ত্রিকোণ প্ৰেমৰ বাবে গণেশগুৰিত যুৱতীক ছুৰিকাঘাত

ত্রিকোণ প্ৰেমৰ বাবে গণেশগুৰিত যুৱতীক ছুৰিকাঘাত

ৰঙিলী বাৰ্ত্তাসেৱা- পুনৰ গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ত্ৰিকোণীয় প্ৰেমৰ ভয়ংকৰ পৰিণতি। গণেশগুৰিত এগৰাকী যুৱতীক ছুৰিকাঘাত কৰি পথৰ কাষত পেলাই থৈ যায়।  শনিবাৰে পুৱা প্ৰায় ৪.৩০ বজাত প্রাতঃভ্রমণলৈ অহা লোকে গণেশগুৰিৰ পাঞ্জাবী গলিৰ হলছেল মার্কেটৰ পদপথত তেজেৰে লুতুৰি-পুতুৰি হৈ থকা অৱস্থাত এগৰাকী যুৱতীক প্রত্যক্ষ কৰে। ঘটনা সন্দর্ভত প্রত্যক্ষদর্শীয়ে দিছপুৰ আৰক্ষীক অৱগত কৰে। ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ আহত যুৱতীগৰাকীক উদ্ধাৰ কৰি জিএমচিএইচত ভর্তি কৰে। সম্প্রতি যুৱতীগৰাকী সংকটমুক্ত। যুৱতীগৰাকীৰ নাম কল্পনা সিংহ বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে ভুক্তভোগী কল্পনা সিংহ ,ৰাজু বৰ্মন আৰু নিকি বড়োৰ সৈতে গণেশগুৰিৰ হলছেল মার্কেটত কোনো কথাক লৈ কাজিয়াত লিপ্ত হৈছিল। ৰাজু বৰ্মনৰ প্ৰেয়সী নিকি বড়োৱে যুৱতীগৰাকীক প্রথমে মাৰপিট কৰিছিল। ইয়াৰ পিছত ভুক্তভোগী কল্পনাক ৰাজু বর্মনে ছুৰীৰে আঘাত কৰি পদপথত পেলাই উক্ত স্থানৰ পৰা আঁতৰি যায়। ভুক্তভোগী যুৱতীগৰাকীৰ এজাহাৰৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি অভিযুক্ত ৰাজু বৰ্মনক তিনি ঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। পেছাত ৰেপিডো চালক ৰাজুৰ দুই যুৱতীৰে থকা প্ৰেমৰ সম্পৰ্কৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি। ভুক্তভোগী যুৱতীগৰাকীয়ে দাবী কৰিছে। সম্প্রতি দিছপুৰ আৰক্ষীয়ে অভিযুক্ত ৰাজুক জেৰা অব্যাহত ৰাখিছে।