উপযাচি খবৰ এটা লওক চোন!
অৰ্ণৱ কটকী
জাঁজী, যোৰহাট
উপযাচি খবৰ এটা ৰাখিব চোন! কি ঠিক মানুহৰ জীৱন হে এবাৰ উশাহে লগ এৰিলেই দেখোন সকলো শেষ।
আত্মসন্মান বাবে নলয় ন আপুনি খবৰ? কি জানে আত্ম সন্মান ভাল হয় কিন্তু সম্পৰ্ক বিলাকতো অলপ এৰা ধৰাৰ মাজেৰেই পাৰ হৈ ন! আপুনিও চোন জানে সেই কথাটো মোতকৈ ভালকৈ। অ অৱশ্যে সেই আৱেগ- অনুভূতি খিনি ই জন ব্যক্তিৰো থকাটো দৰকাৰ। সুখ বহু মূল্যবান । দিনটোৰ সমস্ত দুঃখ পাহৰাবৰ বাবে সেই বিশেষ বাৰ্তা বা ফোন কল এটাই জানো যথেষ্ট নহয়। যি জনে আপোনাৰ মনৰ লগতে পৰিয়ালৰ খবৰ ৰখাৰ আগ্ৰহ কণ দেখুৱাই। আপুনিও এদিন তেনেকৈ চাওঁক চোন তেওঁৰ দৰে খবৰ লৈ। আপোনাৰ অলক্ষিতে হলেও তেওঁৰ মুখত আঁকি দিয়ক এটা নিভাজ হাঁহি, আপুনি মাথোঁ অনুভৱ হে কৰিব পাৰিব তেওঁৰ অন্তৰ খনত আপোনাৰ বাবেই এচাতি মলয়াৰ সুখে চুমি যাব , মন ভৰি কৃতজ্ঞ হ’ব।
তেওঁ আপোনাৰ বন্ধু, প্রেম,পৰিয়াল নাইবা অফিচৰ লগৰ বা এদিনৰ চিনাকীয়ো হ’ব পাৰে। সময় দিয়ক, হাঁহি বিলাই দিয়ক উপহাৰ আপুনিও হাঁহিয়েই পাব। ভালে থাকক সকলো।
