আমচংত বনবিভাগৰ দ্বাৰা বৃক্ষ ৰোপণ কাৰ্যসূচী সম্পন্ন

আমচংত বনবিভাগৰ দ্বাৰা বৃক্ষ ৰোপণ কাৰ্যসূচী সম্পন্ন

ৰঙিলী বাৰ্ত্তাসেৱা- অসম চৰকাৰৰ বনবিভাগৰ আমচং বন্যপ্ৰাণী ৰেঞ্জৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে আমচং বনাঞ্চলৰ পাহাৰীয়া অঞ্চলত বিভিন্ন বন্যপ্ৰাণী আৰু পক্ষীকুলৰ সুবিধাৰ্থে শিলিখা, আমলখি, ভৈৰা, আম, কঠালৰ লগতে বিভিন্ন ধৰণৰ ফলমূলৰ গছ ৰোপণ কৰা হয়। এই বিশেষ কাৰ্যসূচীত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি আনুষ্ঠানিকভাৱে বৃক্ষ ৰোপন কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে অসম চৰকাৰৰ বন আৰু পৰিবেশ বিভাগৰ অন্তৰ্গত গ্ৰীণ গুৱাহাটী মিছনৰ প্ৰাক্তন সদস্য তথা আন্তজাৰ্তিক খ্যাতিমান খেলুৱৈ-সংগঠক কৈলাশ শৰ্মা আৰু বিশিষ্ট ক্ৰীড়া সংগঠক মনজিৎ ভাগৱতীয়ে। অনুস্থানৰ আৰম্ভণিতে দুয়োগৰাকী বিশিষ্ট অতিথিক ফুলাম গামোচাৰে আদৰনি জনায় আমচং বন্যপ্ৰাণী অভয়াৰণ্যৰ ৰেঞ্জ বিষয়া শ্ৰী মতী পাৰমিতা সিঙ আৰু উপ ৰেঞ্জ বিষয়া শ্ৰী ধ্ৰুৱজ্যোতি শৰ্ম্মাই। ভাষণ প্ৰসংগত কৈলাশ শৰ্মাই বৰ্তমান সমগ্ৰ বিশ্বতে জীৱশ্ৰেষ্ঠ কিছুসংখ্যক মানুহে বন্যাঞ্চল ধ্বংস কৰাৰ ফলত গ্লৱেল ৱাৰ্মিংৰ ফলত গ্ৰীণ হাউচ এফেক্টৰ ফলত মানৱৰ লগতে সমগ্ৰ জীৱকুলৰ মাজত দেখা দিয়া ভয়াবহ প্ৰতিকুল পাৰিপাৰ্শ্বিক বাতাবৰণৰ বিষয়ে উল্লেখ কৰি কয় যে, যদিহে নিজকে জীৱশ্ৰেষ্ঠ বুলি জহাই থকা মানুহে গছ বৃক্ষৰ ওপৰত অনাহকত অত্যাচাৰ বন্ধ নকৰে তেনেহলে সমগ্ৰ বিশ্বৰ লগতে আমাৰ ৰাজ্য তথা দেশৰ নাগৰিক সকলে শুদ্ধ অক্সিজেনৰ অভাৱত আগন্তুক দশকসমূহৰ ভিতৰত বিশ্বৰ বুকুৰ পৰা নিঃচিহ্ন হৈ পৰাৰ সম্ভাৱনা প্ৰকত হৈ পৰিব। গতিকে জাতি বৰ্ণ নিৰ্বিশেষে সকলো লোকে বনবিভাগৰ জৰিয়তেই অথবা নিজা উদ্যোগতে এতিয়াৰ পৰাই বৃক্ষ ৰোপণ কৰিবলৈ আৰম্ভ কৰক। ভাষণ প্ৰসংগত শ্ৰী শৰ্মাই কাৰ্যসূচীৰ ৰূপায়ন কৰা বাবে উপস্থিত বনবিভাগৰ বিষয়া আৰু কৰ্মচাৰী সকলৰ ভূয়সী প্ৰশংসা কৰে।