নামনি মাজুলীৰ বালিচাপৰি মিলিত কৃষ্টি সংঘত বৰগীত, খোল আৰু সত্ৰীয়া নৃত্যৰ গ্ৰীষ্মকালীন কৰ্মশালাৰ আয়োজন
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- সাংস্কৃতিক ক্ষেত্ৰ – মাজুলীৰ উদ্যোগত আৰু শংকৰজ্যোতি বহুমুখী সাংস্কৃতিক মহাবিদ্যালয়ৰ সহযোগত নামনি মাজুলীৰ বালিচাপৰিৰ মিলিত কৃষ্টি সংঘৰ প্ৰেক্ষাগৃহত অহা ১৬ জুলাইৰ পৰা ৩০ জুলাইলৈকে গ্ৰীষ্মকালীন কৰ্মশালাৰ আয়োজন কৰা হৈছে। উক্ত, কৰ্মশালাৰ বিষয়বস্তু হৈছে বৰগীত, খোল আৰু সত্ৰীয়া নৃত্য। উক্ত, কৰ্মশালাত অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। সকলো বয়সৰ ছাত্ৰ-ছাত্ৰীয়ে উক্ত কৰ্মশালাত অংশগ্ৰহণ কৰিব পাৰিব। কৰ্মশালাখনত যোগদানৰ মাছুল ৩৫০.০০ টকা ধাৰ্য কৰা হৈছে। কৰ্মশালাত যোগদানৰ বাবে ৯১০১৯ ৭২৭৬৭, ৯৯৫৭৩-৬১৯৭৭, ৬০০২৭ ৩০৮৭৯ ফোন নম্বৰত যোগদান কৰিবলৈ শংকৰজ্যোতি বহুমুখী সাংস্কৃতিক মহাবিদ্যালয়ৰ অধ্যক্ষ দেবেন চন্দ্ৰ ভূঞাই আহ্বান জনাইছে।