পলাশবাৰী আৰক্ষীৰ বৃহৎ সফলতা জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

পলাশবাৰী আৰক্ষীৰ বৃহৎ সফলতা জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা-পলাশবাৰী আৰক্ষী চকীৰ অন্তৰ্গত পলাশবাৰী আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া ডিম্পল গয়েৰীৰ নেতৃত্বত এটা সজাতি দলে দেওবাৰে সন্ধিয়া ৭:৪০ বজাত বৰকুছিত নাকা চেকিঙৰ সময়ত গাঞ্জাসহ দুজন ব্যক্তি ক্ৰমে পলাশবাৰীৰ পাল্লীৰ নোৱাপাৰাৰ ৰাহুল কলিতা , আৰু মাজিৰগাৱৰ ঠাকুৰীয়াপাৰাৰ হীৰক জ্যোতি কলিতাক আটক কৰিছে আৰক্ষীয়ে। গুৱাহাটীৰ ফালৰ পৰা আহি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে গাঞ্জাখিনি। পৰীক্ষা কৰাৰ পিছত তেওঁলোকৰ হাতত থকা প্ৰায় ১০.২৭৬ কিলোগ্ৰাম ওজনৰ গাঞ্জা জব্দ কৰা হয়। প্ৰাথমিক জেৰাত দুয়ো গৰাকী সৰবৰাহকাৰীয়ে মঙলদৈৰ পৰা উক্ত গাঞ্জা ক্ৰয় কৰে আৰু বাছেৰে যাত্ৰা কৰা বুলি উল্লেখ কৰিছে। পাছত আৰক্ষীয়ে দুয়োজন সৰবৰাহকাৰীক জেইল হাজোতলৈ প্ৰেৰণ কৰে ৷ ঘটনাৰ সন্দৰ্ভত অধিক তদন্ত চলাই আছে আৰক্ষীয়ে।