ওপজা গাওঁখনি – অমিয়া বেগম

ওপজা গাওঁখনি

 অমিয়া বেগম

ওপজা মৰমৰ গাওঁখনি
আজিও বাৰে বাৰে
স্মৃতিয়ে দোলা দিয়ে
কৈশোৰৰ হাঁহি- ধেমালি
আজি ক’ত হেৰা’ল
হিয়া বিষাদেৰে
উপচি পৰে।
সমনীয়াৰ সতে
পশ্চিমৰ আকাশৰ
ৰাঙলী বেলিৰ সৈতে
লুকা- ভাকু খেলা ।
সযতনে সাঁচি ৰাখিছোঁ
হৃদয়ৰ নিভৃতকোনত
আজীৱন পাহৰিবলৈ নোৱাৰা ;
জীৱনৰ অলেখ মধুৰ ক্ষণ।