চুচিল দা : নট আউট
মুন শৰ্মা, লখিমপুৰ
পত্নীৰ হাতৰ চাহকাপ। ভাপ ওলাই আছে।
সেই ভাপৰ সিপাৰে চোতালৰ কাষৰ মধুৰীজোপাত ফুলি থকা হালধীয়া জিকা ফুল কেইপাহ। আৰু তাতোকৈ নিলগত, মুকলি পথাৰখনৰ ওপৰত আন্ধাৰৰ লগত জোনাকী পৰুৱাৰ যুগ-যুগৰ পুৰণি খেল। সেই খেল চাই চাই আপোন-ভোলা হৈ ৰৈ আছে মিষ্টাৰ চুচিল দাস।
বাৰিষাৰ শেষ। ভাদৰ গৰমে হাড়লৈকে সোমাইছে। আকাশত ডাৱৰৰ আঁহ। চুচিলে জানে, এই ডাৱৰে বৰষুণ নিদিয়ে, মাথোঁ আশা দিয়ে। বহুদিন বৰষুণ হোৱা নাই। মাটি ফাটিছে, গছ-বিৰিখ, পশু-পক্ষী সকলোৱে কান্দিছে। এজাক বৰষুণ লাগে, গৰম কমাবলৈ নহয়, জীৱকুলক জীয়াই ৰাখিবলৈ।
ভাৱনাৰ মাজতে হঠাৎ পথাৰখনলৈ চাই তেওঁৰ বুকুৰ ভিতৰৰ পৰা এটা দীঘল হুমুনিয়াহ ওলাই আহিল।
এসময়ত এই পথাৰখনতে তেওঁ কেৱল মানুহ নাছিল, এটা নাম আছিল। চুচিল দাস— গাঁৱৰ ক্ৰিকেটাৰ। যেতিয়া তেওঁ বেট ধৰিছিল, গোটেই গাঁৱে উশাহ বন্ধ কৰি চাইছিল। তেওঁৰ কভাৰ ড্ৰাইভত এটা কবিতা আছিল। তেওঁ ভাবিছিল, এই বেটেৰেই জীৱন গঢ়িব। জিলাত খেলিছিল, ৰাতি টোপনিতো ছয় মাৰিছিল।
কিন্তু জীৱনে তেওঁক আন এখন পিচত খেলিবলৈ দিলে। দেউতাকৰ হঠাৎ বিছনা, ঘৰৰ দায়িত্বৰ কৰ্কশ শব্দ, অকলশৰীয়া মাকৰ নিঃসংগতা। সপোনবোৰে হাৰ মানিলে। বেটখন বেৰত ওলমি ৰ’ল, দিন যোৱাৰ লগে লগে ধূলি পৰিল। হাতত উঠিল সংসাৰৰ গধুৰ বোজা। ক্ৰিকেটাৰজনৰ মৃত্যু হ’ল, কিন্তু খেলুৱৈজনৰ নহ’ল। তেওঁ মাথোঁ জাৰ্চি সলালে।
“হেৰা, শুনিছে নে…” পত্নীৰ মাত। অতি চিনাকি, অতি মৰমৰ, অলপ ক্লান্ত।
“অ, কোৱা…”
“কালিলৈ কেনিবা যাব নেকি?”
“যাম… দুখন মিটিং আছে। শংকৰ উৎসৱ আহি আছে। ল’ৰাকেইটাক লৈ অলপ যোগাৰ কৰিব লাগে।”
“হ’ব দিয়ক, আপুনি কামতে যাওক, মই যাম।”
“নালাগে, মই মেনেজ কৰিম।”
পত্নী ভিতৰলৈ গ’ল। খোজত অভিমান নাই, আছে এটা অভ্যাস— স্বামীজন ঘৰতকৈ বাহিৰত বেছি থাকে বুলি মানি লোৱাৰ অভ্যাস।
তেওঁ নিজকে সুধিলে— মই সুখী নে?
কোনেও নাজানে, এই ব্যস্ততাৰ আঁৰত তেওঁৰ ভিতৰত যে এখন যুদ্ধ চলে প্ৰতিদিনে। মাহৰ বিশ তাৰিখৰ পিছত পকেট সৰু হৈ আহে। ল’ৰাটোৰ নতুন কিতাপ লাগে। ক্ৰিকেটৰ দিনৰ আঁঠুৰ বিষটোৱে মাজনিশা টোপনি ভাঙে। তথাপি পুৱা উঠি তেওঁ হাঁহে। সৰু পকেটটোকে লৈ মিটিঙলৈ যায়। কাৰণ তেওঁ জানে, তেওঁ নগ’লে গাঁৱৰ কামবোৰ ৰৈ যাব।
মানুহে বাহিৰৰ চুচিলকহে দেখে। ভিতৰৰ চুচিলজন অকলশৰীয়া।
গাঁৱৰ যুৱক হেমেন শৰ্মাই কয়— “চুচিল দা সামাজিক কামৰ মাষ্টাৰ মাইণ্ড। তেওঁৰ গ্ৰেণ্ড প্লেনিং অবিহনে একো নহয়।”
শুনি চুচিলে হাঁহে। তেওঁ জানে, এই শব্দবোৰৰ আঁৰত কিমান নিৰঘুম ৰাতি লুকাই আছে। তথাপি তেওঁ কোনোদিন পলায়ন কৰা নাই।
কাৰণ তেওঁ বুজে, সমাজ মানে ব্যক্তিৰ সমষ্টি। যদি সকলোৱে নিজৰ দুখৰ অজুহাত দেখুৱাই আঁতৰি যায়, সমাজ মৰি যাব। ক্ৰিকেটৰ দৰেই— এজন বেটছমেনে নিজৰ শতকৰ বাবে খেলিলে দল হাৰে। দলক জিকাবলৈ নিজৰ ইচ্ছা বিসৰ্জন দিব লাগে।
সেইবাবেই দুটা দশক ধৰি তেওঁ সংগঠনৰ মজিয়াত। কা আন্দোলনত পৰিয়ালক ভয়ৰ কোঠাত থৈ ‘জয় আই অসম’ বুলি ৰাজপথলৈ ওলাই গৈছিল। বৃহৎ নদীবান্ধৰ বিৰুদ্ধে যুঁজত দিন-ৰাতি একাকাৰ কৰিছিল। মানুহে সুধিছিল— কি পাবি? তেওঁ উত্তৰ দিয়া নাছিল। কিছুমান যুদ্ধ পোৱাৰ বাবে কৰা নাযায়, হেৰুৱাবলৈ নিদিয়াৰ বাবে কৰা হয়।
বাহিৰত বতাহ বলিছে। জিকা ফুলৰ গোন্ধ গাঢ় হৈছে।
হঠাৎ আকৌ ভিতৰৰ পৰা পত্নীৰ মাত……“বৰষুণ আহিব, ভিতৰলৈ আহক।”
সন্ধিয়াটো নিশাৰ গভীৰতাত সোমাইছে। চুচিলে শেষবাৰৰ বাবে জোনাকীবোৰলৈ চালে। ভাবিলে, আমিও এই জোনাকীবোৰৰ দৰেই। অকলে অন্ধকাৰত জ্বলি আছোঁ, কাৰোবাৰ বাট পোহৰাম বুলি। পোহৰ বেছি নহয়, কিন্তু আমি নজ্বলিলে আন্ধাৰটো আৰু গাঢ় হ’ব।
মিঠাকৈ হাঁহি আকাশলৈ চাই তেওঁ উঠিল। খালী চাহকাপটো লৈ ভিতৰলৈ খোজ ল’লে।
এনেকৈয়ে মানুহৰ জীৱন। জীৱন-ঘড়ীৰ কাঁটা ৰৈ নাথাকে। কাইলৈ আকৌ এটা নতুন দিনলৈ অপেক্ষা।
