বিশ্বৰ জেভেলিন ৰেংকিঙৰ শীৰ্ষস্থানত নীৰৰ্জ চোপ্ৰা

বিশ্বৰ জেভেলিন ৰেংকিঙৰ শীৰ্ষস্থানত নীৰৰ্জ চোপ্ৰা

ৰঙিলী বাৰ্ত্তাসেৱা- ৱৰ্ল্ড এথলেটিকছে প্ৰকাশ কৰিছে জেভলিন থ্ৰ’ৰ নতুন ৰেংকিঙ অনুসৰি অলিম্পিকত দুটাকৈ পদক জয়ী নীৰজ চোপ্ৰাই পুনৰবাৰ শীর্ষস্থান দখল কৰিছে । নতুন ৰেংকিঙত নীৰজ চোপ্ৰাই ১৪৪৫ পইণ্ট লাভ কৰাৰ বিপৰীতে এণ্ডাৰছন পিটাৰ্ছে ১৪৩১ পইণ্টেৰে দ্বিতীয় স্থানত আছে । জাৰ্মান এথলীট জুলিয়ান ৱেবাৰে ১৪০৭ পইণ্ট লাভ কৰি তিনি নম্বৰ স্থানত থকাৰ বিপৰীতে ১৩৭০ পইণ্টেৰে চতুৰ্থ স্থানত আছে পাকিস্তানৰ আৰ্ছাদ নাদীম ।পেৰিছ ডায়মণ্ড লীগ আৰু অষ্ট্ৰাভা গ’ল্ডেন স্পাইকত শ্রেষ্ঠত্ব অর্জন কৰাৰ সুবাদত নীৰজ চোপ্ৰাই বিশ্ব ৰেংকিঙৰ শীর্ষস্থানটো পুনৰুদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে জেভেলিন থ্র’ৰ বৰ্তমানৰ বিশ্ব চেম্পিয়ন নীৰজে যোৱা বছৰৰ ১৭ ছেপ্টেম্বৰত ব্রুছেলছত অনুষ্ঠিত ডায়মণ্ড লীগৰ ফাইনেলত গ্রানাডাৰ এণ্ডাৰছন পিটাৰ্ছৰ হাতত পৰাস্ত হোৱাত শীর্ষস্থানটো হেৰুৱাবলগীয়া হৈছিল।