মিৰ্জাত গণ সাহিত্য সাংস্কৃতিক মঞ্চৰ বিষ্ণু প্ৰসাদ ৰাভা দিৱস পালন
ৰঙিলী বাৰ্ত্তাসেৱা- গণ সাহিত্য সাংস্কৃতিক মঞ্চ, মিৰ্জাৰ সৌজন্যত ২০ জুনত কীড্ ৱেদা,মিৰ্জা কেন্দ্ৰত মঞ্চৰ বিষ্ণু প্ৰসাদ ৰাভা দিৱস যথেষ্ট সংখ্যক লোকৰ উপস্থিতিত উদ্ যাপন কৰা হয়। কাৰ্যসূচীৰ আৰম্ভণিতে গণশিল্পী ৰাভাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে মঞ্চৰ সভাপতি প্ৰফুল্ল দাসে আৰু মাল্যদান কৰে কিড্ ৱেদাৰ অধ্যক্ষা নীলাক্ষী হালৈয়ে। আদৰণী ভাষণত মঞ্চৰ সম্পাদক মুকুল কুমাৰ দাসে অভ্যাগত সকলক আদৰণী জনোৱাৰ লগতে বিগত কালছোৱাত মঞ্চই কৰি অহা অনুষ্ঠানসমূহৰ চমু বিৱৰণ দাঙি ধৰে। মঞ্চৰ শিল্পীবৃন্দই উদ্বোধনী গীতৰ লগতে সমৱেত কণ্ঠত বিষ্ণু প্ৰসাদ ৰাভাৰ কেইবাটাও গীত পৰিবেশন কৰে।বিষ্ণু প্ৰসাদ ৰাভাৰ জীৱন দৰ্শনৰ ওপৰত আলোকপাত কৰে মঞ্চৰ সহ সম্পাদক তথা বিশিষ্ট সমাজকৰ্মী বাসুদেৱ শৰ্মাই।অনুষ্ঠানত বিশিষ্ট গীটাৰ বাদক তথা সঙ্গীত পৰিচালক দীপ ৰাজবংশীক মঞ্চৰ তৰফৰ পৰা গামোচা,শৰাই,সম্বৰ্দ্ধনা পত্ৰ আৰু কিতাপৰ টোপোলাৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। লগতে যোৱা শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মঞ্চৰ তিনিগৰাকী শিল্পী অংকিতা চৌধুৰী, প্ৰীতিশা প্ৰিয়দৰ্শিনী, চুমী ভৰালীক গামোচা,প্ৰশংসা পত্ৰ আৰু কিতাপৰ টোপোলাৰে সম্বৰ্দ্ধনা জনোৱা হয়।অনুষ্ঠানত বিশিষ্ট লেখিকা কল্পনা কুমাৰী দাস,বিশিষ্ট নাট্যকাৰ জীৱন ভূঞা, লেখিকা মণি গোস্বামী,দীপ্তি গোস্বামী শৰ্মা, যুতিকা ডেকা, তুলসী দাসে কবিতা আবৃত্তি কৰে।মণীষা শৰ্মা, ৰুবি ভূঞা কলিতা,ৰাণু কলিতা, শেৱালী দাস, সঙ্গীতা শৰ্মা, মূৰ্চনা বৰুৱা, বৰ্ণিল চহৰীয়া, যুটিকা কলিতা, জ্ঞানভী গোস্বামী, কল্পনা ভূঞা হালৈ, জয়ন্ত গোস্বামী, ডিম্পি ভৰালী,জ্যোৎস্না চৌধুৰী,ভানু নাথ,জয়ন্তী কলিতা,ৰুবি মেধি,কল্পনা দাস,গীতাঞ্জলি চৌধুৰী, গীতা ৰাজবংশীৰ গীতৰ লগতে কীড্ ৱেদা মিৰ্জা কেন্দ্ৰৰ কে জিৰ শিশু শিল্পীসকলৰ গীত-মাতৰ অনুষ্ঠান আছিল কাৰ্যসূচীৰ অন্যতম আকৰ্ষণ।অনুষ্ঠানত বাদ্যশিল্পীসকল আছিল- হাৰমনিয়ামত নৃপেন কুমাৰ, তবলাত প্ৰাঞ্জল কুমাৰ আৰু গীটাৰত বিবেক কলিতা। মঞ্চৰ সভাপতি প্ৰফুল্ল দাসে সভাপতিৰ ভাষণত বিষ্ণু প্ৰসাদ ৰাভাৰ ‘এয়ে মোৰ শেষ গান’ গীতটিৰ পটভূমি সুন্দৰকৈ ব্যাখ্যা কৰাৰ লগতে আগত দিনবোৰত মঞ্চক অধিক সমৃদ্ধ আৰু শক্তিশালী কৰাৰ বাবে উপস্থিত সকলোকে আহ্বান জনায়৷