অসম প্ৰকাশন পৰিষদৰ অভিলাষী প্রকল্প
২২ টা নির্বাচিত বিষয়ক গ্ৰন্থৰ পাণ্ডুলিপিৰ বাবে ‘গ্রন্থবর্ষ ২০২৫ ফেল’শ্বিপ’
ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ ভাষা, সাহিত্য আৰু গ্ৰন্থৰ ক্ষেত্ৰখনক সুদৃঢ় কৰাৰ লক্ষ্যৰে আত্মনিয়োগ কৰি অহা অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ অধীনস্থ অনুষ্ঠান অসম প্রকাশন পৰিষদে এইবেলি অসমৰ লেখক তথা বৌদ্ধিক ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিসকলক সামৰি এক অভিলাষী প্রকল্প হাতত লৈছে। অসম চৰকাৰে ইতিমধ্যে ঘোষণা কৰা ‘গ্ৰন্থবর্ষ ২০২৫ ‘ৰ অন্যান্য কাৰ্যসূচীৰ লগত সংগতি ৰাখি অসম প্রকাশন পৰিষদে সকলো শ্ৰেণীৰ লেখক জড়িত হ’ব পৰাকৈ অসমীয়া, বাংলা আৰু বড়ো ভাষাৰ লগতে অসমৰ জনগোষ্ঠীয় ভাষাৰ গ্ৰন্থকাৰসকলৰ বাবে এই প্ৰকল্পৰ পৰিকল্পনা কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ অনুসৰি শিক্ষামন্ত্ৰী তথা পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৰ নিৰ্দেশনা মর্মে পৰিষদে ইতিমধ্যে এই প্ৰকল্পৰ অধীনত গ্ৰন্থৰ পাণ্ডুলিপি প্রস্তুত কৰাৰ বাবে প্ৰাৰম্ভিক নিয়মাৱলী প্ৰস্তুত কৰি উলিয়াইছে। অসম প্রকাশন পৰিষদৰ এই নতুন প্ৰকল্পৰ নাম হ’ব ‘গ্রন্থবর্ষ ২০২৫ ফেল’শ্বিপ’। এই প্ৰকল্পৰ অধীনত অসমৰ লেখক-গ্রন্থকাৰসকলে পৰিষদৰ দ্বাৰা নিৰ্ধাৰিত বিষয়সমূহৰ মাজৰ পৰা যিকোনো বিষয় বাছনি কৰি ৰচনা কৰা গ্ৰন্থৰ পাণ্ডুলিপিৰ বাবে ফেল’শ্বিপ লাভ কৰিব।
গুৱাহাটীৰ বামুণীমৈদামস্থিত অসম প্রকাশন পৰিষদৰ কাৰ্যালয়ৰ সভাগৃহত এখন সংবাদমেলৰ আয়োজন কৰি পৰিষদৰ সচিব প্রমোদ কলিতাই এই বিষয়ৰ সকলো দিশ সদৰি কৰে। তেওঁ কয় যে এই প্ৰকল্পৰ অধীনত নিজৰ গ্ৰন্থ প্ৰকাশৰ বাবে ইচ্ছুক লেখক-গ্রন্থকাৰসকলে অহা ৩১ জুলাইৰ ভিতৰত নিজৰ গ্ৰন্থৰ বিষয় অৱগত কৰি পৰিষদলৈ আৱেদন কৰিব লাগিব। এই প্ৰকল্পৰ ক্ষেত্ৰত অংশগ্ৰহণৰ বাবে বয়সৰ কোনো উচ্চ সীমা নাথাকে। সকলো বয়সৰ লেখকে আবেদন কৰিব পাৰিব। গ্ৰন্থৰ পাণ্ডুলিপি প্ৰেৰণৰ বাবে পৰিষদৰ ফালৰ পৰা নিৰ্দিষ্ট কৰি দিয়া বিষয়সমূহ হৈছে-১) প্রাচ্যতত্ত্ব, ২) লোক-সংস্কৃতি ৩) লোক-সাহিত্য ৪) জনগোষ্ঠীয় সমাজ ৫) বিজ্ঞান, ৬) সাহিত্য তত্ত্ব, ৭) ভাষাতত্ত্ব ৮) পুৰাতত্ত্ব ৯) সংস্কৃতি ১০) শিশু সাহিত্য ১১) মহৎ সাহিত্যৰ অনুবাদ, ১২) ইতিহাস ১৩) বীৰগাথা, ১৪) জীৱনী, ১৫) ক্রীড়া ১৬) চলচ্চিত্র ১৭) সমাজ বিজ্ঞান, ১৮) কলা সমালোচনা ১৯) পাৰিপাৰ্শ্বিকতা, ২০) শিশুৰ উপযোগী শৰীৰ-শিক্ষা ২১) প্রাচীন সভ্যতা আৰু ২২) ঐতিহ্য। উল্লিখিত ২২ টা বিষয়ক লৈ গ্ৰন্থ ৰচনাৰ বাবে আগ্রহী লেখকসকলে ৩১ জুলাইৰ আগতে নিজৰ গ্ৰন্থখনৰ বিষয় সম্পর্কে অৱগত কৰি পৰিষদলৈ আৱেদন কৰাৰ উপৰিও অহা ১ নৱেম্বৰৰ আগতে সম্পূৰ্ণ পাণ্ডুলিপি পৰিষদৰ কাৰ্যালয়ত জমা দিব লাগিব। ফেল ‘শ্বিপৰ আৱেদন পত্র পৰিষদৰ ইমেইল-assampublicationboard@gmail.com ঠিকনাতো প্ৰেৰণ কৰিব পাৰিব। অহা চাৰিটা মাহৰ ভিতৰত গ্ৰন্থ ৰচনা কৰি জমা দিয়া লেখকৰ পাণ্ডুলিপি পৰিষদৰ দ্বাৰা গঠিত উচ্চ পৰ্যায়ৰ দহজনীয়া সমিতিয়ে পৰীক্ষা কৰিব আৰু এই প্ৰকল্পৰ অধীনত মনোনীত হোৱা গ্ৰন্থৰ পাণ্ডুলিপিৰ লেখকে গ্ৰন্থৰ কলেৱৰ অনুসৰি ৫০ হাজাৰ টকাৰ পৰা ৭৫ হাজাৰ টকা লাভ কৰিব। আনহাতে ফেল’শ্বিপ লাভ কৰা লেখকৰ পাণ্ডুলিপিসমূহ প্রকাশ কৰাৰ কর্তৃত্ব একমাত্র অসম প্রকাশন পৰিষদৰ থাকিব। মনোনীত অর্থাৎ ফেল’শ্বিপ লাভ কৰা পাণ্ডুলিপিসমূহ পর্যায়ক্রমে অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰিব। অমনোনীত পাণ্ডুলিপি ঘুৰাই পাবলৈ হ’লে লেখকে পৰিষদৰ কাৰ্যালয়ৰ পৰা নিজে সংগ্ৰহ কৰিব লাগিব। অসম প্ৰকাশন পৰিষদত কৰ্তব্যৰত কোনো বিষয়া-কর্মচাৰীয়ে এই প্ৰকল্পৰ বাবে আৱেদন কৰিব নোৱাৰিব। অহা ৩১ জুলাইৰ ভিতৰত আৱেদন কৰাৰ বাবে আৰু আৰু অহা ১ নৱেম্বৰৰ ভিতৰত সম্পূর্ণ পাণ্ডুলিপি জমা দিয়াৰ বাবে প্ৰেৰণ কৰাৰ ঠিকনা-গ্রন্থবর্ষ ফেল ‘শ্বিপ, অসম প্রকাশন পৰিষদ, বামুণীমৈদাম, গুৱাহাটীৰ-২১।
