২৪ ঘণ্টাত গাজাত ইজৰাইলৰ বোমাত ৮১জন নিহত
ৰঙিলী বাৰ্ত্তাসেৱা- ইতিমধ্যে যুদ্ধত ক্ষত-বিক্ষত হৈছে গাজা। ২৪ ঘণ্টাত গাজাত ইজৰাইলী সেনাই চলোৱা নৰসংহাৰৰ বলি হৈছে ৮১ জন নিৰীহ পেলেষ্টাইনী। এই ঘটনাত আহত হৈছে ৪২২জন। গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ৰ বিষয়াৰ বক্তব্যৰ উদ্ধৃতি দি এই তথ্য সদৰী কৰিছে আল জাজিৰাই। মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে দাবী কৰা অনুসৰি আগন্তুক এটা সপ্তাহৰ ভিতৰতে গাজাত হামাছ আৰু ইজৰালীৰ মাজত যুদ্ধবিৰতিৰ সম্ভাৱনা আছে। কিন্তু ট্রাম্পৰ এনে দাবীৰ মাজতে অতি হিংস্র আক্রমণ চলাইছে ইজৰাইলী সেনাই। গাজাৰ দক্ষিণ প্ৰান্তৰ খান ইউনিছ চহৰত ইজৰাইলী সেনাৰ বোমাবর্ষণত বহু লোকে প্রাণ হেৰুৱাবলগীয়া হৈছে। খান ইউনিছৰ বসতি অঞ্চলত বোমাবর্ষণ কৰিছে ইজৰাইলী সেনাই। লক্ষণীয়ভাৱে বিগত সময়ছোৱাত সাহায্য সামগ্রী সংগ্ৰহ কৰিবলৈ শাৰী পতা লোকক ইজৰাইলী সেনাই নৃশংসভাবে গুলীয়াই হত্যা কৰাৰ অভিযোগ উঠিছিল। এইবাৰ নিৰীহ লোকৰ বসতি অঞ্চলত বোমাবর্ষণ কৰিলে ইজৰাইলে। ইফালে যুদ্ধবিধ্বস্ত গাজাৰ পৰিস্থিতি অতি ভয়াৱহ হৈ পৰিছে। অঞ্চলটোত অপুষ্টিৰ বলি হ’বলগীয়া হৈছে দীর্ঘদিন ধৰি অনাহাৰে থকা শিশুসকল। ৰাষ্ট্ৰসংঘৰ শাখা সংস্থা ইউনিচেফে সদৰী কৰা অনুসৰি শেহতীয়াকৈ গাজাত অপুষ্টিত প্রাণ হেৰুৱাবলগীয়া হৈছে ৬৬টা শিশুৱে।