স্বাধীনতা আন্দোলনৰ ঐতিহ্যমণ্ডিত কৰিমগঞ্জ জিলাৰ নাম পৰিৱর্তন কৰাত প্রতিৰোধ নাগৰিক কমিটীৰ

স্বাধীনতা আন্দোলনৰ ঐতিহ্যমণ্ডিত কৰিমগঞ্জ জিলাৰ নাম পৰিৱর্তন কৰাত প্রতিৰোধ নাগৰিক কমিটীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  জনমতক তোয়াক্কা নকৰাকৈ, কৰিমগঞ্জ জিলাৰ নাম পৰিবর্তনৰ অন্যায় আৰু অগণতান্ত্রিক সিদ্ধান্ত জাপি দিয়াৰ বিৰুদ্ধে আজি সহস্রাধিক জনতাই কৰিমগঞ্জ চহৰৰ ৰাজপথ উত্তাল কৰি তোলে। স্বাধীনতা আন্দোলনৰ ঐতিহ্যমণ্ডিত কৰিমগঞ্জ জিলাৰ নাম পৰিবর্তন প্রতিৰোধ নাগৰিক কমিটিৰ আহ্বানত সঁহাৰি জনাই আজি দিনৰ ১২ বজাত কৰিমগঞ্জ চহৰৰ স্টেশন ৰোডস্থিত নেতাজি সুভাষচন্দ্র বসুৰ পাদদেশত জিলাৰ কটামণি , বদৰপুৰ, দুল্লভছৰা – চেৰাগী-রংপুৰ- আনিপুৰ , ৰাতাবাৰী , পাথাৰকান্দি, নিলাম বাজাৰ, ভাঙ্গা, চৰগোলা, লাতু, শ্বৰিফনগৰ , কালীগঞ্জ , বাৰোপুঞ্জি ইত্যাদি ঠাইৰ পৰা সহস্ৰাধিক প্রতিবাদী ছাত্র – যুবক – মহিলাসকলে তীব্ৰ গৰমৰ মাজতো অংশগ্ৰহণ ংকৰি কৰিমগঞ্জ জিলাৰ ইতিহাস, ভ্রাতৃত্ববোধক সুৰক্ষিত ৰখাৰ অঙ্গীকাৰ লৈ উপস্থিত হয়। গণমিছিলৰ প্রথমতে আন্দোলনকাৰীসকলে হাতে হাতে বিশ্বকবি ৰবীন্দ্ৰনাথ , বিদ্রোহী কবি নজৰুল ইছলাম, বীৰ সন্ন্যাসী স্বামী বিবেকানন্দ, স্বাধীনতা আন্দোলনের আপোষহীন ধাৰাৰ অন্যতম প্রধান যোদ্ধা নেতাজী সুভাষচন্দ্র বসু, বিপিন চন্দ্র পাল, চিত্তৰঞ্জন দাশ, উল্লাসকৰ দত্তৰ প্রতিকৃতি লৈ আগবাঢ়ে । মূল বেনাৰৰ পাছফালে উপস্থিত আছিল নাগৰিক কমিটিৰ অন্যতম আহ্বায়ক সুনীত ৰঞ্জন দত্ত, ৰজত চক্রবর্তী, অৰুণাংশু ভট্টাচার্য সহ বিশিষ্ট সমাজকর্মী চন্দন চক্রবর্তী, জ্যোতিষ পুৰকায়স্থ, পৰিমল চক্রবর্তী , নাগৰিক অধিকাৰ ৰক্ষা কমিটিৰ সেক্রেটাৰি জেনাৰেল সাধন পুৰকায়স্থ, বিশিষ্ট সমাজকর্মী অধ্যাপক অজয় ৰায়, বিশিষ্ট সমাজকর্মী সত্যজিৎ গুপ্ত, ভবতোষ চক্ৰবৰ্তী , সুশীল পাল, বদৰপুৰৰ বিশিষ্ট সংগ্রামী ব্যক্তিত্ব যথাক্রমে মইনুল হক, হিফজুৰ ৰহমান, ছৈয়দ ছাহাব উদ্দিন, আহমেদ ছাহিল, ভাঙ্গাৰ বিশিষ্ট সমাজকর্মী ৰথীন্দ্র চন্দ্র দাস, ৰাতাবাড়িৰ হেলাল খান, দুল্লভছড়াৰ মৃণাল সিনহা সহ আৰো বিশিষ্ট ব্যক্তিসকলে। প্ৰতিবাদকাৰী সকলে দৃপ্ত কন্ঠে “অন্যায় আৰু অগণতান্ত্রিকভাবে গৃহীত কৰিমগঞ্জ জিলাৰ নাম পৰিবর্তনৰ সিদ্ধান্ত নেমানো , নেমানো “, “সাম্প্রদায়িকতাবাদ আৰু উগ্ৰপ্রাদেশিকতাবাদৰ বিৰুদ্ধে যুঁজিব লাগিব একেলগে”, “কৰিমগঞ্জ জিলাৰ নাম পৰিবৰ্তনৰ অন্যায় আৰু অগণতান্ত্রিক সিদ্ধান্তৰ বিৰুদ্ধে সকল দেশপ্রেমিক জনগণ এক হওক “, “সাম্প্ৰদায়িক অভিসন্ধি লৈ কৰিমগঞ্জ জিলাৰ নাম পৰিবৰ্তনৰ বিৰুদ্ধে সংগ্ৰামৰ শপথ লওক”, “ৰাজপথত আওয়াজ তোলক কৰিমগঞ্জ জিলাৰ নাম পৰিবর্তন বাতিল কৰক” ইত্যাদি শ্লোগান দি আকাশ বাতাস মুখৰিত কৰি জিলা আয়ুক্ত কার্যালয়ত উপস্থিত হৈ দীর্ঘক্ষণ ধৰি বিক্ষোভ প্ৰদৰ্শন কৰে। বিক্ষোভ থলীত বক্তব্য দাঙি ধৰে সংগ্ৰাম কমিটিৰ অন্যতম আহ্বায়ক অৰুণাংশু ভট্টাচার্যই। তেওঁ কয় যে কেবলমাত্র সংকীর্ণ ৰাজনৈতিক স্বার্থত বিভাজনৰ ৰাজনীতিক শক্তিশালী কৰাৰ বাবে ৰক্তক্ষয়ী স্বাধীনতা আন্দোলন আৰু স্বাধীনোত্তৰ কালৰ বহু ছাত্র আৰু গণ আন্দোলনৰ ঐতিহ্যমণ্ডিত কৰিমগঞ্জ জিলাৰ নাম পৰিবৰ্তন কৰা হৈছে। স্বাধীনতা আন্দোলনৰ সময়ছোৱাৰ মনিষীসকলৰ চিন্তাক ভৰিৰে মোহাৰি পৰিবর্তনৰ অধ্যাদেশ জাৰী কৰা হয়। ইয়াৰ লগত এই অঞ্চলৰ পৰিকাঠামোগত আৰু জনজীবনৰ জীবন-জীবিকা সংক্রান্ত উন্নয়নৰ কোনো সম্পর্ক নাই। অপ্রয়োজনীয় আৰু অযৌক্তিক এই পৰিবর্তন কার্যকৰী কৰিবলৈ চৰকাৰী কোষাগাৰৰ পৰা বিশাল অর্থ ব্যয় কৰিব লাগিব। তদুপৰি নথিপত্র পৰিবর্তনৰ বাবে একপিনে জনসাধাৰণক যথেষ্ট আর্থিক বোজা বহন কৰিব লাগিব অইনপিনে অভাবনীয় সমস্যাৰ সম্মুখীন হবে লাগিব। তেওঁ আৰু কয় যে বৰাক উপত্যকাৰ জনগণ যি সীমাহীন বৈষম্যৰ সন্মুখীন তাৰ বিৰুদ্ধে যাতে ঐক্যবদ্ধ গণতান্ত্রিক আন্দোলন গঢ়ি নুঠে এই উদ্দেশ্যেই চৰম সাম্প্রদায়িক আৰু উগ্র প্রাদেশিকতাবাদী মনোভাব লৈ কৰিমগঞ্জ জিলাৰ নাম পৰিবর্তন কৰা হৈছে । এই গভীৰ চক্রান্তৰ বিৰুদ্ধে লাহে লাহে জনগণ যে ঐক্যবদ্ধ হৈ আছে সেয়া আজিৰ সমদলত স্পষ্ট হৈ পৰিছে। তেওঁ অহাদিনত তীব্ৰ ঐক্যবদ্ধ দুৰ্বাৰ গণআন্দোলন গঢ়ি তুলিবলৈ জিলাবাসীক ৰাইজক আহ্বান জনায়।নাগৰিক কমিটিৰ পক্ষৰ পৰা জিলা আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্রীৰ ওচৰত স্মাৰকপত্র প্রেৰণ কৰা হয়। স্মাৰকপত্রত অবিলম্বে কৰিমগঞ্জ জিলাৰ নাম পৰিবৰ্তনৰ অন্যায় আৰু অযৌক্তিক সিদ্ধান্ত অবিলম্বে বাতিলৰ বাবে দৃঢ়তাৰে দাবি জনোৱা হয়৷