ৰাখী পূৰ্ণিমাৰ আৰু ভাতৃ -ভগ্নীৰ সম্পৰ্ক
অনামিকা (সংগীতা)কলিতা,শুৱালকুছি
ৰাখী পূৰ্ণিমা হিন্দু ধৰ্মৰ এক পৱিত্ৰ ধাৰ্মিক অনুষ্ঠান। আমাৰ হিন্দু সকলৰ মাজত এই এডাল সাধাৰণ ৰঙীন সূতাৰে হৃদয়ত আত্মীক সম্পৰ্ক স্থাপন কৰি আহিছে।
সেই ৰঙীন সূতাডালত সম্বন্ধৰ বিশ্বাসৰ ভেটি দুজন ব্যক্তিৰ মাজত স্থাপন হয় ।সেই ভাই ভনীৰ সম্পৰ্ক তেজৰো হ’ব পাৰে বা হৃদয়ৰ পৰা কৰোবাৰ লগত স্থাপন কৰা পৱিত্ৰ সম্পৰ্ক হ’ব পাৰে।
গীতা ,ভাগৱত ধৰ্ম গ্ৰন্থ আদিত পাইছোঁ দ্ৰৌপদী আৰু কৃষ্ণৰ যিটো ভাতৃ /ভগ্নীৰ সম্পৰ্ক, তেজৰ নহয় সেই সম্পৰ্ক আছিল হৃদয়ৰ। দ্ৰৌপদীৰ স্বামীসকল পঞ্চ পাণ্ডৱ কৌৰৱসকলৰ সকলৰ লগত খেলা পাশাখেলত পৰাজিত হয় , তেতিয়া কৌৰৱ বংশৰ দুশাসনে দ্ৰৌপদীক ৰাজ দৰবাৰতলৈ চুলিত ধৰি চোচৰাই লৈ আহি বিষস্ত্ৰ কৰিবলৈ চেষ্টা কৰিছিল ।দ্ৰৌপদীৰ কাকূতি মিনতি কৰাৰ পিছতো কোনেও তেওঁক ৰক্ষা কৰিবলৈ আগবাঢ়ি অহা নাছিল,সকলোৱে জ্ঞানী ব্যক্তিয়ে মৌন ব্ৰত ধাৰণ কৰিছিল । সেই সময়ত কৃষ্ণই ভগ্নী হিচাপে গ্ৰহণ কৰা দ্ৰৌপদীক ৰক্ষা কৰিছিল । প্ৰভু ভগৱানে জগতত অৱগত কৰিছিল এই ৰঙীণ সূতাডাল দেখাত সাধাৰণ হলেও তাত থাকে মৰমৰ এক এনাজৰী আৰু ভনীজনীৰ প্ৰতি থকা এক দায়িত্ব,বিপদত ৰক্ষা কৰা।
বিশেষকৈ আজিৰ দৰে ব্যস্ত যান্ত্ৰীকতাৰ জীৱনত কোনো কাৰো খবৰ ল’বলৈ আহৰি নাই ,তেনে সময়ত এই সৰু সৰু উৎসৱ বোৰেই আমাক এজনে আনজনৰ প্ৰতি থকা দায়বদ্ধতা সোঁৱৰাই দিয়ে।গতিকে এই ৰাখীৰ জৰিয়তে আমি এজনে আনজনৰ প্ৰতি থকা মৰমৰ অধিকাৰ আৰু বিশ্বাসৰ প্ৰকাশ কৰা সুন্দৰ মাধ্যম।