পথ দুৰ্ঘটনা আৰু অমাৰ অসম
আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা, বৰপেটা
অসম প্ৰকৃতিগতভাৱে ধুনীয়া আৰু সংস্কৃতিগতভাৱে সমৃদ্ধ।কিন্তু এই সৌন্দৰ্য্যৰ আঁৰত লুকাই আছে এক বিষাদময় ছবি।অসমখন সমস্যাৰে জৰ্জৰিত
অসমৰ সমস্যাৰ এখন তালিকা প্ৰস্তুত কৰিলে হয়তো এখন দীঘল তালিকা প্ৰস্তুত কৰি উলিয়াব পৰা যাব।শিক্ষাৰ পৰা আৰম্ভ কৰি কৃষিক্ষেত্ৰ পৰ্যন্ত। যাৰ ফল সাধাৰণ জনতাই ভুগি আছে দিনৰ পিছত দিন বছৰৰ পিচত বছৰ। কিমান প্ৰাণ অকালত হেৰুৱায়। কিমান ঘৰ ছন পৰে,কিমান হাঁহিমুখ মলিন হয় কোনে খবৰ ৰাখে…? কোনে বাৰু গৱেষণা কৰে…?। কাৰ ইমান সময় আৰু কাৰ ইমান জগৰ…?
মাথোঁ আমি বছৰ শেষত NCRB(National Crime Records Bureau) ৰ তথ্য দেখোঁ আৰু হাহাকাৰ কৰোঁ আৰু কি পন্থা থাকিব পাৰে আমাৰ….
আনুমানিক 2025 বৰ্ষৰ প্ৰথমৰপৰা বৰ্তমান সময়ছোৱালৈকে দুৰ্ঘটনাৰ সংখ্যা প্ৰায় ৪, ৮২০টা। তাৰে প্ৰায় ১,৯০০ ৰো অধিক মৃত্যু আৰু প্ৰায় ৫,৬০০ ৰো অধিক আহত।
সঁচাই ৰাজ্যখনৰ জনজীৱনলৈ আজিকালি এক গভীৰ চিন্তা আৰু আতংকৰ নাম হৈছে পথ দুৰ্ঘটনা। প্ৰতিদিনে কাকত উলিয়ালেই দেখা যায় -প্ৰচণ্ড বেগী বাহনৰ খুন্দাত চাৰি জন নিহত ,অমুক পথত ভয়ংকৰ দুৰ্ঘটনা,চক্ৰবাহনৰ খুন্দাত ৩ জনৰ থিতাতে মৃত্যু।এনেধৰণৰ সংবাদ নিত্যনৈমিত্তিক।
এনেকুৱা লাগে যেন পথ দুৰ্ঘটনাৰ বাতৰি অবিহনে আমাৰ কাকত বোৰ অসম্পূৰ্ণ। আস্! কি এটা অৱস্থা। আচলতে পথ দুৰ্ঘটনা কোনো স্বাভাবিক বা দৈৱ ঘটনাৰ ফল নহয়, বহু ক্ষেত্ৰত মানুহে সজাগতাহীনতাৰ বাবে সৃষ্টি কৰা ই এক নীৰৱ হত্যাকাণ্ড।
উচ্চ গতিৰে বাহন চালনা কৰা, ওভাৰটেক কৰাৰ প্রতিযোগিতা, আৰু বিশেষকৈ যুৱসমাজৰ জনপ্ৰিয় ‘স্টান্ট সংস্কৃতি’ এয়াই।
ৰাষ্ট্ৰীয় তদন্ত মতে, প্ৰায়ভাগ পথ দুৰ্ঘটনাত চালক মাদকগ্ৰস্ত থাকে।বহু চালকেই নিয়মীয়াভাৱে ড্ৰাইভিং স্কুলত প্রশিক্ষণ লোৱা নোলোৱা অৱস্থাতে অৱস্থাত ৰাস্তালৈ ওলাই আহে বাহন লৈ। বহু পথত নাই সঠিক দিশ-চিহ্ন, নাই পথবাতি, নাই সংকেত। বৰষুণ বা কুঁৱলীত এইবোৰ নাথাকিলেওদুৰ্ঘটনা হোৱাৰ আশংকাও বাঢ়ে। তাৰোপৰিও বিলাসী জীৱনৰ প্ৰতিযোগীতা বাহাল ৰাখিবলৈ বাঢ়িছে বাহনৰ সংখ্যা , কিন্তু নিয়ন্ত্ৰণ ব্যৱস্থা মাৰ্জিত নহয়।অটো-টেম্পোত যাত্ৰীৰ সংখ্যাও নিয়ন্ত্ৰণ নোহোৱা অৱস্থাত থাকে।
পূৰ্ণ প্ৰশিক্ষণ আৰু পৰীক্ষাৰ পিছত দে লাইচেঞ্চৰ ব্যবস্থা কৰিব লাগে মাত্ৰ কৰ্মচাৰীৰ চিনাকীত ড্ৰাইবিং লাইচেঞ্চ দিব নালাগে। অ’ভাৰ স্পিড,বেপৰোৱা চালক, নেশাগ্ৰস্ত অৱস্থাত চলোৱা লোকৰ বিৰুদ্ধে দ্ৰুত ন্যায় সন্মত বিচাৰ আদালত গ্ৰহন কৰিব লাগিব। যদিও ইয়াৰ বিৰূদ্ধে আইন, নীতি নিয়ম প্ৰণয়ন কৰিছে কিন্তু দোষীয়ে উপযুক্ত শাস্তি নোপোৱাৰ ফলত একাধিক বাৰ জৰিমনা আদায় কৰাৰ পিছতো বেপৰোৱা হৈ বাহন চলোৱাৰ উদাহৰণ বহুত আছে।
একো একোটা দুৰ্ঘটনা মাত্ৰ ১টা সংখ্যাই নহয় , মাত্ৰ এটা ঘটনা নহয় ।সেই সংখ্যাটো বা সেই ঘটনাটোৰ অন্তৰালত থাকে এটি প্ৰানবন্ত জীৱন, এটি পৰিয়ালৰ হাঁহি, সজোৱা হেজাৰ সপোন।
বাতৰি এটা লিখিবলৈ বা পঢ়িবলৈ কিমান সৰল নহয়নে। যেনেকৈ – আজিৰ অমুক ঠাইৰ পথ দুৰ্ঘটনাত তিনিজন নিহত হয়। কিন্তু সেই তিনিজন যে এজন পিতৃ, এজন সন্তান, মৰমৰ ভাই। কোনোবা এজনৰ জীয়াই থকাৰ সমল ভৰষা… সেই কথা বেপৰোৱা চালক জনে বুজিব নে…..?
বহু পুৰুষ বা মহিলাই সংসাৰৰ একমাত্ৰ আৰ্থিক যোগানৰ ব্যবস্থা হেৰুৱায়। চৰকাৰী ক্ষতিপূৰণ কিংবা সাহায্য পায় যদিও প্ৰকৃতপক্ষে সেইয়া পৰিয়ালটোৰ সুখ পুনগঠন কৰিব নোৱাৰে।
2022-24 বৰ্ষৰ তথ্য পৰ্যবেক্ষণ কৰিলে পথ দুৰ্ঘটনাৰ ফলত হোৱা মৃতুৰ সংখ্য কমিছে যদিও ই পৰ্যাপ্ত নহয়। কাৰণ পথ দুৰ্ঘটনা কেৱল দুৰ্ঘটনা নহয় একো একোটা ট্ৰমা। ই কেতিয়াও সুখৰ বা কঢ়িয়াই নানে… আনে এবুকু হাহাকাৰ।
প্ৰকৃতপক্ষে চৰকাৰ আৰু জনসাধাৰণৰ সচেতনতা, শৃংখলা আৰু দায়িত্ববোধহে হ’ব পাৰে পথ দুৰ্ঘটনাৰ একমাত্ৰ বিৰোধী শক্তি।
অসমত পথ দুৰ্ঘটনাৰ বশৱৰ্তী হৈ অকালত প্ৰাণ হেৰুৱোৱা সকলো আত্মাৰ প্ৰতি শ্ৰদ্ধা জনাই, নতুন পথৰ সন্ধান লব লাগিব আমি প্ৰতিজ্ঞাবদ্ধ হ’ব লাগিব। যি পথ হ’ব সুৰক্ষাৰ, ন্যায়ৰ ,শৃংখলা আৰু মানবিকতাৰ পথ হ’ব।