অম্বুবাচী
লক্ষ্মী বৰ্মন
উখল মাখল
নীলাচলৰ বুকু
পবিত্ৰ কামাখ্যা ধাম
ভক্তি ৰসত
উখল মাখল
চৌদিশে হৰি নাম ।
অগনন ভক্তৰ
ভক্তি অঞ্জলি
যেন বৈকুণ্ঠ ধাম
আকাশত হৰিনাম
বতাহত হৰিনাম
পবিত্ৰ নীলাচল ধাম ।
জয় জয় মাতাৰাণী
জগত জননী তুমি
ভক্তক কৰিবা দয়া
তোমাৰ শ্ৰীচৰণত
শিৰনত কৰিলো.
শতবিল্ব পত্ৰ দিয়া ।
সাধু ভক্তগনে
যাগ যজ্ঞ কৰিছে
শ্ৰীচৰণত কৰিছে সেৱা
ভক্তি অঞ্জলি লোৱা
হে জননী আই
শ্ৰদ্ধাৰে কৰিলো সেৱা ।
জন সমুদ্ৰত
পৰিনত হ’ল
তোমাৰ পবিত্ৰ ধাম
মহাযজ্ঞ মেলা
নীলাচলৰ বুকুত
চৌদিশে হৰি নাম ।
অম্বুবাচী মেলা
মাৰ দৰবাৰত
যেন বৈকুণ্ঠ ধাম
তুষ্ট হোৱা আই
জগত জননী
শ্ৰদ্ধাৰে কৰিলো প্ৰণাম।