আন্ধাৰে আৱৰা জীৱন – মুন শৰ্মা

আন্ধাৰে আৱৰা জীৱন

মুন শৰ্মা, লখিমপুৰ

আজি বহু দিনেই হ’ল,
হেৰাই গ’ল, ক’ত গ’ল কেনি গ’ল,
ঠিকনা নাই বিচাৰি চলাথ,
জোনাক অহা সমস্ত ঠিকনা।
জোনাক গলেই যেতিয়া কৰোঁ নো কি!
আদৰি লওঁ  ইচ্ছা নাছিল, বিৰাট অনিচ্ছা,
তথাপি উপায় বাৰু আছে নো কি!
আন্ধাৰে আৱৰা জীৱন——-
 সকলো হেৰাল আন্ধাৰত অসহায় বিচাৰি নাপায়
সুখ, ৰং হাঁহি বোৰ আৰু বহুতো
বিচাৰি যায় উজুটি খাই,খেপিয়াই পায়,
দুখ বিষাদ বেদনা বিষাদ আৰু বহুতো,
আন্ধাৰে আৱৰা জীৱন গত্যান্ত কি!
আশা বোৰ নিৰাশৰ ডাৱৰ বান্ধি ৰৈ যায়,
 এজাক বৰষুণ ৰূপ লৈ ধুই যায়।
এদিন দুদিন আৰু বহু দিন,
নিয়তিৰ কেলেণ্ডাৰত তাৰিখ দেখোন  দেখাই নাই,
অন্ত কেতিয়া আন্ধাৰ বৃষ্টি ৰূপান্তৰ,
এজাক জোনাক গলা  এজাক বৰষুণলৈ,
সুখ বোৰ, হাঁহি বোৰ ,ৰং বোৰ জীৱন চোতালত,
আকৌ মেলিব খেলিব এজাক জোনাকী হৈ।