যোগসাধনাত ধ্যান – মীনাক্ষী ৰায় ডাকুৱা

আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে

 যোগসাধনাত ধ্যান

মীনাক্ষী ৰায় ডাকুৱা,
গোলকগঞ্জ, ধুবুৰী

 শ্ৰীমদ্ভাগৱতগীতাত ভগৱান শ্ৰীকৃষ্ণই যোগৰ সংজ্ঞা কৈছে—”যোগ কৰ্মসু কৌশলম্‌” অৰ্থাৎ কৰ্মৰ কৌশলেই যোগ । যোগ ভাৰতৰ প্ৰাচীন ঐতিহ্য । সুপ্ৰাচীন কালৰপৰাই যোগচৰ্চাৰ অভ্যাস ভাৰতত চলি আহিছে। মন আৰু দেহৰ সংযোগ সাধনত যোগ এটি আধ্যাত্মিক শৃংখলা । বৰ্তমান সমগ্ৰ বিশ্ব জুৰি যোগসাধনা জনপ্ৰিয় হৈ উঠিছে । অষ্টাঙ্গ যোগৰ সপ্তম অঙ্গ হ’ল “ধ্যান ।”

পতঞ্জল যোগসূত্ৰৰ বিভূতিপাদত ধ্যানৰ লক্ষণ সম্বন্ধে কোৱা আছে ।

“তত্ৰ প্ৰত্যয়ৈকতানতা ধ্যানম্‌ ।”—য’ত ধাৰণা কৰা হৈছে, সেই ঠাইত জ্ঞানবৃত্তিৰ একতানতা অৰ্থাৎ একস্বৰূপ ধাৰা—সেয়াই ধ্যান ।

আজিকালি চাৰিওফালে ধ্যান কৰাৰ বা শিকোৱাৰ নানা কেন্দ্ৰ গঢ়ি উঠিছে । ধ্যান কৰিলেই শান্তি—এই কথাটোৱে মানুহক আকৰ্ষণ কৰিছে । এয়া এটি ভাল লক্ষণ । “মৰা মৰা” উচ্চাৰণ কৰি ধ্যান কৰোতে কৰোতে দস্যু ৰত্নাকৰ হৈছিল মহামুনি বাল্মীকি । সেইদৰেই হয়তো মানুহেও উপনীত হ’ব মনুষ্য জনমৰ সৰ্বোচ্চ শিখৰত ।

বীৰ সন্নাসী স্বামী বিবেকানন্দই ল’ৰালিকালত লগৰীয়া কেইজনমানৰ সৈতে ধ্যান ধ্যান খেল খেলিছিল । তেওঁৰ বাল্যকালৰ সেই খেলটোৱেই পৰৱৰ্তীকালত জীৱনসত্যত পৰিণত হৈছিল । অৱশ্যে এইটোও সত্য যে, সাধাৰণ মানৰ লোৰে যিদৰে ভাল অস্ত্ৰ তৈয়াৰ নহয়—প্ৰয়োজন ইস্পাত, সেইদৰে নৰেন্দ্ৰনাথৰ দৰে শুদ্ধসত্ব আৰু প্ৰজ্ঞা নাথাকিলে কোনেও বিবেকানন্দ হ’ব নোৱাৰে । অৱশ্যে এই কথাও ঠিক যে চেষ্টা, শিক্ষা আৰু অভ্যাসৰদ্বাৰা প্ৰত্যেক মানুহেই উন্নতি কৰিব পাৰে, বিকশিত হৈ উঠিব পাৰে জীৱনৰ বিভিন্ন ক্ষেত্ৰত । মাথোন চেষ্টাখিনি আন্তৰিক, শিক্ষাখিনি সঠিক আৰু অভ্যাসখিনি নিৰলস হ’ব লাগিব । চেষ্টা আৰু অভ্যাস সম্পূৰ্ণ নিজস্ব কথা হ’লেও শিক্ষাৰ বাবে কিন্তু আমি কিছু পৰিমানে আনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় । ইয়াতেই আহে বাছনি কৰি লোৱাৰ আৰু বুজি লোৱাৰ প্ৰশ্ন । কিবা শিকাৰ আগতে বুদ্ধিৰে, যুক্তিৰে নিৰীক্ষা কৰি ল’ব লাগিব কি কি শিকি আছোঁ আৰু কিয় শিকি আছোঁ ।

যোগৰ বহুকেইটা সোপান পাৰ হৈ শিকিব লাগে ধ্যান । অকল শিকাই নহয়, নিয়মিত চৰ্চা আৰু উপলব্ধিৰ মাজেৰে আগুৱাব লাগে । যোগ মাথোন মতবাদ(Theory) নহয়, ইয়াৰ ব্যৱহাৰিক(Practical) জ্ঞান নাথাকিলে কোনো কামতেই নাহে । ঋষি পতঞ্জলিৰ মতানুসৰি যোগৰ আঠটা অঙ্গ বা ভাগ আছে । যেনে—যম, নিয়ম, আসন, প্ৰাণায়াম, প্ৰত্যাহাৰ, ধাৰণা, ধ্যান আৰু সমাধি । আগৰ অঙ্গবিলাক বাদ দি ধ্যান শিকা সম্ভৱ নহয় । প্ৰথমতে আগৰ অঙ্গবিলাক অভ্যাস কৰিব লাগে । শৰীৰ আৰু মনক দৃঢ় কৰিবলৈ, ধ্যানৰ উপযোগী কৰি গঢ়ি তুলিবলৈ, শৰীৰক দৃঢ় কৰিবলৈ আসন আৰু শ্বাসক্ৰিয়াক নিয়ন্ত্ৰণ কৰিবলৈ প্ৰাণায়াম কৰিব লাগে । হঠযোগীসকলে শৰীৰক শোধন কৰিবলৈ যম-নিয়মৰ পৰিৱৰ্তে আৱিষ্কাৰ কৰিছে ষট্‌কৰ্মৰ । শৰীৰ আৰু শৰীৰৰ অভ্যন্তৰস্থ বিভিন্ন অঙ্গক দৃঢ় কৰিবলৈ লগতে দৃষ্টিৰ একাগ্ৰতা বঢ়াবলৈ সাহায্য কৰে ষট্‌কৰ্ম‌ই । যিসকলে নিয়মিত আসন, প্ৰাণায়াম আৰু অন্যান্য ক্ৰিয়াবিলাক কৰে, তেওঁলোকৰ ধ্যান কৰিবলৈ সুবিধা হয় । ইয়াতে কৈ থোৱা ভাল যে একাগ্ৰতা(Concentration) আৰু ধ্যানৰ মাজত ভালেখিনি পাৰ্থক্য আছে । ধ্যানৰ বাবে একাগ্ৰতা প্ৰয়োজন । ধ্যানত আহে প্ৰশান্তি । মনক কৰিব লাগে অন্তৰ্মুখী । মনৰ পৰা দুশ্চিন্তা দূৰ কৰিব লাগিব । অন্য জগতৰ পৰা মনক তুলি আনিব লাগিব যি প্ৰত্যাহাৰৰ অঙ্গ ।

ইয়াত এটা সহজ ধ্যানৰ কথা কোৱা হ’ল—পদ্মাসন, বজ্ৰাসন বা যিকোনো ধ্যানাসনত বহিব লাগিব । নোৱাৰিলে সাধাৰণভাৱে বহি, তাকো নোৱাৰিলে যেনেকৈ বহি স্বস্তি বা আৰাম পায় তেনেকৈ বহি ল‌ওক । এতিয়া সমুখৰ বেৰত নিজৰ ইষ্টদেৱতাৰ ছৱি থৈ বা এটি বিন্দু আঁকক বা খুব পাতল পোহৰৰ এটি জ্যোতি ব্যৱহাৰ কৰক । এতিয়া ছৱি, বিন্দু বা জ্যোতিৰ ফালে একদৃষ্টিৰে চাই থাকক । পিছত চকু বন্ধ কৰিও ইয়াক উপলদ্ধি কৰি থাকক। যেতিয়া ভাবিব মনৰ পৰা উপলব্ধি হেৰাই গৈ আছে, আকৌ কিছু সময় চাই লৈ একেদৰেই ক্ৰিয়াটো কৰি থাকক । প্ৰথম প্ৰথম সঘনে দেখিব লাগিব, পিছত দেখিব বহুসময় পিছে পিছে চালেই হয় । ইয়াৰ লগে লগে দীঘলকৈ শ্বাস গ্ৰহণ আৰু ত্যাগ কৰি থাকক বা কোনো এটি প্ৰাণায়াম ক্ৰিয়া কৰক । সাধাৰণ মানুহে পূৰক আৰু ৰেচক কৰিলেই হ’ল, কুম্ভক কৰাৰ প্ৰয়োজন নাই । অকল বুকু ভৰাই শ্বাস গ্ৰহণ আৰু দীঘলকৈ শ্বাস ত্যাগ কৰক ।

নিৰ্জনত বহি ধ্যান কৰক । য’ত বেছি পোহৰ, শব্দ নাই তেনেকুৱা ঠাইত নিয়মিত আধাঘণ্টা বা তাতোকৈ বেছি সময় ধ্যানৰ অভ্যাস কৰক । ধ্যান কৰা হয় শৰীৰ আৰু মনৰ উন্নতিৰ বাবে, সেয়ে যিসকল লোক অসুস্থ বা যিসকলৰ বহিবলৈকো ক্ষমতা নাই—তেওঁলোকে শুই শুইয়েই ধ্যান কৰিব পাৰে । ঠিকমতে ধ্যান কৰিব পাৰিলে বহুতো ৰোগ, জ্বালা-যন্ত্ৰণাৰ পৰা মুক্তি পোৱা যায় । যিসকলৰ হৃদৰোগ আছে, তেওঁলোকে ধীৰে ধীৰে শ্বাস সহযোগে অভ্যাস কৰক । তেজৰ উচ্চচাপ বা অন্যান্য বিভিন্ন ৰোগতো ধ্যান কৰিলে উপকাৰ পোৱা যায় । ধ্যান কৰি থাকোতে বীজমন্ত্ৰ‌ও জপ কৰিব পাৰে ।

ওঁ শান্তি, ওঁ শান্তি, ওঁ শান্তি ।