সুন্দৰৰ পূজাৰী নাৰী
যমুনা দুলু বৈশ্য,
শুৱালকুছি
নাৰী মানে এটা শক্তি
সাহসৰ এটা সত্তা
নাৰী মানে এখন আকাশ
এটা আশ্ৰয়ৰ ধুনীয়া মন..।।
নদী হৈ সাগৰলৈ বয়
উদাৰতাৰে এখন হিয়াৰ পৰা
এখন হৃদয়লৈ নিৰৱে
বৈ থাকে মাথো অবিৰাম…।।
অকৃত্ৰিম ভালপোৱা বোৱাই
এক অংশ ঈশ্বৰৰ চেতনাৰে
য’ত আছে সত্যতা
সুন্দৰৰ পূজাৰী হৈ…।।
স্নেহ উপচাই অসুন্দৰতাকো
কৰে সুন্দৰতাৰে বহল দৃষ্টিৰে
ধৰি ৰাখে…!
আকাশৰ পৰা মাটি চুমি,
স্পৰ্শ কৰে শব্দৰ স’তে মিলিবলৈ ।