ভাৰত আৰু পাকিস্তানৰ মাজৰ ক্ৰিকেট খেলৰ দুৰত্বই কাক ক্ষতি কৰিব ?
দেবর্ষি গৌতম,বনগাঁও
ভাৰতৰ ভূমিত অনুষ্ঠিত হোৱা সকলো ধৰণৰ ক্ৰিকেট খেল পৰিচালনা কৰাৰ কৰ্তৃত্ব ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডৰ হাতত আছে। ভাৰতে আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা সকলো ক্ৰিকেট খুব ধুনীয়াকৈ আৰু সুচাৰুৰূপে পৰিচালনা কৰি আছে। বৰ্তমান ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডৰ সচিব পদত অধিষ্ঠিত হৈ আছে অসম সন্তান দেৱজিত শইকীয়া। ইয়াৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট বোৰ্ডৰ সচিব পদত ভাৰতৰ পূৰ্বৰ বি চি চি আই সচিব জয় শ্বাহ অধিষ্ঠিত হৈ আছে। অৰ্থ উপাৰ্জনৰ দিশৰ পৰা ইতিমধ্যে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ড চমুকৈ বি চি চি আই পৃথিৱীৰ ভিতৰতে আটাইতকৈ ধনী ক্ৰিকেট বোৰ্ড হিচাপে পৰিগণিত হৈছে। ২০০৮ চনত পোন প্ৰথমবাৰৰ বাবে ক্লাব ফ্ৰেঞ্চাইজ ক্ৰিকেটৰ আৰম্ভণি বি চি চি আইৰ তত্বাৱধানত ইণ্ডিয়ান প্ৰিমীয়াৰ লীগ চমুকৈ আই পি এলৰ জৰিয়তে হৈছিল। বৰ্তমান সময়ত বি চি চি আইৰ এই লীগ ক্ৰিকেট বিশ্বৰ সবাতোকৈ অৰ্থ উপার্জনকাৰী আৰু জনপ্ৰিয় ক্ৰিকেট লীগ হিচাপে চিহ্নিত হৈছে। আই পি এলত খেলা প্ৰতিগৰাকী খেলুৱৈ এটা সংস্কৰণ খেলিয়ে যথেষ্ট অৰ্থ উপাৰ্জন কৰিবলৈ সক্ষম হয়। পৃথিৱীৰ প্ৰতিখন দেশৰ ক্ৰিকেটাৰে বি চি চি আইৰ অধীনত চলা আই পি এল ত খেলাৰ বাবে অনুমতি লাভ কৰিছিল। কিন্তু মুম্বাইত হোৱা সন্ত্ৰসবাদী আক্ৰমণৰ পিছতে বি চি চি আইয়ে লোৱা সিদ্ধান্ত অনুসৰি পাকিস্তানৰ খেলুৱৈ সকলক আই পি এল খেলাৰ বাবে নিষেধাজ্ঞা আৰোপ কৰা হয়। সেই নিষেধাজ্ঞা আজিও বলৱত হৈ আছে। পাকিস্তান সমৰ্থিত সন্ত্ৰসবাদীয়ে ভাৰতত কৰা বিভিন্ন কূটঘটমূলক কাৰ্যকলাপৰ পিছতে পাকিস্তানৰ সৈতে ভাৰতীয় জাতীয় ক্ৰিকেট দলটোৱে কোনো ক্ৰিকেট খেল নেখেলাৰ দাবী উত্থাপন হৈ আহিছিল যদিও সেয়া সম্পূৰ্ণৰূপে কাৰ্যত ফলপ্ৰসূ হোৱা নাছিল। বিভিন্ন সমস্যাৰ বাবে এই দাবী কাৰ্যক্ষেত্ৰত ফলপ্ৰসূ কৰাত বি চি চি আই বাধাৰ সন্মুখীন হৈ আহিছিল। বৰ্তমান কিন্তু খবৰ ওলাইছে যে সেই সকলো বাধাক নেওচি বি চি চি আইয়ে ঘোষণা কৰিছে যে এছিয়ান ক্ৰিকেট কাউন্সিলৰ অধীনত অনুষ্ঠিত হব লগীয়া কোনো খেলত ভাৰতীয় ক্ৰিকেট দলে অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিব। এই বছৰতে অনুষ্ঠিত হব লগা ইমাৰ্জিঙ মহিলা এছিয়া কাপ আৰু পুৰুষৰ এছিয়া কাপত অংশগ্ৰহণ নকৰে ভাৰতীয় দল দুটাই। এই খবৰ বি চি চি আইয়ে আনুষ্ঠানিক ভাৱে ৰাজহুৱা কৰা নাই যদিও এই খবৰ বিভিন্ন মাধ্যমৰ জৰিয়তে বিয়পি পৰাৰ লগে লগে ভাৰতীয় ক্ৰিকেট অনুৰাগী সকলক যথেষ্ট উৎফুল্লিত হোৱা দেখিবলৈ পোৱা গৈছে। আচলতে যিহেতু খবৰ ওলাইছে যে ভাৰতে ইতিমধ্যে এছিয়া কাপৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰিছে গতিকে তেনে স্থলত বৰ্তমান বহুলভাৱে চৰ্চিত প্ৰশ্নটো হৈছে ভাৰতৰ উপস্থিতি অবিহনে এছিয়া কাপ অনুষ্ঠিত কৰাটো সম্ভৱপৰ হৈ উঠিবনে ? যদি এছিয়া কাপ অনুষ্ঠিত কৰা হয় তেনেহলে এই প্ৰতিযোগিতাখনৰ বাবে স্পন্সৰ ক’ৰ পৰা লাভ কৰিব। যিহেতু ক্ৰিকেট বিশ্বত কেৱল আৰু কেৱল ভাৰতীয় ক্ৰিকেট দলটোৱে খেলা খেল সমূহতহে অধিক উপাৰ্জন হয় তেনে ক্ষেত্ৰত ভাৰতীয় দলৰ অনুপস্থিতিত এছিয়ান ক্ৰিকেট কাউন্সিলৰ বাবে এছিয়া কাপৰ যিকোনো প্ৰতিযোগিতা অনুষ্ঠিত কৰাটো যথেষ্ট প্ৰত্যাহ্বানৰ সৃষ্টি হোৱাটো নিশ্চিত। হয়তো অৰ্থৰ অভাৱত আগন্তক এছিয়া কাপ অনুষ্ঠিত নহবও পাৰে। ইয়াৰ উপৰিও পাকিস্তান ক্ৰিকেট বোৰ্ডৰ উপৰিও বহু পাকিস্তানী ক্ৰিকেটাৰে ভাৰতৰ সৈতে দ্বীপক্ষীয় শৃংখলা অনুষ্ঠিত কৰাৰ বাবে পোষকতা কৰি আহিছে। কিন্তু পাকিস্তানৰ সেই অনুৰোধত চেঁচা পানী পেলাই বিশ্বকাপ অথবা এছিয়া কাপৰ খেলৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট বৰ্ড চমুকৈ আই চি চিৰ পৰা পাকিস্তান ক্ৰিকেট বোর্ডে লাভ কৰা ধনৰো ৰাস্তা বন্ধ কৰাৰ দিশে অগ্ৰসৰ হৈছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ড। যদি ভাৰতে এছিয়া কাপৰ দৰে বিশ্বকাপ ক্ৰিকেটৰ মজিয়াটো পাকিস্তানৰ বিৰুদ্ধে খেলিবলৈ অনিচ্ছুক হয় তেনেহলে পাকিস্তান ক্ৰিকেট বোৰ্ডৰ অৰ্থ উপাৰ্জনৰ পথ বন্ধপ্ৰায় হৈ পৰিব। ভাৰত চৰকাৰে পাকিস্তানক সামৰিক, কূটনৈতিক আৰু অৰ্থনৈতিকভাবে যথেষ্ট প্ৰত্যাহ্বান সৃষ্টি কৰিবলৈ ইতিমধ্যে সক্ষম হৈছে। পাকিস্তানৰ বিৰুদ্ধে চলি থকা অপাৰেচন সিন্দূৰৰ এয়া এক অংশ বুলি পোনপটীয়াকৈ কোৱাটো সম্ভৱ নহয় যদিও পাকিস্তান ক্ৰিকেট বৰ্ড চমুকৈ পি চি বি কিন্তু বি চি চি আইৰ এই সিদ্ধান্তৰ পিছত যথেষ্ট আৰ্থিক প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাটো নিশ্চিত। বি চি চি আইৰ এই সিদ্ধান্তত যদিও কোনো আনুষ্ঠানিকতা নাই তথাপিও প্ৰতিগৰাকী দেশবাসীয়ে বিচাৰিব বোর্ডে কেৱল সাময়িক সিদ্ধান্ত নহৈ এক স্থায়ী সিদ্ধান্ত হোৱাটো বৰ্তমান সময়ত অতিকৈ জৰুৰী। অন্যথা পাকিস্তানে কেতিয়াও নিজৰ চৰিত্ৰ ঠিক কৰিবলৈ তৎপৰতা নেদেখুৱাব।