ৰঙিয়া ষ্টেচনত ৮০ কেজি ভাংসহ ২জনক গ্ৰেপ্তাৰ

ৰঙিয়া ষ্টেচনত ৮০ কেজি ভাংসহ ২জনক গ্ৰেপ্তাৰ 

ৰঙিলী বাৰ্ত্তাসেৱা– ৰঙিয়া ৰে’ল জংচনত ৰে’ল আৰক্ষীয়ে ৮০ কেজি গাঞ্জা জব্দ কৰাৰ লগতে দুজন সৰবৰাহকাৰীক কৰায়ত্ত কৰে। গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত চলোৱা অভিযানত জিআৰপিৰ দলটোৱে নামনিমুৱা অৱধ আছাম এক্সেপ্ৰছৰ এছ ৬ দবাৰ পৰা ৪টা ট্রলি বেগত থকা ৭৬টা প্লাষ্টিকৰ পেকেটত গাঞ্জা উদ্ধাৰ কৰে। আৰক্ষীয়ে জনোৱা মতে, জব্দ কৰা গাঞ্জাখিনিৰ বজাৰ মূল্য প্রায় ৪০ লাখ টকা। কৰায়ত্ত কৰা সৰবৰাহকাৰী দুজন হৈছে মণিপুৰৰ পূব ইম্ফল জিলাৰ খমাদক গাঁৱৰ তকবিৰ খান আৰু আফৰাজ পাঠান। তেওঁলোকে মণিপুৰৰ পৰা দিল্লীলৈ গাঞ্জাখিনি কঢ়িয়াই আনিছিল।