ডিব্ৰুগড়ত বেটি বচাও বেটি পঢ়াও আঁচনিৰ অধীনত “মানসিক স্বাস্থ্য” ৰ সম্পৰ্কে সজাগতা সভা

ডিব্ৰুগড়ত বেটি বচাও বেটি পঢ়াও আঁচনিৰ অধীনত “মানসিক স্বাস্থ্য” ৰ সম্পৰ্কে সজাগতা সভা

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- মহিলা আৰু শিশু উন্নয়ন বিভাগৰ জিলা সংকল্প: মহিলা সৱলীকৰণ কেন্দ্ৰ তথা ডিব্ৰুগড় জিলা প্ৰশাসন, শিক্ষা বিভাগ আৰু অসম চিকিৎসা মহাবিদ্যালয়ৰ সহযোগত বকুল উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰাংগনত কিশোৰ- কিশোৰী সকলৰ “মানসিক স্বাস্থ্য” সম্পৰ্কত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাৰ আদৰণি ভাষণ আগবঢ়ায় বকুল উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক হিৰণ্য কুমাৰ ৰাভাই আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় ডিব্ৰুগড় জিলাৰ সমাজ কল্যাণ বিষয়া প্ৰশান্ত বৰাই। এই সভাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকি অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডঃ ধ্ৰুৱজ্যোতি ভূঞাই কিশোৰ-কিশোৰী সকলৰ মানসিক স্বাস্থ্য আৰু ইয়াৰ বিকাশৰ সম্পৰ্কে গুৰুত্বপূৰ্ণ বক্তব্য দাঙি ধৰে। কিশোৰ -কিশোৰী সকলৰ মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত ল’ব লগা সাৱধানতা আৰু সজাগতা প্ৰসাৰৰ ক্ষেত্ৰত বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱকসকলে ল’ব লগা ভূমিকাৰ ওপৰত বক্তব্য ৰাখে। এই সভাত বিদ্যালয়খনৰ শিক্ষক -শিক্ষয়িত্ৰী, সংবাদ মাধ্যমৰ প্ৰতিনিধি আৰু জিলা সংকল্প মহিলা সৱলীকৰণ কেন্দ্ৰৰ কৰ্মকৰ্তা সকল উপস্থিত থাকে।