অসম সাহিত্য সভাৰ লেখক শিবিৰ আৰম্ভ
সাহিত্য সভাত অসাহিত্যিকৰ দপদপনি নিৰ্মূল কৰাৰ প্ৰয়াস কৰা হ’ব : ড° বসন্তকুমাৰ গোস্বামী
বৰেণ্য ব্যক্তিৰ সুবাসে নগাঁৱৰ সমাজ জীৱনৰ ভেটি শক্তিশালী কৰিছে : ৰূপক শৰ্মা
নাগালেণ্ডত লেখক-কবিৰ সংখ্যা বৃদ্ধি হৈছেঃ মনালিছা ছাংকিজা
ৰঙিলী বাৰ্ত্তাসেৱা- তিনিদিনীয়াকৈ নগাঁও জিলা পুথিভঁৰালত অসম সাহিত্য সভাৰ উদ্যোগত সভাৰ নগাঁও আঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত নগাঁও ,মৰিগাঁও আৰু হোজাই জিলা শাখাৰ সহযোগত অনুষ্ঠিত হৈছে লেখক-শিৱিৰ। পুৱাৰ ভাগত অনুষ্ঠিত উদ্বোধনী সভাত সভাপতিত্বত কৰি অসম সাহিত্য সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামীয়ে কয় যে অসম সাহিত্য সভাৰ ইতিহাসত লেখক শিৱিৰ ১৯৭৩ চনত গুৱাহাটীত সাদিন ধৰি অনুষ্ঠিত হৈছিল। লেখক শিৱিৰৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে উল্লেখ কৰি ড° গোস্বামীয়ে কয় —অন্যান্য দেশত লেখক শিৱিৰ সঘনে হয়। এই শিৱিৰৰ জৰিয়তে সমকালীন ভাষা আৰু সাহিত্যৰ সমস্যা আদিৰ বিষয়ে আলোচনা কৰিব পাৰি। লগতে সাহিত্যৰ ভৱিষ্যৎ দিক্-নিৰ্ণয়কো এই আলোচনাত সামৰি লোৱা হয়। অৱশ্যে লেখকসকলক দিক্ নিৰ্ণয় কৰি দিয়াটো সম্ভৱ নহয়। লেখকসকল বিশ্ব সংসাৰৰ অকলশৰীয়া আৰু ব্যক্তিগত চিন্তাৰ বাহক বুলি মন্তব্য কৰি ড° গোস্বামীয়ে কয় যে লেখকৰ ভাৱ আৰু শৈলীৰ স্বাধীনতাত কোনেও হস্তক্ষেপ কৰিব নোৱাৰে। কিন্তু লেখকসকলে যুগৰ দাবীকো আওকাণ কৰিব নোৱাৰে। সাহিত্যক জীৱনৰ অভিজ্ঞতা বুলি কোৱা হয়। প্ৰসংগক্ৰমে ড° গোস্বামীয়ে অসম সাহিত্য সভা সাহিত্যিকবিহীন সভা , অসাহিত্যকৰ দপদপনি অধিক বুলি মাজে মাজে উঠা অভিযোগৰ বিষয়ে উল্লেখ কৰি কয় যে সাহিত্য সভাক সাহিত্যিকসকলৰ কাষ চপাই নিব লাগিব৷সাহিত্যিকসকলৰ মনো জগতৰ খবৰ সাহিত্য সভাই ল’ব লাগিব বুলি উল্লেখ কৰি তেওঁ কয় সভাত অসাহিত্যিকৰ দপদপনি নিৰ্মূল কৰাৰ প্ৰয়াস কৰা হব। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই আঁত ধৰা অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰি লেখক শিবিৰৰ আদৰণি সমিতিৰ সভাপতি তথা নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই নগাঁৱৰ ইতিহাস উল্লেখ কৰি কয়— মধ্য অসমৰ ঐতিহ্যৰ বাৰ্তা বাহক নগাঁও। নগাঁৱক লৈ আমি নগাঁওবাসীয়ে গৌৰৱ কৰো। নগাঁৱত জন্ম লাভ কৰা মানেই কৃতিত্ব আৰু গৌৰৱৰ অধিকাৰী। তেওঁ লগতে কয় যে চতুৰ্দশ শতিকাতে বৰাহী ৰজাৰ দিনত মাধৱ কন্দলিয়ে ৰামায়ণ ৰচনা কৰিছিল আৰু পঞ্চদশ শতিকাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম নগাঁৱৰ বটদ্ৰৱাত হৈছিল। ১৮৯৫ খ্ৰীষ্টাব্দত অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথম শাখা গঠন হয় নগাঁৱত। প্ৰাক-ঐতিহাসিক কালৰে পৰা বৰ্তমানলৈকে নগাঁৱৰ বৰেণ্য ব্যক্তিসকলৰ কথা উল্লেখ কৰি বিধায়ক শৰ্মাই কয় যে বহু বৰেণ্য ব্যক্তিৰ সুবাসে নগাঁৱৰ সমাজ জীৱনৰ ভেটি শক্তিশালী কৰি থৈ গৈছে। বিভিন্ন জাতি- উপজাতিৰ অসমভুমিৰ নগাঁও মহামিলনৰ তীৰ্থ। লেখকসকল সদায় সামাজিকভাৱে প্ৰতিশ্ৰুতিৱদ্ধ, জনসাধাৰণৰ শক্তিৰ উৎস, এক জাতীয় সংকট মোচনৰ প্ৰাণকেন্দ্ৰ বুলি অভিহিত কৰি শৰ্মাই কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাৰ বাবে আজি অসমত গ্ৰন্থ অধ্যয়ন কৰা লোকৰ সংখ্যা বৃদ্ধি হৈছে। নগাঁৱত নিৰ্মাণ হৈ থকা বটদ্ৰৱা প্ৰকল্প ,সুধাকণ্ঠ ড° ভূপেন হাজৰিকা কলাতীৰ্থ ,মৰিকলং বিলৰ উন্নয়ন আদিৰ কথা উল্লেখ কৰি নগাঁৱক পৰ্যটনৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়াসৰ কথা বিধায়ক শৰ্মাই উল্লেখ কৰে। তেওঁ লগতে কয় এইবাৰ অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাটো জাতিটোৰ বাবে ভালখবৰ। আজি লেখক শিবিৰ উদ্ধোধন কৰি দিয়া ভাষণত নাগালেণ্ডৰ বিশিষ্ট কবি, সাংবাদিক মনালিছা ছাংকিজাই সকলোকে শুভেচ্ছা জনাই কয় যে এই শিৱিৰত অংশ গ্ৰহণ কৰিবলৈ পোৱাটো মোৰ বাবে এক বৃহৎ সন্মান আৰু সৌভাগ্যৰ কথা। সন্দেহ নাই এই শিৱিৰ ৰোমাঞ্চকৰ আৰু গম্ভীৰ হৈছে। কাৰণ এই শিবিৰত শিক্ষণ আৰু গ্ৰহণ, অনুভৱ ,অভিজ্ঞতাৰ চিন্তা ,ভাগ-বতৰা আদি বিষয়ৰ ওপৰত মত বিনিময় হোৱাৰ সুযোগ আছে। মই ভালদৰে অসমীয়া ক’ব নাজানো বুলি উল্লেখ কৰি ছাংকিজাই ইংৰাজীতে দিয়া ভাষণত উল্লেখ কৰে যে বন্ধন আৰু দৃঢ় বন্ধুত্ব গঢ়ি তোলাৰ সুযোগ শিৱিৰত লাভ কৰিব। ই গুৰু আৰু গাইডৰ আশীৰ্বাদৰ সৈতে সংযোগ স্থাপনৰ সময় হিচাপে বিবেচিত হব। সাহিত্যৰ ন’বেল বঁটা বা সাহিত্য অকাদেমি বঁটা আপুনি নাপাব পাৰে ,কিন্তু সাহিত্যিক আৰু কবি হিচাপে আপোনাৰ জীৱন সম্পূৰ্ণ হ’ব বুলি তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। অসমৰ দৃশ্যপট মই নাজানো বুলি নাগালেণ্ডৰ কথা উল্লেখ কৰি ছাংকিজাই কয়— আজিকালি নাগালেণ্ডত লেখক-কবিৰ সংখ্যা বাঢ়িছে আৰু ইয়াৰ অধিকাংশই যুৱক – যুৱতী। এসময়ত তেওঁক সাংবাদিক বুলি উপহাস কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে — মই আগবাঢ়ি গৈছিলোঁ। উত্তৰ-পূবৰ সম্প্ৰদায় আৰু সমাজ-ধৰ্মীয় আৰু অন্যান্য সাংস্কৃতিক বৈচিত্ৰ্য নিৰ্বিশেষে গুৰুত্বপূৰ্ণ। সফলতাৰ সঠিক সংজ্ঞা নাজানো বুলি উল্লেখ কৰি তেওঁ কয় যে মোৰ বিশ্বাস এজন সফল মানুহ হোৱাটো গুৰুত্বপূৰ্ণ। অনুষ্ঠানত সভাৰ উপসভাপতি পদুম ৰাজখোৱাই শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে। অনুষ্ঠানত নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড° শৰৎ বৰকটকী, মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড° হৰমোহন কলিতা, লেখক শিৱিৰৰ আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি মৃণাল হাজৰিকা, সভাৰ নগাঁও আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক ৰেৱত কুমাৰ হাজৰিকা, নগাঁও ,মৰিগাঁও আৰু হোজাই জিলা শাখা সভাৰ সম্পাদক ক্ৰমে ৰাজীৱ কুমাৰ হাজৰিকা ,কুশল বৰা ,অচ্যুত ঠাকুৰীয়াৰ লগতে নিত্যানন্দ বৰা ,থগিত মহন্ত আদিয়ে অংশগ্ৰহণ কৰে। চিৰ চেনেহী মোৰ ভাষা জননী শীৰ্ষক গীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত অসম সাহিত্য সভাৰ পৰম সুহৃদ হিতৈষী সদস্য পদ গ্ৰহণ কৰা নগাঁৱৰ কঠিয়াতলিৰ শিক্ষাবিদ ভীষ্ম দুৰ্লভ মহন্তক সম্ভাষণ জনোৱা হয়। ইয়াৰ পিছতে অনুষ্ঠিত হয় কবিতা অধিৱেশনৰ প্ৰথম বৈঠক।সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক ড° জ্যোতিৰেখা হাজৰিকাই আঁত ধৰা বৈঠকখন সঞ্চালনা কৰে অধ্যাপক তথা কবি ৰাজীৱ বৰাই। বৈঠকত বিশিষ্ট কবি দিগন্ত শইকীয়া, বৈদ্যব্ৰাইট বুঢ়াগোহাঁই, নীলম গগৈ আদিয়ে কবিতাৰ বিভিন্ন দিশ ব্যাখ্যা কৰে। বিয়লি কবিতা অধিৱেশনৰ দ্বিতীয় বৈঠক অনুষ্ঠিত হয়। সাহিত্যিক ড° মঞ্জু লস্কৰে উদ্ধোধন কৰা এই বৈঠকত সঞ্চালনা কৰে কবি অনুভৱ তুলসীয়ে। বৈঠকত আলোচক হিচাপে প্ৰদীপ শইকীয়া, অমিয়া পাটৰ, নৱ ৰাজন আদিয়ে অংশগ্ৰহণ কৰি কবিতা সম্পৰ্কীয় বিভিন্ন বিষয়ত আলোকপাত কৰে।। কাইলৈ নগাঁও জিলা সাহিত্য সভাৰ কমলাদেৱী টোডী ভবনত চুটিগল্প আৰু নগাঁও জিলা পুথিভঁৰালত উপন্যাস সম্পৰ্কীয় বৈঠক অনুষ্ঠিত হব। ৮ জুনত নগাঁও সাংস্কৃতিক প্ৰকল্পত নাটক সম্পৰ্কীয় বৈঠকৰ পিছত লেখক শিবিৰৰ সামৰণি পৰিব।