জীৱনৰ নীৰৱ ধৰ্ম – পৰীণিতা দেৱী

জীৱনৰ নীৰৱ ধৰ্ম

পৰীণিতা দেৱী,লক্ষীমপুৰ, বিহপুৰীয়া

জীৱনৰ বহু ধৰ্মৰ মাজত কিছুমান  এনে ধৰ্ম আছে, যিয়ে মানুহক মানুহ হিচাপে চিনাক্ত কৰাৰ সুযোগ প্ৰদান কৰে।জীৱনত সময়, সম্পদ, শক্তি বা সুযোগ—এই সকলোবোৰ আহে আৰু যায়, কিন্তু এগৰাকী ব্যক্তিয়ে কেতিয়াও সঁচা মনুষ্যত্বৰ অৰ্থ তেতিয়া উপলব্ধি কৰিব নোৱাৰে যেতিয়া তেওঁৰ চিন্তা, মনোভাৱ আৰু কৰ্মত নৈতিকতা, সহানুভূতি আৰু কৰ্তব্যনিষ্ঠাৰ উদ্ভাস নাথাকে। এই উপলব্ধিয়ে এজন ব্যক্তিক কেৱল সমাজৰ উন্নত নাগৰিক গঢ়ি তোলাই নহয়, বৰং জীৱনৰ  এজন আদৰ্শবান পথিকৰূপে গঢ়ি তোলে।

এজন ব্যক্তি যেতিয়া ধনৰ অধিকাৰী হয়, তেতিয়া সেই ধন কেৱল নিজ ভোগৰ উপকৰণ হিচাপে সীমিত নাৰাখি, সমাজৰ দুখীয়া, দীন-দুৰ্দশাগ্ৰস্তসকলৰ কল্যাণত ব্যয় কৰাৰ মানসিকতা থাকিলে হে তাৰ অৰ্থবোধৰ তথা ধনৰ সদ্‌ব্যৱহাৰ হয়। ধন দান কৰা মানেই কৃপা কৰা নহয়, বৰঞ্চ এক নৈতিক দায়িত্ব পালন কৰা। ধন কেতিয়াও স্থায়ী নহয়, কিন্তু দানৰ অন্তৰ্নিহিত মানৱতা যুগে যুগে জীয়াই থাকে। তেনেদৰে, যেতিয়া এজন ব্যক্তি  শাৰীৰিক, সামাজিক বা মানসিক ৰূপে শক্তিশালী হয় – তেতিয়া সেই শক্তিক অপব্যৱহাৰ নকৰাকৈ, নীৰৱ আৰু অসহায় লোকৰ প্ৰতি এক নিৰ্ভৰযোগ্য আশ্ৰয় হিচাপে নিজৰ অস্তিত্বক প্ৰতিষ্ঠা কৰাটো এক সঁচা কৰ্তব্য।

মানুহে জীৱনত ভুল কৰে, পাপো কৰে। কিন্তু সেই ভুলক ঢাকিবলৈ যুক্তি-বুদ্ধিৰ ছলত নিজকে নিৰ্দোষ প্রমাণ কৰাৰ চেষ্টা কৰাটো সঠিক নহয়, বৰং নিজৰ অন্তৰৰ দৰ্পণত নিজক স্পষ্টকৈ ভুলটো দেখা আৰু আত্ম-সমালোচনাৰ সাহস দেখুওৱা হ’ল আত্মশুদ্ধিৰ মূলমন্ত্ৰ।প্ৰায়শ্চিত্ত কোনো সামাজিক বাহ্যিক প্ৰদৰ্শনৰ আচাৰ  নহয়, ই হৈছে নিজ অন্তৰৰ এক নিঃস্বাৰ্থ আত্মজ্ঞান, যিয়ে ভুলৰ পৰা শিক্ষা লৈ জীৱনক নতুনকৈ গঠন কৰাৰ শক্তি দিয়ে।

পিতৃ-মাতৃৰ কথা আহিলে এই সকলো আদৰ্শৰ ওপৰত এক অনন্য নৈতিক গৰিমা আহে। পিতৃ-মাতৃ মাথোঁ জীৱনৰ দাতা নহয়, তেওঁলোক হৈছে আমাৰ জীৱনৰ প্ৰথম শিক্ষাগুৰু। তেওঁলোকৰ প্ৰতি যি কৰ্তব্য আছে, সেয়া কেৱল সামাজিক দায়িত্ব নহয়, সেয়া এক আত্মিক কৃতজ্ঞতাৰ নিৰব প্ৰতিফলন। পিতৃ-মাতৃৰ সেৱা কেৱল দায়িত্ববোধৰ পৰিসৰতেই সিমিত হ’ব নালাগে ; ই হ’ব লাগে হৃদয়ৰ গভীৰ আন্তৰিকতাৰে উৎসৰিত এক নিষ্কলুষ আত্ম-উৎসৰ্গা। এজন লোকক যদি জীৱনত সকলোৰে চকুত সফল বুলি গণ্য কৰা যায়, কিন্তু পিতৃ-মাতৃৰ প্ৰতি সন্মান, মৰম আৰু যত্নৰ বোধ নাথাকে, তেন্তে সেই সফলতা কেৱল বাহ্যিক প্ৰাপ্তি, অন্তৰত সেয়া শূন্য আৰু নিৰাৰ্থক।

অন্তৰত স্পষ্ট হোৱা এই বোধবোৰ দেখাত সাধাৰণ যেন লাগিলেও, এইবোৰৰ ভিতৰতেই নিহিত আছে এক সুদৃঢ়, নীৰৱ বিপ্লৱৰ শক্তি। যি ব্যক্তি এই বোধবোৰ হৃদয়ত আত্মস্থ কৰি জীৱন গঢ়ি তোলে, তেওঁ নিজে এটি জীৱন্ত শিক্ষাগ্ৰন্থ হৈ পৰে, যাৰ পৃষ্ঠাত মানুহে জীৱনৰ গভীৰ অৰ্থ বিচাৰি পাব পাৰে। এই সকলোবোৰ অনুভৱ মাথোঁ তত্ত্ব নহয়, ই হ’ল জীৱনব্যাপী সাধনাৰ বিষয়। মানৱজীৱন কেতিয়াও ভৌতিক বস্তুৰ আধাৰত পৰিপূৰ্ণ নহয়, ই পৰিপূৰ্ণ হয় মাথোঁ তেতিয়াহে, যেতিয়া সেই জীৱনৰ মাজত সদায় নৈতিকতা,সহানুভূতি, আত্মসমীক্ষা আৰু কৃতজ্ঞতাৰ দীপ্তি থাকে। এনে চিন্তাধাৰাই এজন ব্যক্তিক অন্তৰৰ পৰা সৎ, সমাজৰ বাবে আদৰ্শ আৰু যুগৰ বাবে আশাৰ প্ৰতীক হিচাপে গঢ়ি তোলে।এই আদৰ্শবোৰৰ প্ৰতি যত্নশীল থাকি, আমিও আমাৰ জীৱনক পূৰ্ণতা, গৰিমা আৰু সত্যৰ ৰঙেৰে ৰঙীন কৰিব পাৰোঁ।