মানপত্ৰ
ৰশ্মি ৰেখা দুৱৰা, ডিব্ৰুগড়
জীৱন-বাটৰ প্ৰতিটো খোজত
বহু ব্যক্তিৰ সান্নিধ্য লাভ কৰিলোঁ,
কোনোজনে মৰমেৰে আঁকোৱালি ল’লে
কোনোজনৰ কথাই বুকুত বিন্ধি
বেদনাৰ সাঁচ বহুৱাই গ’ল।
সন্মান খুজি লোৱা বস্তু নহয়
আত্মসন্মানেই হৈছে শ্ৰেষ্ঠ অলংকাৰ,
আনৰ প্ৰশংসাত ডুব নাযাওঁ
মাথোঁ নিজৰ কৰ্ম কৰি যোৱাৰ প্ৰতিশ্ৰুতি।
অপমানৰ জুইত থিয় হৈ
নিজক নিজে সন্মান কৰিবলৈ শিকিলোঁ,
এদিন সময়েই লিখিব মোৰ মানপত্ৰ
তাত ধনৰ হিচাপ নাথাকিব
কঠোৰ পৰিশ্ৰমে এদিন নিজ কৰ্মৰ
স্বীকৃতি বুটলিব।
জীৱনত বহুবাৰ হাৰিলোঁ
কিন্তু কলমৰ ধাৰ দুগুণ শক্তিশালী কৰিলোঁ।
মনত থূপ খাই থকা দুখবোৰ
চকুলোৰে ধুই নিকা কৰিলোঁ।
সমাজৰ স্বীকৃতিত গুৰুত্ব অকণো নাই,
নিজৰ কৰ্ম কৰি গৈছোঁ
ফলৰ আশা কোনোদিনে কৰা নাই।
দুৰ্দিনত কলমডালেই মোৰ নিত্যসংগী
কাগজত নহয়, অন্তৰত স্থান লোৱাৰ দুৰ্বাৰ হেঁপাহ।
