অম্বুবাচী মহাযোগ ২০২৫ লৈ অহা ভক্ত প্ৰাণ লোকক সেৱা আগবঢ়াব এবিভিপিয়ে
ৰঙিলী বাৰ্ত্তাসেৱা- অম্বুবাচী মহাযোগত উপস্থিত হোৱা লক্ষ লক্ষ ভক্তগণক বিভিন্ন প্ৰকাৰে সেৱা আগবঢ়াবলৈ আগবাঢ়িছে এবিভিপি অসম প্ৰদেশ। স্বাস্থ্য, জল, স্বচ্ছতা আদি দিশত গুৱাহাটী মহানগৰৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানৰ পৰা অহা বিদ্যাৰ্থী পৰিষদৰ কাৰ্যকৰ্তা সকলে সেৱা আগবঢ়াব।আজি এক অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক সম্পাদক হেৰল্ড মহনে নিলাচল ধামত “অম্বুবাচী মহাযুগত” অংশ কৰিবলৈ অহা সমূহ ভক্ত গনক আদৰণি জনাই সকলো ভক্তগণক সেৱা আগবঢ়োতো আমাৰ দায়িত্ব বুলি উল্লেখ কৰে। লগতে মা কামাখ্যা ধামত উপস্থিত হোৱা ভক্ত সকলক সেৱা আগবঢ়াব পোৱাটোও আমাৰ বাবে মা কামাখ্যাৰ এক আশীৰ্বাদ আৰু পৰম কৃতাৰ্থৰ কথা।