ঠিত ভাৰত আৰ্থ মুভাৰ্ছ লিমিটেড(বিইএমঅল)ৰ ব্ৰহ্মা ৰে’ল নিৰ্মাণ কাৰখানাৰ আধাৰশিলা স্থাপন কৰি আমেৰিকাৰ বিৰুদ্ধে সৰৱ হৈ পৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। আমেৰিকাই আৰোপ কৰা অতিৰিক্ত শুল্কৰ বিৰুদ্ধে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক ‘সবকে বছ’ বুলি কটাক্ষ কৰি আমেৰিকাই ভাৰতৰ উন্নতি মানি ল’ব পৰা নাই বুলিও কয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। প্ৰতিৰক্ষা মন্ত্ৰী সিঙে দৃঢ়তাৰে কয় ভাৰতক মহাশক্তি হোৱাৰ পৰা কোনেও বাধা দিব নোৱাৰে। ভাৰত ইমান দ্ৰুতগতিত কেনেকৈ আগবাঢ়ি গৈছে সেয়া তেওঁলোকে অনুধাৱন কৰিব পৰা নাই। দেশখনৰ অগ্ৰগতি মানিবলৈও কুণ্ঠাবোধ কৰিছে নিজকে মহা শক্তিধৰ বুলি জ্ঞান কৰা আমেৰিকাই। আনকি ভাৰতত উৎপাদিত সামগ্ৰীৰ ব্যয়বহুল কৰাৰ প্ৰচেষ্টাও এইসকল লোকে কৰি আহিছে।ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে আমেৰিকাই ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাটো অন্যায় আৰু অযুক্তিকৰ বুলি কয় প্ৰতিৰক্ষা মন্ত্ৰী সিঙে।