মানুহ হেৰুৱাই পাইছে নে? – অৰ্ণৱ কটকী

মানুহ হেৰুৱাই পাইছে নে?

অৰ্ণৱ কটকী,
জাঁজী, যোৰহাট

জীৱনত মানুহ হেৰুৱাই পাইছে নে?

এই ধৰক আপোনাৰ প্ৰিয় হোৱাৰ চেষ্টা কৰি থকা মানুহ জন আপোনাৰ প্ৰিয় হৈ যোৱা পিছত অচিনাকী হৈ পৰে চকুৰ পচাৰতে। তেওঁ আপোন হৈ আপোনাৰ বুকুত লোৱা ঠাই খিনি হঠাতে উকা কৰি থৈ গুছি যায় । ভিতৰি ভিতৰি মৰি যোৱা মনটো লৈ থাকি যায় আপুনি আপোনাৰ কাষত। পুনৰ কাকো আপোন কৰিব নোৱাৰা ভয়ত। হেৰুৱাই পাইছে ন আপুনিও জীৱনত! মইও পাইছোঁ জানে প্ৰতি পলে। কোনোবাই কোৱা শুনিছিলো মানুহ চিনিব পৰা হ’লে বোলে মানুহ কমি যায় জীৱনত। একো নাই দিয়ক আমি মানুহ বিলাক তেনেকুৱাই, অলপতে মন ভৰে ,কি কৰিব!

সপোন দেখুৱাই সপোন ভঙা মানুহৰ জানো আকাল আছে?

আশা হেৰুৱাই নিদিব, জীৱন এবাৰেই গতিকে নিজক লৈ সুখী থকাৰ চেষ্টা কৰক। সময় সকলোৰে আহে, যিদৰে দিনৰ পিছত ৰাতি সাৱতে ধৰাই।