ডিব্ৰুগড়ত ছাত্ৰ সন্থাৰ প্ৰতিবাদ: অবৈধ হিন্দু বাংলাদেশী নাগৰিক গোচৰ প্ৰত্যাহাৰৰ নিৰ্দেশনা প্ৰতিলিপি দাহ
এম হাছিম আলী, ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ন্যায়লয়ে অবৈধ হিন্দু বাংলাদেশী নাগৰিকত্ব গোচৰ প্ৰত্যাহাৰৰ নিৰ্দেশনা বিৰোধীতা কৰি ডিব্ৰুগড় জিলাৰ ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদসাব্যস্ত কৰে। ছাত্ৰ সন্থাই প্ৰতিলিপি দাহ কৰি ডিব্ৰুগড়ৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত এই প্ৰতিবাদ সাব্য সাব্যস্ত কৰে। বহু শতাধিক ছাত্ৰ সন্থাৰ কৰ্মী আৰু ৰাইজৰ উপস্থিতিত ন্যায়ালয়ৰ এই নিৰ্দেশনা প্ৰত্যাহাৰৰ দাবী উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত।বিজেপি চৰকাৰখনে যিবোৰ ভাল কাম কৰে ৰাইজে সহযোগ আগবাবঢ়ায় , ঠিক একেদৰেই বেয়া কামৰ ওপৰত চকু ৰাখে ৰাইজে।ডিব্ৰুগড় ছাত্ৰ সন্থাই সকীয়াই দিছে বিজেপি চৰকাৰখনে যি হিন্দু বাংলাদেশীক লৈ যি ৰ্বাতা প্ৰেৰণ কৰিছে হিন্দু বাংলাদেশী সকলৰ ২০১৪ চনৰ ন্যায়ালয়ত চলি থকা গোচৰ সমুহ প্ৰত্যাহাৰ কৰিবলৈ অসম চৰকাৰে জিলাই জিলাই প্রতি লিপি প্ৰেৰণ কৰিছে।ডিব্ৰুগড় ছাত্ৰ সন্থাই হিন্দু বাংলাদেশীক অসমৰ নাগৰিকত্ব দিয়াৰ ঘোৰ বিৰোধীতা কৰাৰ লগতে ডিব্ৰুগড়ৰ মাজমজিয়াত প্ৰতিলিপি দাহ কৰে।অসমৰ ৰাইজৰ লগতে ছাত্ৰ সন্থাই কোনো ক্ষেত্ৰত এই কথা মানি নোলোৱাৰ হুংকাৰ ছাত্ৰ সন্থাৰ । মুখ্যমন্ত্ৰীৰ ড০ হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত তেওঁৰ চৰকাৰখনে অসমৰ ৰাইজক গিনিপিগ বুলি ভাবিছে। চৰকাৰী মাটি দখল কৰা সকলক উচ্ছেদ কৰিছে সেয়া অসমৰ ৰাইজৰ লগতে ছাত্ৰ সন্থাই আদৰণি জনায় আৰু তাৰ অসম চৰকাৰক ধন্যবাদ জনাইছে।অসমৰ ৰাইজৰ অবৈধ মাটি দখল কৰা সকলক উচ্ছেদৰ সহানুভূতি লওঁতে লওঁতে মাজেদি হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়া যি ব্যৱস্থা হাতত লৈছে সেয়া অসমৰ ৰাইজৰ লগতে ছাত্ৰ সন্থাই কেতিয়াও মানি নলয় আৰু কেতিয়াও কাৰ্যকৰী হব নিদিয়ে বুলি ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা জানিবলৈ দিয়ে।