গোলাঘাট জামুগুৰিৰ প্ৰকৃতি প্ৰেমী ব্যক্তি মৃদুল বৰাৰ সহযোগত মিলন উচ্চ মাধ্যমিক বিদ্যালয়ত দুশ চৌব্বিশ জোপা গছ ৰোপণ

গোলাঘাট জামুগুৰিৰ প্ৰকৃতি প্ৰেমী ব্যক্তি মৃদুল বৰাৰ সহযোগত মিলন উচ্চ মাধ্যমিক বিদ্যালয়ত দুশ চৌব্বিশ জোপা গছ ৰোপণ

মৃগাংক বৰুৱা, গোলাঘাট,ৰঙিলী বাৰ্ত্তাসেৱা-  গোলাঘাট জামুগুৰিৰ সমীপৰ চৰাইমাৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত শিক্ষক, প্ৰকৃতি প্ৰেমী ব্যক্তি তথা সামাজিক বনানী কৰনেৰে সেউজ অসম কৰাৰ সপোন দেখা ব্যক্তি মৃদুল বৰাৰ সহযোগত আজি পুৱা মিলন উচ্চ মাধ্যমিক বিদ্যালয়ৰ চৌহদত সাঁচি, নাহৰ,মেহগণি,অৰ্জুন, জলফাই,শেৱালি,জামু,অমৰা,কপাহ আদি দুশ চৌব্বিশ জোপা গছৰ পুলি ৰোপণ কৰা হয়। এই সকলো গছপুলি বিনামূলীয়া কৈ প্ৰদান কৰা মৃদুল বৰাই উক্ত কাৰ্যসূচী ৰ সভাত ছাত্র-ছাত্ৰী ক উদ্দেশ্যি গছে কেনেকৈ মানুহ, জীৱ-জন্তু উপকাৰ কৰে আৰু প্ৰথিবীৰ প্ৰাকৃতিক পৰিৱেশ সন্তুলিত ৰাখে তাৰ বিষয়ে ভাষণ প্ৰদান কৰে।ছাত্র-ছাত্ৰী সকলক নিজ হাতে গছ পুলি ৰোপণ কৰিবলৈ দি এই কাৰ্যসূচীত পূৰ্ণ সহযোগিতা আগবঢ়ায় বিদ্যালয় খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক পদ্মনাথ মিলি, সহযোগী শিক্ষক ভবেন চন্দ্ৰ বৰা আৰু স্বপন বৰুৱাই।