অধিবক্তা নম্ৰতা বৰাক হত্যা কৰাৰ সন্দেহঃ হিন্দু সুৰক্ষা সেনা,অসমৰ

অধিবক্তা নম্ৰতা বৰাক হত্যা কৰাৰ সন্দেহঃ হিন্দু সুৰক্ষা সেনা,অসমৰ

ৰঙিলী বাৰ্ত্তাসেৱা- হিন্দু সুৰক্ষা সেনা,অসমৰ সভাপতি কাঞ্চন নাথে অধিবক্তা নম্ৰতা বৰাৰ হত্যা সন্দৰ্ভত সমগ্ৰ ঘটনাটো সন্দেহ প্ৰকাশ কৰি ক’য় যে মংগলবাৰে মাজনিশা এনেকুৱা কি কাম ওলাল যে মাজৰাতি শিলংঙলৈ যাব লাগে৷তেওঁ পুনৰ কয় যে শিলংঙলৈ যাওঁতে নংপোত ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা বাহনত যদি খুন্দা মাৰিছিল তেতিয়া হ’লে উক্ত বাহনখনৰ সমুখৰ ভাগটো হে ডেমিষ্ট হ’ব লাগে কিন্ত বাহনখনৰ আগভাগৰ অংশ একো নহৈ পিছফালে দৰজাখন ডেমিষ্ট য’ত নম্ৰতাই বহি আছিলে তাত কেনেকৈ ডেমিষ্ট হ’ল৷ যদি সচাকৈয়ে দুৰ্ঘটনা সংগঠিত হৈছিল তেতিয়া হ’লে উক্ত স্থান এৰি কিয় আনাযুতুল আৰু বাহনচালক ইছমাইলে পলায়ন কৰিছিলে৷ বাহনখনত চালক সহকাৰে চাৰি জন ব্যক্তি আছিলে কিন্ত কাৰোঁ একো নহ’ল কেবল নম্ৰতাৰেই কিয় গুৰুত্বৰ আঘাতপ্ৰাপ্ত হ’ল বুলি ব্যক্ত কৰে৷