খবৰ এটা লওঁ আহক! – অৰ্ণৱ কটকী

pc product for net zero

খবৰ এটা লওঁ আহক!

অৰ্ণৱ কটকী
জাঁজী,যোৰহাট

উপযাচি খবৰ এটা ৰাখিব চোন ? আপোনাৰ আত্মীয়, বন্ধু অথবা পৰিয়ালৰ লোকৰ। অন্য এক মাদকতা আছে সেই উপযাচি লোৱা খবৰটোত।

কিমান যে মৰম আকুলতা সোমাই থাকে সেই মাতষাৰত।

চিঠিৰ দিনত থকা হেঁপাহ বিলাক মোবাইল ফোন অহা পৰা দেখোন কমি গ’ল। সম্পৰ্ক বিলাকতো অংক সোমালে, আদৰ বিলাকতো ভেজালে ধৰিলে। সময় থকা পিছতো সময়ে সময় নিদিয়াৰ উপক্ৰম হৈছে।

লৈ পাইছে নে কোনো দৰকাৰ নোহোৱাকৈ হঠাতে এটা ফোন বা মেচেজ কৰি, নাইবা সেই ব্যক্তি জনৰ ঘৰত উপস্হিত হৈ। কিমান ভাল লাগে ন! এক বুজাব নোৱাৰা অনুভূতিয়ে মনটো জোঁকাৰি যায়।

কৃত্ৰিমতা যুগত মৰম,আদৰ,শ্ৰদ্ধা বিলাক কৃত্ৰিম নকৰাকৈ ৰাখিব পাৰিম নে বাৰু আমি? অন্তৰ খন ভেজাল হোৱা পৰা বচাই চলিব পাৰিম নে?

আদৰৰ মৰম বিলাক সামৰি। তেওঁ খবৰ নললেও মইও নলওঁ বুলি ভবাটো পাৰিম নে সলনি কৰিব আমি!

সহজলভ্য হৈ পৰা পিছত সকলো যেন ব্যস্ত হৈ পৰিল। দিনটোৰ বাট মূহুৰ্ততে পোৱা হ’ল যদিওঁ সময়ৰ নাটনি দেখোন আগতকৈ বেছি হে হ’ল।

আহক চোন উপযাচি খবৰ এটা লওঁ ইজনে আনজনৰ।