দেউতা
অভিজিত বৰা , কলিয়াবৰ
সেই যে তোমাৰ প্ৰেমত পৰি লিখা
গান কেইটা আধৰুৱা হৈ আছিল
সুৰৰ গুন গুননী ৰে সম্পূৰ্ণ কৰিম
বুলি হাতত গীতাৰ খন লৈ বহিলো
টুপ টুপ বৰষুণ ন কুঁহি পাতৰ কুমলীয়া
বতাহ জাকত কুলিটি আহি আমৰ ডালত
বহি মাত লগালে , মোক ক’লে কুলি জনীয়ে
গানৰ অন্তৰাটো আকৌ তাই অন্তৰ খনত প্ৰেমৰ
আলোড়ন অনাকৈ বুলে গাব লাগে …
বিচনাত খেলি থকা মোৰ সপোনে
দেউতা বুলি অস্পষ্ট ভাষাৰে ইস্পষ্ট কৈ আধৰুৱা গানত
নতুন অন্তৰা লিখিলে ।