সন্দেহযুক্ত বিদেশীক নাগৰিকত্ব প্ৰদান অবৈধ: অজাপ

সন্দেহযুক্ত বিদেশীক নাগৰিকত্ব প্ৰদান অবৈধ: অজাপ

ৰঙিলী বাৰ্ত্তাসেৱা- কা’ৰ অধীনত সন্দেহযুক্ত বাংলাদেশীক নাগৰিত্ব প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে চলোৱা প্ৰস্তুতিৰ তীব্ৰ বিৰোধিতা কৰিছে অসম জাতীয় পৰিষদে। দলটোৰ মতে, “কা’ এখন অবৈধ আইন। কা’ৰ অধীনত বিদেশীক নাগৰিকত্ব প্ৰদান মানি লব নোৱাৰি। কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কা’ই দিয়া ব্যৱস্থা সৱলীতকৈ আগবাঢ়ি গৈ নতুন ব্যৱস্থাৰে বিদেশীক নাগৰিকত্ব দিব খুজিছে। কা’ৰ অধীনত ডি ভোটাৰসকলৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰ কৰিব নোৱাৰি। কিয়নো কা’ৰ অধীনত সেইসকলকহে নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা আছে, যি নিজকে ‘ধৰ্মীয় কাৰণত অত্যাচাৰিত হৈ বাংলাদেশৰ পৰা পলায়ন কৰি অহা’ বুলি শপৎনামাযোগে ঘোষণা কৰিব। কিন্তু আমাৰ ইয়াত যিসকলৰ বিৰুদ্ধে ডি ভোটাৰ হিচাপে বিদেশী ন্যায়াধীকৰণত গোচৰ চলাই থকা হৈছে, তেওঁলোকে নিজকে বাংলাদেশৰ পৰা পলায়ন কৰি অহা বুলি কোৱাই নাই, বৰং ভাৰতীয় বুলিহে দাবী কৰি আহিছে। এনে অৱস্থাত আনকি কা’ৰ অধীনতো ডি’ ভোটাৰৰ গোচৰ প্ৰত্যাহাৰ কৰাৰ সুৰুঙা নাই। ” বিদেশী ন্যায়াধীকৰণত থকা হিন্দু বাংলাদেশীসকলৰ গোচৰসমূহ প্ৰত্যাহাৰ কৰিবলৈ ৰাজ্য চৰকাৰে যোঁ-জা কৰি থকা বুলি প্ৰকাশিত বাতৰি সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক প্ৰেছ বিজ্ঞপ্তিত কয় যে ভোটবেংকৰ স্বাৰ্থত হিমন্ত বিশ্ব শৰ্মাই সন্দেহযুক্ত নাগৰিকক ভাৰতীয় নাগৰিকত্ব দি অসমৰ ওপৰত বিদেশীৰ বোজা জাপি দিব বিচৰাৰ এইটো আন এটা প্ৰমাণ। উক্ত চৰকাৰী প্ৰস্তুতি কোনো অৱস্থাত মানি লোৱা নহয় বুলি উল্লেখ কৰি গগৈ আৰু ভূঞাই কয়, “কা’খন এখন অবৈধ আইন। কা’খন অসমৰ ৰাইজে মানি লোৱা নাই আৰু নলয়। কা’ৰ ভিতৰত চৰকাৰে কৰিবলগীয়া যিকোনো ৰাম অবৈধ আৰু অসমবাসীয়ে তেনে কাৰ্য্য কোনো অৱস্থাত মানি নলয়।”