সৃজনীশীল সাহিত্যঃ দৰং মহাবিদ্যালয়ত প্ৰকাশন পৰিষদৰ আলোচনা সত্ৰ

সৃজনীশীল সাহিত্যঃ দৰং মহাবিদ্যালয়ত প্ৰকাশন পৰিষদৰ আলোচনা সত্ৰ

ৰঙিলী বাৰ্ত্তাসেৱা- অসম প্ৰকাশন পৰিষদৰ উদ্যোগত তেজপুৰৰ ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ত অনুষ্ঠিত হয় সৃজনীশীল সাহিত্য বিষয়ক আলোচনা সত্ৰ ৷ দৰং মহাবিদ্যালয়ৰ প্ৰকাশ সাহিত্য গোটৰ সহযোগত আয়োজিত এই সত্ৰত তিনিটা গুৰুত্বপূৰ্ণ বিষয় আলোচিত হয় ৷ ইয়াত “ভ্ৰমণ সাহিত্যৰ মাজেৰে গল্পৰ সন্ধান আৰু ব্যাখ্যা” শীৰ্ষক বিষয়ত বক্তব্য আগবঢ়ায় বিশিষ্ট কথা-শিল্পী অতনু ভট্টাচাৰ্যই ৷ তেওঁ প্ৰসংগত কয় যে এই বিষয়টো ভালদৰে আলোচনা হোৱা নাই ৷ অসমীয়া ভাষাত ভ্ৰমণ সম্পৰ্কীয় গ্ৰন্থ প্ৰকাশ হৈছে যদিও ভ্ৰমণ সাহিত্যৰ পৰীক্ষা-নিৰীক্ষা ভালদৰে হোৱা নাই ৷ কিন্তু বিভিন্ন দেশত আৰু ভাষাত এই বিষয়ক সাহিত্য বেছ প্ৰাণৱন্ত ৷ তেওঁ বিষয় প্ৰসংগত হেম বৰুৱাৰ ভ্ৰমণ সাহিত্যৰ কথা উল্লেখ কৰি কয় যে অসমীয়া ভাষাত ভ্ৰমণ সাহিত্যক লৈ কাম কৰাৰ প্ৰয়োজন আছে ৷ সত্ৰখনত “আধুনিক কবিতা নিৰ্মাণ আৰু পঠনৰ আনন্দ”ৰ বিষয়ে বক্তব্য প্ৰদান কৰে বিশিষ্ট লেখক-অনুবাদক, ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যাপক ড° অৰিন্দম শৰ্মাই ৷ তেওঁ কয় যে কবিতাই মানুহ, সমাজ, প্ৰকৃতিৰ সকলো স্তৰ কঢ়িয়ায় ৷ আমাৰ চকুত পৰা আৰু আমি নেদেখা দুয়োখন জগত কবিতাই দেখুৱাই দিয়ে ৷ পঠনৰ আচল আনন্দ ইয়াতেই ৷ কবিতা এটা নিৰ্মাণৰ সাৰ্থকতাও ইয়াতেই ৷ সত্ৰখনৰ অন্তিম পৰ্বত “পাঠৰ ব্যাখ্যা আৰু পুনৰ নিৰ্মাণ” সম্পৰ্কে বক্তব্য আগবঢ়ায় লেখক-অনুবাদক, নগাঁও মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ড° অনন্যা হিলৈদৰীয়ে ৷ তেওঁ কয় যে পুনৰ নিৰ্মাণ সাহিত্যৰ এটা গুৰুত্বপূৰ্ণ প্ৰসংগ৷ একেটা বিষয়ক লৈ ৰচিত সাহিত্যৰ ভিন্ন দিশ থাকে ৷ একেখন কিতাপেই ভিন্ন সময়ত পঢ়ুৱৈৰ মনক ভিন্ন ধৰণে স্পৰ্শ কৰিব পাৰে ৷ পুনৰ নিৰ্মাণে সাহিত্যৰ নতুন দিশ মুকলি কৰিব পাৰে ৷ কবি- লেখক নৱজ্যোতি পাঠকে পৰিচালনা কৰা আলোচনা সত্ৰখনত অসম প্ৰকাশন পৰিষদৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰে প্ৰকাশ আলোচনীৰ সম্পাদক মিহিৰ দেউৰীয়ে ৷ আদৰণী ভাষণ প্ৰদান কৰে দৰং মহাবিদ্যালয়ৰ অধ্যক্ষ ড° পৰশমণি শইকীয়াই ৷ শলাগৰ শৰাই আগবঢ়ায় প্ৰকাশ সাহিত্য গোট, দৰং মহাবিদ্যালয়ৰ সমন্বয়ক, অসমীয়া বিভাগৰ অধ্যাপক গকুল কুমাৰ দাসে ৷