প্ৰতিকূল বতৰৰ মাজতে কেদাৰনাথত হেলিকপ্টাৰ দুৰ্ঘটনা

প্ৰতিকূল বতৰৰ মাজতে কেদাৰনাথত হেলিকপ্টাৰ দুৰ্ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা-  উত্তৰাখণ্ডত দুৰ্ঘটনাৰ কবলত পৰিল যাত্রীবাহী হেলিকপ্টাৰ। কেদাৰনাথ ধামৰ পৰা গুপ্তকাশীৰ দিশলৈ গৈ থকা অৱস্থাত ভাঙি পৰে হেলিকপ্টাৰখন। এই দুর্ঘটনাত পাইলটসহ ৭ গৰাকীৰ মৃত্যু হয়। উল্লেখনীয় যে পাইলটৰ উপৰি হেলিকপ্টাৰত আছিল ৬জন যাত্রী। অর্থাৎ দুর্ঘটনাত আটাইকেইজন নিহত হৈছে। নিহতসকলৰ ভিতৰত এটি শিশুও আছে। প্রতিকূল বতৰৰ বাবে এই দুর্ঘটনা সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছে। উত্তৰাখণ্ডৰ দুৰ্যোগ ব্যৱস্থাপনা বাহিনী (এছডিআৰএফ) ৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি দুর্ঘটনাত আটাইকেইজন নিহত হৈছে। ইফালে আৰক্ষী মহানির্দেশক নীলেশ ভাৰনেও এই মৃত্যুৰ খবৰ নিশ্চিত কৰিছে। আৰক্ষী সূত্ৰই সদৰী কৰা অনুসৰি কেদাৰনাথৰ পৰা যাত্ৰীসকলক গুপ্তকাশীলৈ লৈ গৈছিল হেলিকপ্টাৰখনে। নিয়ন্ত্ৰণ হেৰুৱাই গৌৰীকুণ্ডৰ অৰণ্যত গৈ পৰে হেলিকপ্টাৰখন। তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰা হয়।উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামিয়ে এই দুর্ঘটনাত শোক প্রকাশ কৰিছে। লক্ষণীয়ভাবে হেলিকপ্টাৰত থকা যাত্ৰীসকল উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ বাসিন্দা আছিল বুলি আৰক্ষী সূত্রই সদৰী কৰিছে।