আৰাধ্য নে উপেক্ষিতা? – পৰীণিতা দেৱী

আৰাধ্য নে উপেক্ষিতা?

পৰীণিতা দেৱী
 লক্ষীমপুৰ, বিহপুৰীয়া

এফালে সমাজে ধৰ্মীয় আচাৰ-অনুষ্ঠানৰ নামত মাটিৰে নিৰ্মিত দেৱীমূৰ্তিত কোটি টকাৰ সমাৰ্পণ কৰি অপূৰ্ব শিল্প-সৌন্দৰ্যৰ নামত এক পৌৰাণিক শক্তিসত্তাক পূজনীয়তাৰ শীৰ্ষচূড়াত অধিষ্ঠিত কৰে। আনফালে, সেই একেখন সমাজে জীৱন্ত, হেঁপাহ-বেদনাৰে পৰিপূৰ্ণ এগৰাকী নাৰীক সম্পূৰ্ণ অৱহেলাৰ আঁৰত ঠেলি দিয়ে। এই পৰিঘটনাই সমাজৰ নৈতিক সংবেদনশীলতাৰ ক্ষয়িষ্ণু অৱস্থা স্পষ্টভাৱে উন্মোচিত কৰে..যে—ই এক সাংস্কৃতিক পক্ষপাত য’ত আদৰ্শ আৰু প্ৰয়োগৰ মাজত গভীৰ বিভাজন বিদ্যমান। যদি নাৰীক ‘শক্তি’ ৰূপে চিহ্নিত কৰি পূজা কৰা হয়, তেনেহলে জীৱন্ত নাৰীৰ প্ৰতি এই তাচ্ছিল্য, অৱহেলা আৰু লাঞ্ছনাৰ মনোভাৱে প্ৰশ্ন উত্থাপন কৰিব যে— “এই আৰাধনাৰ মৌলিক তাৎপর্য কি?” সত্যই চেতনাৰ গভীৰতালৈ সলনি হৈছে,নে কেৱল জনমানসৰ দৃষ্টি বিনিময়ৰ প্ৰয়োজনেৰে সংকলিত এক অনুশাসনমূলক অভিনয়মাত্ৰ? সমাজৰ এই দ্বিচৰিত্ৰ আচৰণ আত্মিক অভ্যন্তৰীকৰণৰ অভাৱ, নাৰীনিষ্ঠাৰ সংকট আৰু মানৱীয় সমবেদনৰ অনুপস্থিতিৰ বহিঃপ্ৰকাশ। সঁচা পূজা মূৰ্তিত নহয়, অন্তৰত হোৱা উচিত; নহ’লে, এনে লোকদৰ্শনাত্মক ভক্তি কেৱল আয়োজনমূলক সংস্কৃতিৰ অন্তঃসাৰহীন প্ৰতিচ্ছবিৰূপে অন্তৰ্ধান হৈ যায়।”। ইয়াৰ আঁৰত সদায় এটা মৌন আৰু তীক্ষ্ণ প্ৰশ্ন ৰৈ থাকে —এই আৰাধনা  আমাৰ অন্তৰচেতনাৰ প্ৰকৃত জাগৰণ, নে কেৱল বহিঃপ্রদৰ্শনৰ এক নিস্তাৰহীন অনুশীলন?”