আজিৰে পৰা মাজুলী মহাবিদ‍্যালয়ত দুদিনীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ

আজিৰে পৰা মাজুলী মহাবিদ‍্যালয়ত দুদিনীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ

বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- ‘অনুসন্ধান নেশ্যনেল ৰিচাৰ্ছ ফাউণ্ডেশ্যন’ আৰু ‘জৈৱ প্ৰযুক্তিবিদ্যা বিভাগ’ ৰ অৰ্থ সাহাৰ্যেৰে মাজুলী মহাবিদ্যালয়ত আজিৰে পৰা অনুষ্ঠিত হৈছে ‘Bioresources Conservation: Challenges and Opportunity on the Dynamic Climate Changes in Northeast India’ শীৰ্ষক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ । মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগ, প্ৰাণী বিজ্ঞান বিভাগ, ইক’ ক্লাৱ তথা মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সহযোগত অনুষ্ঠিত আলোচনাচক্ৰখনিৰ উদ্বোধনী অনুষ্ঠানত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই। পুৱা এন চি চিৰ পৰিচালক নাৰায়ণ শইকীয়া আৰু অনাময় কৰ্মী দীপক দাসৰ নেতৃত্বত এন চি চিৰ কেডেটসকলে পৰিৱেশ পৰিষ্কাৰ কৰে। ইয়াৰ পাছতেই ১০ বজাৰ পৰা মহাবিদ‍্যালয়ৰ শিক্ষাৰ্থীসকলে পৰিৱেশন কৰা ডঃ দেৱজিৎ শইকীয়া ৰচিত আৰু অনিল কুমাৰ বৰা সুৰাৰোপিত মহাবিদ্যালয়ৰ সংগীতটিৰে উদ্বোধনী অনুষ্ঠান আৰম্ভ কৰা হয়। মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক অপূৰ্বজ্যোতি হাজৰিকাই আঁত ধৰা উদ্বোধনী অনুষ্ঠানত মহাবিদ‍্যালয়ৰ অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই আদৰণী ভাষণ দিয়ে। তেওঁ আলোচনা চক্ৰখনিৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰাৰ লগতে প্ৰকৃতি সুৰক্ষাৰ স্বাৰ্থত জৈৱ সম্পদসমূহৰ সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত এই আলোচনা চক্ৰই নতুন পথৰ সন্ধান দিব কৰিব বুলি আশা প্ৰকাশ কৰে।

আয়োজক সমিতিৰ প্ৰধান সমন্বয়ক ডঃ মঃ আমিনুল ইছলামে আলোচনাচক্ৰখনিৰ উদ্দেশ্যৰ বিষয়ে সকলোকে অৱগত কৰে। অনুষ্ঠানত মুখ‍্য অতিথি হিচাপে উপস্থিত থাকি মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ নিৰোদ বৰুৱাই মাজুলীৰ জৈৱ সম্পদসমূহৰ বিষয়ে উল্লেখ কৰি বৰ্তমান সময়ত এইসমূহে সন্মুখীন হোৱা প্ৰত্যাহবানৰ বিষয়ে ব‍্যাখ্যা কৰে । লগতে এনে আলোচনাচক্ৰ আয়োজনৰ দ্বাৰা মহাবিদ্যালয়খনে গ্ৰহণ কৰা সজাগতাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ ক্ষীৰপদ দত্ত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপক ডঃ পাৰ্থপ্ৰতিম বৰুৱাই নিজৰ ভাষণেৰে সকলোকে আপ্লুত কৰে। অনুষ্ঠানত বিশেষ বক্তৃতা প্ৰদান কৰি নতুন দিল্লীৰ টেৰীচাচৰ অধ্যাপক ডঃ শশীভূষণ ত্ৰিপাঠীয়ে জলবায়ু পৰিৱৰ্তন আৰু জৈৱ বৈচিত্ৰ‍্যৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বিষয়ে আলোকপাত কৰে। জলবায়ু পৰিৱৰ্তনৰ লগে লগে আহি পৰা বৰ্ধিত সমস্যাসমূহৰ কথা উল্লেখ কৰি তেওঁ প্ৰাকৃতিকভাৱে এইসমূহ সমাধানৰ বিভিন্ন উপায় সকলোৰে আগত দাঙি ধৰে। আনটো বিশেষ বক্তৃতা প্ৰদান কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ বিজয় নেওগে দৃশ্য-শ্ৰব্য মাধ্যমেৰে বহনক্ষম উন্নয়নৰ দিশেৰে জৈৱ সম্পদসমূহৰ ব্যৱহাৰৰ বিষয়ে আলোকপাত কৰে। পৰম্পৰাগত বনৌষধিৰ ব্যৱহাৰৰ দিশত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰি তেওঁ জৈৱ সম্পদসমূক প্ৰয়োজনীয় সুৰক্ষা প্ৰদান কৰি এখন সুস্থ পৃথিৱী গঢ়িবলৈ সকলোকে অনুৰোধ জনায়।

অনুষ্ঠানৰ অন্তত সকলোকে শলাগ জ্ঞাপন কৰে ইংৰাজী বিভাগৰ অধ্যাপিকা প্ৰজ্ঞা পাৰমিতা কৌশিকে। উদ্বোধনী অনুষ্ঠানৰ পিছতেই অনুষ্ঠিত হোৱা বিশেষ এক আলোচনাসত্ৰত মূল বক্তৃতা আগবঢ়াই উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ প্ৰধান বিজ্ঞানী ডঃ লক্ষী শইকীয়াই। বিয়লি সমান্তৰালভাৱে অনুষ্ঠিত চাৰিখনকৈ আলোচনা সত্ৰত ডঃ নৱজিৎ হাজৰিকা, ডঃ গীতামণি দত্ত, ডঃ ৰঞ্জিত দত্ত, ডঃ ধৰ্মেশ্বৰ বৰ্মন, ডঃ চফিকুল ইছলাম ভূঞা, ডঃ অজয় কুমাৰ দাস, ডঃ ভাস্কৰ শৰ্মা,  ডঃ লীজা সন্দিকৈ, ডঃ প্ৰণৱ পাল, ডঃ চিত্ৰাভানু দেৱী, ডঃ তেজকুমাৰ সিং, ভাস্কৰ দুৱৰা আদি আগশাৰীৰ অধ্যাপক তথা গৱেষকে গৱেষণা পত্ৰ উপস্থাপন কৰে। কালিলৈ সম্পূৰ্ণ অনলাইন মাধ্যমেৰে পুনৰ চাৰিখনকৈ আলোচনা সত্ৰ অনুষ্ঠিত হ’ব। কালিলৈ বিয়লি আনুষ্ঠানিকভাৱে সামৰণি পৰিব এই আলোচনা চক্ৰৰ। উল্লেখ‍্য, মাজুলীৰ উচ্চশিক্ষাৰ প্ৰাণকেন্দ্ৰ মহাবিদ্যালয়খনত অনুষ্ঠিত এই বিশেষ আলোচনাচক্ৰখনত দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰায় দুই শতাধিক অংশগ্ৰহণকাৰীয়ে নিজৰ গৱেষণা পত্ৰ পাঠ কৰিব বুলি উদ্যোক্তাসকলে জনাইছে।