বিদেশলৈ মাজুলীৰ পৰা ২৬৭ মেট্ৰিক টন ৰঙা বাও ধান ৰপ্তানি

বিদেশলৈ মাজুলীৰ পৰা ২৬৭ মেট্ৰিক টন ৰঙা বাও ধান ৰপ্তানি : বিধায়ক ভুবন গাম, জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠক, উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগৰ সঞ্চালক নৃপেন দাসৰ অংশগ্ৰহণ

বিকাশ শইকীয়া: মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলীৰ বিশুদ্ধ প্ৰাকৃতিক পৰিবেশত বিশেষকৈ কোনো ধৰণৰ ৰাসায়নিক সাৰ, কীটনাশক বা বননাশক দৰৱ ব্যৱহাৰ নকৰাকৈ কৰা জিলাখনত উৎপাদিত জিলাখনৰ স্বাভিমান স্বৰূপ ২৬৭ মেট্ৰিক টন ৰঙা বাওধান আজি আনুষ্ঠানিক ভাৱে  সেউজীয়া পতাকা জোকাৰি সূদূৰ মুম্বাইলৈ পৰিবহণ কৰা বাহনৰ শুভাৰম্ভ কৰে বিধায়ক ভূবন গাম, জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠক, জিলা আৰক্ষী অধীক্ষক বিবেকানন্দ দাস আৰু উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগৰ সঞ্চালক নৃপেন দাসে৷ এই উপলক্ষে পকাজৰা তিনিআলিত কৃষি বিভাগৰ উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগৰ অধীনৰ মাজুলী এগ্ৰ’ অৰ্গেনিক কৃষক উৎপাদক কোম্পানী লিমিটেডৰ উদ্যোগত আৰু মাজুলী জিলা কৃষি বিভাগৰ সহযোগত আয়োজন কৰা অনুষ্ঠানত মধ্য এছিয়া আৰু ইউৰোপ মহাদেশৰ বিভিন্ন দেশলৈ জৈৱিক ৰঙা বাও ধান ৰপ্তানিৰ শুভাৰম্ভ কৰে৷ এই সমগ্ৰ ৰপ্তানি প্ৰক্ৰিয়াৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে আগশাৰীৰ ৰপ্তানিকাৰী কোম্পানী IVC Agrovet Private Limited এ। এই উপলক্ষে জিলা দূৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰকল্প বিষয়া দিব্যজ্যোতি শইকীয়াই আঁত ধৰা অনুষ্ঠানত প্ৰথমে জিলা প্ৰশাসন আৰু কৃষি বিভাগৰ সহযোগত মাজুলীত চলি থকা বহুকেইটা কৃষি কাৰ্যাৱলীৰ এখন তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়।  ইয়াৰ পিছতেই আদৰণি ভাষণ আগবঢ়াই জিলা কৃষি বিষয়া নাচেৰ ইকবাল ৰেজাই৷ তেওঁ এই পদক্ষেপৰ সফলতাৰ আশা কৰাৰ লগতে কৃষকৰ লাভৰ স্বাৰ্থত এই প্ৰক্ৰিয়া অব্যাহত ৰখাৰ কথা উল্লেখ কৰে। ইয়াৰ পিছতেই  IVC Agrovet Private Limited ৰ মহা প্ৰবন্ধক গৌতম ফুকনে ভাষণ প্ৰদান কৰি এই প্ৰক্ৰিয়াৰ সমগ্ৰ পৰিকল্পনা কথা উল্লেখ কৰে। এইক্ষেত্ৰত তেওঁলোকক চৰকাৰ, প্ৰশাসন, বিভাগ তথা কোম্পানীয়ে আগবঢ়োৱা সহযোগিতাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে।

কৃষক উৎপাদক কোম্পানীটোৰ বৰ্ড অৱ ডাইৰেক্টৰ ৰুদ্ৰ শইকীয়াই ভাষণ প্ৰদান কৰি ২০১৭ চনতে প্ৰতিষ্ঠা লাভ কৰা জৈৱিক কৃষক উৎপাদক কোম্পানীটোৰ বৰ্তমানলৈকে বিভিন্ন কাৰ্যাৱলীৰ লগতে ৰঙা বাওধান ৰপ্তানি প্ৰক্ৰিয়াটোত পূৰ্বে গ্ৰহণ কৰা সকলো বিষয় অৱগত কৰে। ইয়াৰ পিছতেই মাজুলীৰ বিধায়ক ভূৱন গামে মাজুলীৰ কৃষি আৰু আনুষংগিক খণ্ডৰ বিকাশৰ বাবে লোৱা বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। তেওঁ এইক্ষেত্ৰত প্ৰয়োজনীয় সকলো সহযোগিতা আগবঢ়োৱাৰ কথা উল্লেখ কৰে। জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে ভাষণ আগবঢ়াই এই প্ৰক্ৰিয়াৰ সৈতে জঢ়িত প্ৰতিগৰাকীলৈ আন্তৰিক ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ লগতে মাজুলীৰ কৃষি আৰু আনুষংগিক খণ্ডৰ উত্তৰণৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ কথাও উল্লেখ কৰে।

উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগৰ সঞ্চালক নৃপেন দাসে ভাষণ আগবঢ়াই এই পদক্ষেপক উল্লেখনীয় হিচাপে বিবেচনা কৰে। মাজুলীৰ কৃষকক বাণিজ্যিক পথ দেখুওৱাৰ বাবে তেওঁ ৰপ্তানিকাৰী কোম্পানীটোক ধন্যবাদ জ্ঞাপন কৰে। লগতে মাজুলী এগ্ৰ’ অৰ্গেনিক কৃষক উৎপাদক কোম্পানীয়ে এই প্ৰক্ৰিয়াৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাৰ শলাগ লয়। তেওঁ লগতে মাজুলীৰ জিলা আয়ুক্তই মাজুলীৰ কৃষক আৰু কৃষি খণ্ডৰ উত্তৰণৰ বাবে লোৱা পদক্ষেপক ধন্যবাদ দিয়ে আৰু মাজুলীৰ কৃষি খণ্ডৰ উত্তৰণৰ বাবে তেওঁ জঢ়িত হবলৈ পাই আনন্দিত হোৱা বুলি উল্লেখ কৰে। তাৰোপৰি, উদ্যান শস্য খণ্ডত স্ব-নিয়োজনৰ বাট মুকলি কৰিবলৈ বহুতো সম্ভাৱনা আছে। সেয়েহে তেওঁ সকলো কৃষকক পৰিকল্পনা অনুসৰি আগবাঢ়িবলৈ আহবন জনায়।

ভাৰ্চুৱেলী এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে  IVC Agrovet Private Limited ৰ পৰিচালন সঞ্চালক কে এছ সিংঘালে। তেওঁ এই প্ৰক্ৰিয়াত সহযোগিতা আগবঢ়োৱা সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপনৰ লগতে অনাগত সময়ত মাজুলীৰ কৃষকৰ কৃষি আয় বিকাশৰ বাবে পূৰ্ণ সহায় আগবঢ়াব বুলি মন্তব্য কৰে।

শেষত IVC Agrovet Private Limited ৰ গুণগত উৎপাদন নিয়ন্ত্ৰণ আয়োগ (QPCC) ৰ মুৰব্বী ৰাধিকা পাৱাৰে আগবঢ়োৱা শলাগৰ শৰাইৰে অনুষ্ঠানৰ সামৰণি পৰে। উল্লেখ্য যে, মাজুলীৰ ১০০০ হেক্টৰ ভূমিত ৰঙা বাওধানৰ খেতি কৰা হৈছিল। আৰু এই উৎপাদিত ধান বৰ্তমান বিদেশলৈ ৰপ্তানিৰ বাবে মাজুলীৰ পৰা প্ৰেৰণ কৰা হয়। বিশ্বৰ বজাৰত যে জৈৱিকভাৱে উৎপাদিত ৰঙা বাওধানৰ চাহিদা বৃদ্ধি পাইছে, সেই কথা এই ৰপ্তানি প্ৰক্ৰিয়াই প্ৰমাণিত কৰিছে। মাজুলীত উৎপাদিত ৰঙা বাওধানৰ বিশ্বমুখী যাত্ৰাই মাজুলীৰ কৃষকক উৎসাহিত কৰাৰ লগতে এই পদক্ষেপৰ জৰিয়তে মাজুলীৰ সকলো কৃষক অনাগত দিনত উপকৃত হোৱাটো নিশ্চিত।

এই কাৰ্যসূচীত আৰক্ষী অধীক্ষক বিবেকানন্দ দাস, অতিৰিক্ত জিলা আয়ুক্ত সৰুজ সোণোৱাল, MOVCD-NER আঁচনিৰ নডেল বিষয়া মুস্তাকিম হুছেইন আৰু অৰূপ শৰ্মা, বিশিষ্ট সমাজকৰ্মী দীপক গোস্বামী, বীৰেন শইকীয়া, IVC Agrovet Private Limited ৰ মুখ্য বিত্তীয় বিষয়া সুখদেৱ ঘাডগে, অভিযান মহা প্ৰবন্ধক সবোধ পাৱাৰ, জ্যেষ্ঠ দুগ্ধ বিশেষজ্ঞ অমিত কুমাৰ, জিলা কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰী, মাজুলী এগ্র’ অৰ্গেনিক কৃষক উৎপাদক কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া বাণিজ্য দাস আৰু বিষয়ববীয়া, মাজুলীৰ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী তথা বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।