মহানগৰীৰ খাৰঘুলিত লোমহর্ষক হত্যাকাণ্ড
ৰঙিলী বাৰ্ত্তাসেৱা– মহানগৰীৰ খাৰঘূলিত চাঞ্চল্যকৰ ঘটনা। ডিঙি ৰেপি হত্যা ৬৯ বছৰীয়া এগৰাকী মহিলাক। অকলশৰীয়াকৈ বসবাস কৰা অসুস্থ মহিলাগৰাকীক শোৱাপাটীতে দুর্বৃত্তই কাচিৰে ডিঙি ৰেপি হত্যাকাণ্ড সংঘটিত কৰিলে। উল্লেখ্য যে খাৰঘুলি পাহাৰৰ ওপৰত অকলশৰে থকা বন্দনা দাস নামৰ মহিলাগৰাকীক বুধবাৰে কাহিলি পুৱাতে শোৱাপাটীত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰে তেওঁক চোৱাচিতা কৰা কুঞ্জলতা দাস নামৰ মহিলাগৰাকীয়ে। ২০০১ চনতে স্বামীহাৰা বন্দনা দাসে স্বামীৰ পেন্সনৰ টকাৰে কোনোমতে চলি আছিল। আনকি কিছু নিলগত থাকি তেওঁৰ দুই ভাতৃয়েও চোৱাচিতা কৰিছিল। এবছৰমান পূর্বে দুর্ঘটনাত পতিত হৈ আঘাতপ্রাপ্ত হোৱা বন্দনা দাসে ভালকৈ খোজকাঢ়িব পৰা নাছিল। যাৰ বাবে তেওঁক চোৱাচিতা কৰিবলৈ ভাতৃয়ে ৰাতুল দাস আৰু কুঞ্জলতা দাস নামৰ এটা দম্পতীক ঘৰৰ লগতে থকাৰ ব্যৱস্থা কৰি দিছিল। যোৱা এবছৰৰ অধিক সময় ধৰি এই দম্পতীটোৱে বন্দনা দাসক চোৱাচিতা কৰিছিল। আনকি মহিলাগৰাকীৰ খোৱা-লোৱা, বজাৰ-সমাৰ সকলো দিশ চোৱাচিতা কৰিছিল ৰাতুল দাস আৰু কুঞ্জলতা দাসে। ইয়াৰ মাজতে বুধবাৰে পুৱা কুঞ্জলতা দাসে বন্দনা দাসৰ ঘৰৰ দুৱাৰ খোলা থকা অৱস্থাত বন্দনা দাসক বাথৰুমলৈ যোৱাৰ ধাৰণা কৰি বাইদেউ বুলি চিঞৰি মাতে যদিও কোনো উত্তৰ নহাত কোঠাৰ ভিতৰলৈ সোমাই গৈ বিছনাত ৰক্তাক্ত অৱস্থাত দেখিবলৈ পায়। লগে লগে দম্পতীটোৱে চুবুৰীয়াৰ লগতে আৰক্ষীকো খবৰ দিয়ে। ঘটনাৰ খবৰ পায়েই আৰক্ষীৰ এটা দল হত্যাকাণ্ডস্থলীত উপস্থিত হৈ সকলো দিশ পৰ্যবেক্ষণৰ লগতে কিছু ক্লু উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ঘটনা সন্দর্ভত ডিচিপি অমিতাভ বসুমতাৰীয়ে প্ৰকাশ কৰা মতে, হত্যাকাণ্ড সন্দর্ভত যথেষ্ট তথ্য লাভ কৰিব পৰা গৈছে। কিন্তু তদন্তৰ খাতিৰত তাক প্রকাশ কৰিব পৰা নাযায়। আৰক্ষীয়ে হত্যাকাণ্ড সন্দর্ভত সোধা-পোছাৰ বাবে দম্পতীটোক আটক কৰিছে। ইফালে বন্দনা দাসৰ ভাতৃয়ে প্রকাশ কৰা মতে, তেওঁৰ জ্যেষ্ঠ ভগ্নী থকা চৌহদটোত যথেষ্ট জংঘল হোৱা বাবে ৰাতুল দাসৰ জৰিয়তে দুজন শ্রমিক আনি চৌহদটো পৰিষ্কাৰ কৰিছিল। ৰাতুল দাসে এই শ্রমিক দুজনক লৈ আহিছিল। ঘটনাস্থলীত কাচি এখন উদ্ধাৰ হোৱা ঘটনাই কাম কৰিবলৈ অহা শ্রমিকেই ধনৰ লোভত এই কার্য সংঘটিত কৰিলে নেকি তাক লৈ প্রশ্ন উত্থাপন হৈছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি বন্দনা দাসৰ বাসগৃহৰ পৰা কোনোধৰণৰ মূল্যৱান সম্পত্তি অথবা নগদ ধন হৰলুকী হোৱা নাই। আনকি বন্দনা দাসৰ ভাতৃয়ে প্রকাশ কৰা মতে, তেওঁৰ জ্যেষ্ঠ ভগ্নীৰ হাতত কোনোধৰণৰ সোণৰ গহনা বা নগদ ধন নাছিল। তেনেক্ষেত্ৰত হত্যাকাৰীয়ে কি উদ্দেশ্য লৈ মহিলাগৰাকীক হত্যা কৰিলে এয়া যথেষ্ট ৰহস্য হৈ পৰিছে। অৱশ্যে আৰক্ষীয়ে হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ আৰু হত্যাকাৰী অচিৰেই সন্মুখলৈ আহিব বুলি স্পষ্ট কৰিছে।
