দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক মৃত্যুৰ ভাবুকি

দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক মৃত্যুৰ ভাবুকি

ৰঙিলী বাৰ্ত্তাসেৱা-   দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক মৃত্যুৰ ভাবুকি। এক ফোনকল যোগে মুখ্যমন্ত্রী গুপ্তাক মৃত্যুৰ ভাবুকি দিয়াৰ পিছতেই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। তথ্য মতে বৃহস্পতিবাৰে নিশা প্রায় ১১ বজাত গাজীয়াবাদ আৰক্ষীয়ে আৰক্ষী নিয়ন্ত্ৰণকক্ষৰ পৰা এই তথ্য লাভ কৰিবলৈ সক্ষম হয় যে, কোনো অচিনাক্ত ব্যক্তিয়ে দিল্লীৰ মুখ্যমন্ত্রী গুপ্তাক মৃত্যুৰ ভাবুকি প্রদান কৰিছে। গাজিয়াবাদ আৰক্ষীয়ে এই বিষয়টো লগে লগে দিল্লী আৰক্ষীক অৱগত কৰে। দিল্লী আৰক্ষীয়ে তৎপৰতাৰে কল কৰা ফোন নম্বৰ সংগ্ৰহ কৰি তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে যিটো ফোন নম্বৰৰ পৰা দিল্লী মুখ্যমন্ত্ৰীগৰাকীক মৃত্যুৰ ভাবুকি প্রদান কৰা হৈছে সেই ফোন নম্বৰটো বৰ্তমান ছুইটছ অফ হৈ আছে। এইলৈ আৰক্ষী বিপাঙত পৰিছে যদিও তদন্ত অভিযান অব্যাহত আছে।