আহমেদাবাদৰ বিমান দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ বিজেপি অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়াৰ

আহমেদাবাদৰ বিমান দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ বিজেপি অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়াৰ

ৰঙিলী বাৰ্ত্তাসেৱা- গুজৰাটৰ আহমেদাবাদত সংঘটিত শোকাবহ বিমান দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশে । এক প্ৰেছ বিবৃতিত ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ সভাপতি সাংসদ দিলীপ শইকীয়াই এয়াৰ ইণ্ডিয়াৰ ২৩২ জন যাত্ৰীৰ লগতে আন দহজন বিমানখনৰ পাইলট আৰু কৰ্মচাৰী পৰিবাহী এআই ১৭১ বিমানখনৰ শোকাবহ দুৰ্ঘটনাত নিহত সকলৰ প্ৰতি গভীৰ শোকপ্ৰকাশ কৰাৰ লগতে বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে । বিবৃতিখনত বিজেপিৰ সভাপতিজনে কয় , বিমানখনত যাত্ৰা কৰা প্ৰত‍্যেকজন ব‍্যক্তিৰ পৰিয়ালবৰ্গই কি পৰিস্থিতিৰ সন্মুখীন হ’ব লগা হৈছে সেয়া মই উপলব্ধি কৰিব পাৰিছোঁঁ। তেওঁলোকৰ দুখত আমি সকলো সমভাগী আৰু সকলোৰে প্ৰতি সমবেদনা জ্ঞাপন কৰিছোঁ । বিবৃতিখনত সাংসদ তথা ৰাজ‍্যিক বিজেপিৰ সভাপতিজনে দুৰ্ঘটনাটোত আহত সকলৰ দ্ৰুত আৰোগ‍্য কামনা কৰিছে৷