সপোন – অৰ্ণৱ কটকী

সপোন

অৰ্ণৱ কটকী
জাঁজী যোৰহাট

কিমানৰ বুকু খনত যে সপোনে কৰাল বান্ধে। কুৰুকি কুৰুকি মনৰ মাজত এটা পোকে খাই থাকে, সপোন পূৰণ কৰিব নোৱাৰা পোকে। তিলতিল কৈ চকুৰ আগতে ভাঙি যায় বহু সপোন, আশা কিম্বা হেঁপাহ। ভাৰাক্ৰান্ত হৈ পৰে মন বিলাক বেদনাৰ ভাৰ কঢ়িয়াই। প্ৰতিজন ব্যক্তিয়ে সপোন দেখে নিজৰ আপোন ঘৰ খনৰ বাবে, কিছু ভাল হোৱাৰ কামনাৰে। টকা ঘটিব ওলাই যোৱা প্ৰতিজনেই কিন্তু নিজৰ বাবে অলপো নাভাবে। মই “কিবা এটা কৰিম, মিলাম দে “এনেকৈ পাৰ হৈ যায় জীৱনৰ বয়স। কৰাল বান্ধি পৰি ৰোৱা সপোন বিলাকে ৰাতি শুব নিদিয়ে , কিমান যে ৰাতি উজাগৰে পাৰ হয়। নিশ্বাস গধূৰ হৈ পৰে দায়িত্বতকৈও।

জীৱনে গতি লয়। পুখা মেলে নতুন নতুন সপোনে। মনটো ব্যস্ত হৈ পৰে নতুন এটি দিনৰ সৈতে। কিছু আশা কিছু সপোন বুকুৰ পেৰাত চিৰ দিনলৈ বন্ধ কৰি আগুৱাই যায় জীৱনে। জীৱন এনেকুৱাই, সংগ্ৰাম জীৱনৰ আন এটা নাম।