ধুবুৰীত আইন-শৃংখলা পৰিস্থিতিক লৈ বৈঠক মুখ্যমন্ত্ৰীৰ

ধুবুৰীত আইন-শৃংখলা পৰিস্থিতিক লৈ বৈঠক মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ধুবুৰী চহৰৰ ৩নং ৱাৰ্ডৰ হনুমান মন্দিৰ চৌহদৰ ভিতৰত শেহতীয়াকৈ নিষিদ্ধ মাংস উদ্ধাৰ হোৱা ঘটনা সন্দৰ্ভত সৃষ্টি হোৱা উত্তেজনা তথা অপ্রীতিকৰ পৰিস্থিতিৰ বুজ ল’বলৈ ধুবুৰী জিলাত উপস্থিত হয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা। নিষিদ্ধ মাংস কটাক লৈ সৃষ্টি হোৱা উত্তেজনাৰ বিষয়টোক লৈয়ে জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াৰ সৈতে ধুবুৰী আৱৰ্ত ভৱনত এক উচ্চস্তৰীয় বৈঠকত মিলিত হয় মুখ্যমন্ত্রী ড° শর্মা। অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰী, আৰক্ষী সঞ্চালকপ্ৰধান হৰমিট সিঙৰ উপস্থিতিত এই বৈঠকতে উত্তেজনা সৃষ্টিকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি লোৱাৰ সিদ্ধান্ত গ্রহণ কৰা হয়। এই বৈঠকৰ পিছতে মুখ্যমন্ত্ৰীৰ স্পষ্ট ঘোষণা- ধুবুৰীত সন্ধিয়াৰ পাছতে অপৰাধীৰ বিৰুদ্ধে শ্বুট এট ছাইট ব্যৱস্থা গ্রহণ কৰা হ’ব। বৈঠকৰ পাছত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী ড° শর্মাই কয়- ধুবুৰীত সাম্প্রতিক উত্তেজনা সৃষ্টিৰ আঁৰত বাংলাদেশৰ এটা শক্তি জড়িত হৈ আছে। যোৱা এসপ্তাহ ধৰি ধুবুৰীৰ আইন-শৃংখলা পৰিস্থিতি কিছু প্রত্যাহ্বানমূলক হৈ আছে। বিশেষকৈ ঈদৰ পিছদিনা হনুমান মন্দিৰত গো-মাংস পেলাই থৈ যোৱা বিষয়টো যথেষ্ট স্পৰ্শকাতৰ বুলি চিহ্নিত হৈছে। ইতিমধ্যে বিষয়টোক লৈ শান্তি কমিটীৰ লগতে সকলো বিষয় আলোচনা কৰা হৈছিল যদিও পিছদিনা আকৌ গো-মাংস পেলাই থৈ যায়। মুখ্যমন্ত্রীয়ে কয়- এনেধৰণৰ ঘটনাবোৰ চলি থাকিলে ৰাইজ যথেষ্ট অসুবিধাত পৰিব। কটন বিশ্ববিদ্যালয়ৰ সন্মুখতো শেহতীয়াকৈ গো-মাংস পেলাই থৈ গৈছে। গৰু কুৰ্বানিৰ বাবে অনা হয়। কিন্তু গৰুক অস্ত্ৰ হিচাপে এচাম লোকে ব্যৱহাৰ কৰিছে। তেওঁলোকে ভাবে ইয়াত গৰু মাংস পেলাই থৈ গ’লে হিন্দু মানুহখিনিয়ে ঘৰ-মাটি বিক্ৰী কৰি গুচি যাব। কোনো কাৰণতে আমাৰ চৰকাৰৰ দিনত এয়া মানি লোৱা নহ’ব। কোনাবা এজন-দুজন লোকে গোটেই পৰিৱেশটো বিনষ্ট কৰিছে। অহা ঈদত মই নিজেই ধুবুৰীত উপস্থিত থাকিম। গোটেই ৰাতি হনুমান মন্দিৰত বহি থাকিম। কোনো কাৰণতেই ধুবুৰীৰ আইন-শৃংখলা হাতৰ বাহিৰলৈ যাব দিয়া নহয়। মুখ্যমন্ত্রী ড° শর্মাই উল্লেখ কৰে যে ধুবুৰীত গো-মাংস ব্যৱসায়ৰ এক নতুন চক্ৰ গঢ় লৈ উঠিছে। এইবাৰ ঈদৰ সময়ত হাজাৰ হাজাৰ গৰু ক্ৰয় কৰা হৈছিল। ইতিমধ্যে ইয়াক তদন্ত কৰিবলৈ দিয়া হৈছে। পূর্বে পশ্চিমবংগৰ পৰা ইমানসংখ্যক গৰু অহা নাছিল। কোনে ব্যৱসায়টো আৰম্ভ কৰিছে তাৰ তদন্ত কৰা হ’ব আৰু দোষীক গ্ৰেপ্তাৰ কৰা হ’ব। ইফালে ঈদৰ আগদিনা ধুবুৰীত বিতর্কিত পোষ্টাৰিঙক লৈও মুখ্যমন্ত্ৰী ড° শর্মাই কয় যে ধুবুৰীৰ বৰলুইতৰ পাৰৰ নেতাই ধুবুনী পাৰঘাটৰ পৌৰসভাৰ উদ্যানৰ বেৰত যি পোষ্টাৰিং কৰা হৈছিল, সেয়াও তদন্ত কৰি থকা হৈছে। এক চক্ৰই ধুবুৰীক বাংলাদেশৰ লগত চামিল কৰিব লাগে বুলি পোষ্টাৰ মাৰিছে। এই পোষ্টাৰত নবীন বাংলাদেশ, নিউ বাংলাদেশ বুলি কিছুমান সাংকেতিক কথাও লিখিছে। ইয়াৰ দ্বাৰা স্পষ্ট হৈছে যে ধুবুৰীত এটা সাম্প্রদায়িক শক্তি সক্রিয় হৈ আছে। সেয়েহে আজি ধুবুৰী ভ্ৰমণ কৰি সমগ্ৰ বিষয়টো পর্যালোচনা কৰিলোঁ মই। অহা সময়ছোৱাত ধুবুৰীৰ আইন-শৃংখলাৰ বিষয়টোত আৰক্ষী অধিক কঠোৰ হ’ব। নিশা শ্বুট এট ছাইট নির্দেশ দিয়া হৈছে। যিয়ে শিল মাৰিব, আৰক্ষীয়ে সন্দেহ কৰিলে তাক গুলী মাৰিব পাৰিব। তদুপৰি ৰেপিড একচন ফ’ৰ্চ, চিআৰপিএফো মোতায়েন কৰা হ’ব জিলাখনত। ধুবুৰীত যিমান জামিনবিহীন অপৰাধী আছে, তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰো নিৰ্দেশ দিয়া হৈছে। এই ভ্ৰমণৰ সময়ত আৰক্ষী মহাপৰিদৰ্শক (আইন-শৃংখলা) অখিলেশ সিং, জিলা আয়ুক্ত দিবাকৰ নাথ, জ্যেষ্ঠ আৰক্ষী অধীক্ষক নবীন সিঙৰ লগতে শীর্ষ বিষয়াসকল উপস্থিত আছিল।