কাৰ্বি ছাত্ৰ- যুৱ পৰিষদৰ সংবাদ মেল
বেদখল কৰা কাৰ্যক সমৰ্থন
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী প্ৰেছ ক্লাবত কাৰ্বি ছাত্ৰ আৰু যুৱ পৰিষদেৰ যৌথভাৱে এখন সংবাদ মেল আয়োজন কৰে। যোৱা ৩০ তাৰিখৰ সংবাদ মেলত তেওঁলোকৰ দলীয়ভাৱে ৰাজ্যৰ বিভিন্ন জিলাৰ বেদখলত উচ্ছেদ কৰা কাৰ্য্যক সমৰ্থন জনায় যদিও অতি ক্ষোভেৰে প্ৰকাশ কৰে যে, জনজাতি অঞ্চল সমূহত আজি পৰ্য্যন্ত উচ্ছেদ সংক্ৰান্তত চৰকাৰে কোনো পদক্ষেপ লোৱা দেখা পোৱা নাই। কাৰ্বি আংলং বহু অঞ্চলত সন্দেহজনক নাগৰিকে PGR আৰু VGR দখল কৰি আছে। যি সকল লোক ভূমি পুত্ৰ নহয়, সেই সকল লোকৰ উচ্ছেদ কাৰ্য্য কেতিয়া হ’ব বুলি তেওঁলোকে চৰকাৰক আকৌ প্ৰশ্ন কৰে। উচ্ছেদ লগতে তেওঁলোকৰ অঞ্চলৰ বিভিন্ন সমস্যা সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীক সচিবালয়ত সাক্ষাৎ কৰি, KSYC, KAPPSA, ASDC(S), KYDA, KNA এই কেইটা সংগঠনে আকৌ এখন স্মাৰক পত্ৰ প্ৰদান কৰাৰ কথা সংবাদ মাধ্যমৰ আগত সদৰি কৰে। উল্লেখ থাকে যে, এই সন্দৰ্ভত আগতে বহুবাৰ প্ৰশাসনক অৱগত কৰিছে। তথাপিও চৰকাৰৰ কানসাৰ নাই কিয় বুলি প্ৰশ্ন কৰে। এই উচ্ছেদ চলোৱাৰ অন্তৰালত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক লাভ জৰিত হৈ আছে নেকি বুলি তেওঁলোকে সন্দেহ প্ৰকাশ কৰিছে। তেওঁলোকে আৰু জানিবলৈ দিয়ে যে, যদি আজি স্মাৰক পত্ৰ প্ৰদান কৰাৰ পিছত মুখ্যমন্ত্ৰীয়ে কোনো ব্যবস্থা গ্ৰহণ নকৰে তেন্তে বৃহৎ গণ আন্দোলন গঢ়ি তুলিব।এই সংবাদ মেলত, কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি লিৎসং ৰংফাৰ, যুৱ পৰিষদৰ সভাপতি সাৰ্চিং ইংলেং, এডিচন তকবি, মিনাৰচন ৰংপিকে আদি কেবাজনো ব্যক্তি উপস্থিত থাকে৷