অনুভৱৰ চাদৰ- নাচিমা য়াচমিন, বিশ্বনাথ চাৰিআলি

P.C. wikipedia
 অনুভৱৰ চাদৰ
আজিও অনুভৱৰ চাদৰেৰে গা ঢাকি
মাথোঁ তোমাকেই আৱৰি স্বপ্নজাল গিঠিছোঁ,
আৰু সেই স্বপ্নজালৰ প্ৰতিটো সূতাত
তোমাৰ স্পৰ্শ পাবলৈ ব্যাকুল হৈ পৰিছোঁ।
জানা যেতিয়া মনৰ চোতালত
ৰিমঝিম বাৰিষা এজাক নামে,
তেতিয়া এই অবুজ মনে কেৱল
তোমাৰেই সান্নিধ্য বিচাৰি ফুৰে।
সেউজ ধৰাৰ প্ৰতিতো বস্তুৱে
শান্তিৰ নিজৰা বোৱাই আনে,
হৃদয়ত থকা অনুভূতি সমূহে
বৰকৈ তোলপাৰ কৰে।