নিৰুপমাৰ চকুলো – নাচিমা য়াচমিন

নিৰুপমাৰ চকুলো

নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি

বৰষুণ — কাৰোবাৰ দুখত সংগী হয় আন কাৰোবাৰ সুখৰ মূহুৰ্তত অংশ লয়। কিছুমানে বৰষুণৰ টোপালত নিজৰ লুণীয়াখিনি মিশ্ৰিত কৰি মন পাতল কৰে। আন কিছুমানে বৰষুণৰ চেঁচাত নিজৰ আনন্দখিনি  বিলাই দিয়ে।

প্ৰায় আঢ়ৈ ঘণ্টা মান পাৰ্কৰ এটি বেঞ্চত বহি থকা নিৰুপমাই  বৰষুণ জাকৰ লগত নিজৰ অশ্ৰুৰ টোপালবিলাক মিশ্ৰিত কৰি দিছে। তাইৰ চকু জুৰিয়ে যেন বৰষুণ জাকক নীৰৱে কৈ আছে —” তহত অন্ততঃ মোক এৰি গুচি নাযাবি। মোৰ সংগী হৈ থাক । মই বৰ অকলশৰীয়া অ’ । “

সঁচাকৈয়ে তাইজনী বৰ একাকী হৈ পৰিছে। নিজৰ বুলিবলৈ কোনোৱেই নাই তাইৰ এইখন পৃথিৱীত। নিঃস্বাৰ্থ ভাৱে সকলোকে আপোন কৰি লোৱা নিৰুপমাক আপোন কৰি লোৱা মানু্হৰ বৰ অভাৱ। সকলোৱে তাইৰ ওচৰ চাপি আহে একমাত্ৰ ব্যক্তিগত স্বাৰ্থ অনুসৰি হে। স্বাৰ্থ শেষ, নিৰুপমাক চিনি নাপায়।

সৰুৰে পৰাই মাহীমাকৰ নানান যন্ত্ৰণাৰ পৰা তাইক ৰক্ষা কৰিবলৈ কোনো এজন মানুহ আগবাঢ়ি নাহিছিল, তাইৰ দেউতাক পৰ্য্যন্ত সকলো দেখিও নেদেখাৰ ভাও জুৰি থাকিছিল। মাহীমাকৰ সকলো পৰিকল্পনাৰ ফলত তাই হৈ উঠিছিল দেউতাকৰ চকুৰ কুটা ,দাতৰ শূল।

কিন্তু সেই অভিশপ্ত নিশাৰ পৰা তাইৰ হৃদয়ৰ পৰা দেউতাকৰ প্ৰতি থকা সকলো সন্মান, আৱেগ, মৰম নোহোৱা হৈ পৰিছিল। মাহীমাকৰ চক্ৰান্ত অনুসৰি তাইৰ বয়সতকৈ দুগুণ ডাঙৰ মানু্হ এজনৰ লগত তাইৰ ইচ্ছাৰ বিৰুদ্ধে জোৰ কৰি বিয়া পাতি দিবলৈ সকলো আয়োজন কৰিছিল , এক মোটা অংকৰ ধনৰ বিনিময়ত। তাই প্ৰতিবাদ কৰিছিল নিজৰ শক্তি অনুযায়ী কিন্তু বিফল হৈছিল। মাহীমাকৰ শাৰীৰিক অত্যাচাৰৰ চিহ্ন আজিও তাইৰ শৰীৰত আছে। দেউতাকেও নিজৰ পত্নীৰ অত্যাচাৰত সংগ দিছিল।

সেইদিনাই নিজৰ প্ৰাণৰ আশা ত্যাগ কৰি তাই পলাই আহিছিল সেই নৰকৰ পৰা। গুৱাহাটী মহানগৰীৰ আলি -বাটে অনাই বনাই ঘূৰি ফুৰিছিল তাই। সন্ধ্যা হৈ আহিছিল। ভোকত তাইৰ পেটে শব্দ কৰিবলৈ আৰম্ভ কৰিছিল। ভগৱানে সকলো পথ বন্ধ কৰি দিয়ে যদিওঁ এটা পথ সদায় খোলা থয়। তাইৰ চিনাকী হয় এজন মানুহৰ লগত, যিজনে তাইৰ এই কঠোৰ সময়ছোৱাত সাহস দিছিল, থাকিবলৈ ঘৰ, খাবলৈ অন্ন এমুঠি তুলি দিছিল। তাইৰ মতে সেই মানু্হ জন দেৱদূততকৈ কম নাছিল।

নিৰুপমাৰ অন্ধকাৰ জীৱন পোহৰৰ দিশে গতি কৰিছিল। অলপ দিন আগলৈকে একো নথকা তাইজনীক এতিয়া ভালপোৱা এজন মানু্হ আছে।  অভিমান কৰিলে, মৰমত তাইৰ অভিমান ভাঙিবলৈ প্ৰেমিক এজন আছে। অংশুমান বৰুৱা — তাইক সেই অৱস্থাৰ পৰা উদ্ধাৰ কৰি নিজৰ ঘৰলৈ লৈ আহিছিল। তাইক মৰম -যত্নৰে আকৌ এবাৰ জীৱনটোৰ সৌন্দৰ্য্যতাৰ বিষয়ে অৱগত কৰাইছিল। তাই প্ৰথম বাৰৰ বাবে নিজক ভাল পাবলৈ শিকিছিল। তাতোকৈ বেছি ভাল পাইছিল অংশুমানক। নিজৰ প্ৰাণতকৈও বেছি।

অংশুমানৰ সৈতে তাই এটি সৰুকৈ সংসাৰ গঢ়ি তুলিছিল। তাই ঘৰুৱা সকলো কাম কৰি সন্ধিয়া অংশুমান অহালৈ সদায় বাট চাই থাকিছিল। সি আহি পাওঁতেই অফিচৰ বেগটো লৈ গৈছিল আৰু চাহ একাপ আনি দিছিল তাক বৰ আদৰ সহকাৰে। অংশুমানে কয় কেতিয়াবা — ” তুমি নাথাকিলে মোৰ  কি যে হ’ব নহয় নিৰু,,, you are the best,,, that’s why I love you,,,,,”

এগৰাকী পত্নীৰ সকলো ধৰ্ম তাই পালন কৰে । কিন্তু তাই এতিয়ালৈকে অংশুমানৰ হাতৰ পৰা সেন্দুৰকণ পিন্ধা নাই।লাহে লাহে তাইৰ মনত সেই হেঁপাহটো জাগ্ৰত হৈ পৰিল। এদিন আইনাৰ সন্মুখত সেন্দুৰ পিন্ধি চালে, সঁচাকৈয়ে তাই এতিয়াহে পূৰ্ণ যেন লাগিছে।

ৰাতি অংশুমানৰ বুকুৰ মাজত সোমাই থাকিয়েই তাই নিজৰ মনৰ হেঁপাহখিনিৰ কথা ক’লে;

: “শুনা না, বলা না আমি মন্দিৰত সৰুকৈ বিয়া পাতি লওঁ। এনেকৈ আৰু কিমান দিন থাকিম,,,? মোৰো মন যায় বোৱাৰীৰ নিচিনাকৈ শিৰত সেন্দুৰ লৈ চাদৰ মেখেলা পিন্ধি  তোমাৰ লগত সংসাৰ কৰিবলৈ ,,,,,”

তাই ভবাই নাছিল, তাইৰ এই হেঁপাহখিনিয়ে তাইৰ জীৱনত আকৌ এবাৰ দুখ আনি দিব বুলি। অংশুমানৰ আচল চেহেৰাটো তাইৰ আগত প্ৰকট কৰিব বুলি।

তাই সেই নিশা হে গম পাইছিল যে অংশুমানে কেৱল তাইক ব্যৱহাৰ কৰি আছিল অত দিনে। তাইৰ শৰীৰটোক ভোগ কৰি আছিল। আৰু তাইৰ নিচিনা ছোৱালীৰ লগত কেৱল টাইম পাচ হে কৰিব পাৰি বিয়া পাতি সংসাৰ কৰাটো বহুত দূৰৰ কথা হেনো। আৰু বহুত কিবাই শুনিব পাইছিল তাই। তাৰ পৰিয়ালৰ মানুহে অন্য এজনী ধনী ঘৰৰ ছোৱালীৰ সৈতে বিয়া ঠিক কৰি ৰাখিছে বুলিও কৈছিল সি।

তাই হাৰি গ’ল আকৌ এবাৰ জীৱনৰ লগত। গোটেই ৰাতি কান্দি কান্দি তাইৰ দুচকু ফুলি গৈছিল । তাই ইমান খিনি অপমান সহিব নোৱাৰা হৈ পৰিছিল। অংশুমানে তাইক এইদৰে প্ৰতাৰণা কৰিব বুলি সপোনতো ভবা নাছিল। তাই সিদ্ধান্ত লৈ পেলাইছিল যে তাই গুচি যাব ইয়াৰ পৰা। দুচকু যি দিশে যায় সেইফালেই গুচি যাব কিন্তু অংশুমানৰ দৰে এজন প্ৰতাৰকৰ লগত এদিনো নাথাকে।

পুৱা অংশুমান অফিচলৈ গুচি যায়। যাওঁতে  তাইক কৈ যায় —” এইবোৰ নাটক এৰি যেনেকৈ ইমান দিনে আছিলা তেনেদৰেই থাকা। মই তোমাক এৰি দিয়া নাই নহয়। মনত ৰাখিবা মোৰ বাহিৰে তোমাৰ যাবলৈ কোনো ঠিকনা নাই। “

ঘিণ লগা হ’ল তাইৰ এইজন মানুহক। সি কিমান লেতেৰা মানসিকতাৰ মানু্হ হয়,  তাই ভালদৰেই বুজি পালে। তাইৰ অৱস্থাৰ কিদৰে সুযোগ লৈছে  , সকলো বুজি পালে। কিন্তু তাই নিজৰ সিদ্ধান্তত অটল। গুচি যাবই তাই।

তাইৰ হাতত যিখিনি টকা আছিল তাকে লগত লৈ তাই ঘৰৰ পৰা ওলাই গুছি আহে  । আহোঁতে কাগজ এখিলাত নিজৰ ব্যক্তব্য খিনি লিখি ফোনটো ঘৰতেই  এৰি গুচি যায় তাই অংশুমানৰ পৰা মুক্ত হৈ।

অচিন ঠাইৰ মানুহৰ ভীৰত নিৰুপমা হেৰাই যায়।  দুই- তিনি দিনৰ যাত্ৰাৰ পাছত তাইৰ হাতত থকা টকাখিনিও প্ৰায় শেষ হৈ আহিছে। আকৌ এবাৰ সকলো হেৰুৱাই তাই পাৰ্কৰ এটা বেঞ্চত বহি আছে। ধাৰাষাৰ বৰষুণত সকলোৱে নিজক ৰক্ষা কৰিবলৈ আশ্ৰয় বিচাৰি হাবাথুৰি খাইছে। কিন্তু নিৰুপমা মূৰ্তিটোৰ দৰেই বহি আছে নিজৰ ঠাইত। তাই প্ৰাণ খুলি কান্দি আছে।

ৰাস্তাৰ সিপাৰে থকা বাছ আস্থানৰ পৰা এজন মানুহে তাইক লক্ষ্য কৰি আছে। মানু্হ জনে বাইকত আহি থাকোঁতেই বৰষুণ জাক আহিছিল বুলি সেই ঠাইত থিয়  দিছিল। তেওঁ যেন নিৰুপমাৰ কষ্ট খিনিক অনুভৱ কৰিব পাৰিছে । কিয় জানো তাইৰ লগত কথা পাতিব বিচাৰিছে  তেওঁ, তাইৰ দুখ খিনিক ভগাই ল’ব বিচাৰিছে।

বেগত থকা ছাতিটো উলিয়াই মানু্হ জনে নিৰুপমাৰ দিশে আগবাঢ়ি যায়।

: excuse me, আপুনি তিতি আছে যে অথনিৰ পৰা,,, বেমাৰত পৰিব ,,,

তাই কোনো উত্তৰ দিয়া নাই এটা সময়ত তাই নিজৰ জ্ঞান হেৰুৱাই পেলায়। অতিমাত্ৰা বৰষুণত তিতাৰ কাৰণে হয়তো। তাইৰ শৰীৰ চেঁচা হৈ পৰিছে।  জ্ঞান ঘূৰি অহাত তাই নিজকে আৱিষ্কাৰ কৰিছে ঘৰ এটাৰ বিছনাৰ ওপৰত শুই থকা অৱস্থাত। তাই চিঞৰি উঠিল,,,

: মই ইয়াত,,,? মোক কোনে আনিলে ইয়ালৈ,,,,? বয়সীয়া মানু্হ এগৰাকী ওলাই আহিল তাইৰ মাত শুনি,,,,

: মাজনী, তুমি ঠিকে আছেনে এতিয়া,,, ?চাও এইফালে, জ্বৰ কমিছেনে নাই,,?

ঘৰখনত অচিনাকী মানু্হজন ,তেওঁৰ মাকজনী আৰু এতিয়া তাই। বহুত ভাল মানু্হজন। ভাস্কৰ শইকীয়া। পেচাত এজন শিক্ষক। যথেষ্ট নম্ৰ -ভদ্ৰ আৰু কম কথা কোৱা গহীন মানু্হজন। আজিৰ এই স্বাৰ্থপৰ মানু্হ বোৰতকৈ বহু পৃথক। মাক জনীও বৰ মৰমীয়াল। তাইক নিজৰ জীয়েকৰ দৰে মৰম কৰে। তাই চিৰদিনলৈ তেঁওলোকৰ ঘৰত থকাটো বিচাৰে , তাইক ঘৰৰ বোৱাৰী হিচাপে গ্ৰহণ কৰিব বিচাৰে।

মানু্হ জনৰ ব্যৱহাৰ, কথা-  বতৰা, মৰম- যত্নবোৰ লাহে লাহে তাইৰ ভাল লগা হৈ পৰিছে। কিন্তু আগতে যিদৰে তাই এবাৰ প্ৰতাৰিত হৈছে সেইবাবে সহজতে বিশ্বাস কৰিবলৈ টান পাইছে। আৰু তাই  নিজকে এইজন ভাল মানু্হৰ যোগ্য নহয় বুলি এদিন সকলো কথা খুলি ক’লে,,,,,, কিন্তু তাইক ভাস্কৰে আচৰিত কৰি ক’লে—”আপোনাৰ অতীতক মই কেতিয়াও সলনি কৰিব নোৱাৰিম কিন্তু মই আপোনাৰ বৰ্তমানৰ হ’ব বিচাৰোঁ। বিশ্বাস কৰক আপোনাক অলপ মানো কষ্ট পাবলৈ নিদিওঁ। সদায় সুখত ৰাখিবলৈ চেষ্টা কৰিম। আমি তিনিও মিলি এটি সুখৰ সংসাৰ গঢ়িম। দিব নে মোক সংগ?”

আজি তাই বহুত সুখী। তাইৰ কোলা শুৱনি কৰি এজনী পৰীৰ দৰে ছোৱালী আহিছে তাইৰ জীৱনলৈ।  ভাস্কৰে তাইক বাৰে বাৰে ধন্যবাদ দিছে ইমান ডাঙৰ উপহাৰটি দিয়াৰ বাবে। তাই আজি সম্পুৰ্ণভাৱে পূৰ্ণ হ’ল।  সুখৰ সংসাৰ এটি হ’ল। তাই এদিন সকলো হেৰুৱাই পেলাইছিল আৰু আজি সকলোবোৰ পাই জীৱনটোক আকৌ এবাৰ ভাল পাবলৈ শিকিলে।