আহমেদাবাদৰ বিমান দুর্ঘটনাত তুৰস্কৰ হাত নাইঃ তুৰস্কৰ সংস্থা
ৰঙিলী বাৰ্ত্তাসেৱা– এয়াৰ ইণ্ডিয়াৰ বিমান দুর্ঘটনাৰ পিছতে বিভিন্ন মহলে তুৰস্কলৈ সন্দেহৰ আঙুলি টোৱাইছিল। কিন্তু তুৰস্কৰ সংস্থাই এই অভিযোগ অগ্রাহ্য কৰিলে । তুৰস্কৰ ডিৰেক্টৰেট অৱ কমিউনিকেচন ফৰ চেণ্টাৰ ফৰ কাউণ্টাৰ ডিছ ইনফৰমেচনৰ তৰফৰ পৰা দাবী কৰা হৈছে যে আহমেদাবাদত দুর্ঘটনাত পতিত হোৱা এআই ১৭১ বিমানৰ ৰক্ষণাবেক্ষণৰ দায়িত্বত নাছিল তুৰস্কৰ সংস্থা ‘তার্কিছু টেকনিক’। উল্লেখনীয় যে এই সংস্থাই ‘চেলেবি’ নামৰ সংস্থা এটাৰ কৰ্মীক ঠিকাভিত্তিক এয়াৰ ইণ্ডিয়াৰ বিমান ৰক্ষণাবেক্ষণৰ কামত নিয়োজিত কৰা বুলি অভিযোগ উঠিছিল। সংস্থাটোৱে কয় যে তার্কিছ টেকনিক’ আৰু এয়াৰ ইণ্ডিয়াৰ মাজত ২০২৪-২৫ চনত যি চুক্তি হৈছিল সেই চুক্তিৰ আওতাত ব’য়িং ৭৮৭-৮ ড্রীমলাইনাৰ বিমান নাছিল। চুক্তিত আছিল মাত্ৰ বি৭৭৭ বিমানৰ ৰক্ষণাবেক্ষণৰ দায়িত্বৰ কথা। অর্থাৎ দুর্ঘটনাত পতিত হোৱা ড্রীমলাইনাৰ বিমানখনৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব তুৰস্কৰ সংস্থাৰ হাতত নাছিল বুলি ঘোষণা কৰা হৈছে। ইয়াৰ মাজতে বিভিন্ন তদন্তকাৰী সংস্থাই আহমেদাবাদ বিমানবন্দৰৰ গ্ৰাউণ্ড হেণ্ডলিং ষ্টাফক জেৰা কৰি থকা বুলি জানিব পৰা গৈছে। লক্ষণীয়ভারে দুর্ঘটনাগ্রস্ত বিমানখনৰ ব্লেকবক্সৰ তথ্য পৰীক্ষা-নিৰীক্ষা কৰি থকা হৈছে যদিও তদন্তকাৰীসকলে দুৰ্ঘটনাৰ সঠিক কাৰণ জানিব পৰা নাই।